March 20, 2025 6:19 PM

views 65

বজালীৰ বেলনা গাঁওলৈ ২০২৪ বৰ্ষৰ সংস্কাৰ ধবনি স্বচ্ছতা বঁটা

স্বচ্ছতা অভিযানক কাৰ্যকৰীকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বজালীৰ বেলনা গাঁওলৈ ২০২৪ বৰ্ষৰ সংস্কাৰ ধবনি স্বচ্ছতা বঁটা আগবঢ়োৱা হৈছে। কৃষিজীৱি গাঁওবাসীয়ে কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তীতাৰ জৰিয়তে অতি কম দিনৰ ভিতৰত প্লাষ্টিক বৰ্জনৰ দৰে পদক্ষেপ গ্ৰহণ কৰি পৰিষ্কাৰ-পৰিচ্চন্নতাৰ ক্ষেত্ৰত ৰাজ্যজুৰি আদৰ্শ দাঙি ধৰিছে। ২০১৯ চনত ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে গাঁওখনক অসমৰ প্ৰথমখন প্লাষ্টিকমুক্ত গাঁও হিচাপে ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মন কী বাত অনুষ্ঠানত বে...

January 31, 2025 10:19 AM

views 58

৫ দিনীয়াকৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

● বজালী জিলাৰ পাঠশালাত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰে আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্ৰজ্বলন কৰে। কিছুসময়ৰ পূৰ্বে পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰে। সাহিত্য সভাৰ অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজ...

January 30, 2025 10:52 AM

views 59

পাঠশালাত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা ৫দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই কালি অধিৱেশনৰ বিতং কাৰ্যসূচী ঘোষণা কৰে। কাইলৈ পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰিব আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্রজ্বলন কৰিব। পুৱা ৯ বজাত পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে...

August 30, 2024 8:37 PM

views 60

বজালী জিলা যুৱ-সাংবাদিক সন্থাৰ উদ্যোগত ‘সংবাদ সান্নিধ্য’ শীর্ষক সাংবাদিকতা কর্মশালা

বজালী জিলা যুৱ-সাংবাদিক সন্থাৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত বিশ্ববিদ্যালয়খনৰ সভাগৃহত তিনিদিনীয়াকৈ ‘সংবাদ সান্নিধ্য' শীর্ষক সাংবাদিকতা কর্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাৰ সামৰণিৰ দিনটোত আজি বিশ্ববিদ্যালয়খনৰ অতিথি অধ্যাপক ডº জয়জিৎ ডেকাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগৰ বাৰ্তা সম্পাদক শান্তনু ৰৌমূৰীয়াই প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে। ২৮ তাৰিখে আৰম্ভ হোৱা কৰ্মশালাখনত সাংবাদিক পৰাগ দাসৰ স্মৃতিত বিশেষ কাৰ্যসূচী ৰূপায...

June 28, 2024 12:38 PM

views 61

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ ‘Youth for Rural Re-construction’ শীর্ষক ৭ দিনীয়া সজাগতামূলক কাৰ্যসূচী

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ দওধাৰা, কামাৰ্দৈছা আৰু ৰান্ধনিপাৰা গাঁৱত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা কোষৰ পৰা ‘Youth for Rural Re-construction' শীর্ষক ৭ দিনীয়া সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলাখনৰ ভূটান সীমান্তত সংলগ্ন হৈ থকা এই গাঁও তিনিখনত গাঁও অঞ্চলৰ পৰ্যটন, স্বাস্থ্য সেৱা, বড়ো জনজাতিৰ হস্ততাঁত আদিকে ধৰি বিভিন্ন দিশত এই কাৰ্যসূচীত গুৰুত্ব দিয়া হৈছে। অনুষ্ঠানত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰববী অধ্যাপক অন্দিম তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্...