স্বচ্ছতা অভিযানক কাৰ্যকৰীকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বজালীৰ বেলনা গাঁওলৈ ২০২৪ বৰ্ষৰ সংস্কাৰ ধবনি স্বচ্ছতা বঁটা আগবঢ়োৱা হৈছে। কৃষিজীৱি গাঁওবাসীয়ে কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তীতাৰ জৰিয়তে অতি কম দিনৰ ভিতৰত প্লাষ্টিক বৰ্জনৰ দৰে পদক্ষেপ গ্ৰহণ কৰি পৰিষ্কাৰ-পৰিচ্চন্নতাৰ ক্ষেত্ৰত ৰাজ্যজুৰি আদৰ্শ দাঙি ধৰিছে। ২০১৯ চনত ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে গাঁওখনক অসমৰ প্ৰথমখন প্লাষ্টিকমুক্ত গাঁও হিচাপে ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মন কী বাত অনুষ্ঠানত বেলনা গাঁওবাসীয়ে পৰিষ্কাৰ-পৰিচ্চন্নতাৰ কাৰণে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। অহা ২৩ মাৰ্চত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত হ’বলগীয়া এটা অনুষ্ঠানত গাঁওখনলৈ সংস্কাৰ ধবনি স্বচ্ছতা বঁটা আগবঢ়োৱা হ’ব।
Assamese | March 20, 2025 6:19 PM | Bajali
বজালীৰ বেলনা গাঁওলৈ ২০২৪ বৰ্ষৰ সংস্কাৰ ধবনি স্বচ্ছতা বঁটা