April 3, 2025 1:06 PM

views 56

ৰাণা প্রতাপ কলিতালৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই আজি বিয়লি ৩ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্রদান কৰিব। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হৈছে। সংগীত শিল্পী দ্বিপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা চেত্ৰী আৰু টাটা কনচালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° এছ ৰামডুৰাই, ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহ...

March 5, 2025 12:10 PM

views 40

ড° শুভ্রকিংকৰ গোস্বামীলৈ ভাৰতীয় চিকিৎসা সন্থাৰ চলিত বছৰৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা

ভাৰতীয় চিকিৎসা সন্থাই ৰাজ্যৰ এগৰাকী বিশিষ্ট লেখক তথা চকুৰোগ বিশেষজ্ঞ ড° শুভ্রকিংকৰ গোস্বামীলৈ চলিত বছৰৰ শ্ৰেষ্ঠ সাহিত্যিকৰ বঁটা আগবঢ়াইছে। অহা ৭ আৰু ৮ মাৰ্চত শিলচৰত হ'বলগীয়া সন্থাৰ দ্বিবার্ষিক অধিৱেশনত ডাঃ গোস্বামীক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। শেহতীয়াকৈ প্রকাশিত উপন্যাস ‘নীল নক্ষত্ৰৰ সুৰ’ৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।

February 28, 2025 1:36 PM

views 93

২০২৪ আৰু ২০২৫ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্রাপ্ত ব্যক্তি, প্রতিষ্ঠানসমূহৰ নাম ঘোষণা

ৰাজ্য চৰকাৰৰ বিজ্ঞান প্রযুক্তি তথা জলবায়ু পৰিৱৰ্তন বিভাগে কালি ২০২৪ আৰু ২০২৫ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্রাপ্ত ব্যক্তি, প্রতিষ্ঠানসমূহৰ নাম ঘোষণা কৰে। আই আই টি গুৱাহাটীৰ প্রাক্তন সঞ্চালক প্ৰফেচাৰ এমেৰিটাছ ড০ গৌতম বৰুৱালৈ ২০২৪ চনৰ ৰাজ্যিক বিজ্ঞান বঁটা শিতানত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত জীৱনজোৰা কৃতিত্বৰ বাবে বঁটা আগবঢ়োৱা হৈছে। আই আই টি গুৱাহাটীৰ ইলেকট্ৰনিকছ আৰু বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ড০ তন্ময় দত্তলৈ যুৱ বিজ্ঞানী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ ফাৰ্মাচ...

December 31, 2024 7:05 PM

views 54

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীলৈ ২০২৪ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি হিচাপে দিলীপ তামুলীলৈ এই বঁটা আগবঢ়োৱা হৈছে। ২০০২ চনৰ পৰা প্ৰয়াত চিত্রশিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ একোগৰাকী শিল্পীলৈ এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে - এটা স্মাৰক, এখন প্রশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকা। উল্লেখযোগ্য যে ১৯৫৮ চনত মাজুলীত জন্মগ্ৰহণ কৰা শিল্পী দিলীপ তামুলীয়ে শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পৰা গ...

December 11, 2024 10:31 AM

views 68

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২৬,৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰেপৰা ২৬ হাজাৰ ৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা আগবঢ়োৱা হ'ব। এই কাৰ্যসূচীৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ'ব। আনহাতে ৬০ বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃৰ্তিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসক স্কুটী বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হ'ব। তেওঁ কয়, যে আনন্দৰাম বৰুৱা বঁটাপ্ৰাপ্ত শিক্ষার্থীক বেংক একাউণ্টৰ জৰিয়তে ১২,৫০০ টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই বঁটা...

October 14, 2024 8:14 PM

views 55

ববিতা শর্মালৈ কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা

অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠিত কিৰণ তামূলী শিশু সাহিত্য ন্যাসে চলিত বৰ্ষৰ বাবে প্ৰদান কৰা কিৰণ তামূলী শিশু সাহিত্য পর্যালোচনা বঁটা ববিতা শর্মালৈ আগবঢ়োৱা হৈছে। শিশু সাহিত্যৰ সুবাস শীৰ্ষক গ্ৰন্থৰ বাবে লেখিকাগৰাকীয়ে এই বঁটা লাভ কৰিছে। ২০১৯ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰকাশিত সৃষ্টিমূলক শিশু সাহিত্য, শিশু সাহিত্য পর্যালোচনা, শিশু সাহিত্য অলংকৰণ আৰু শিশু সাহিত্য প্রকাশন এই চাৰিটা শিতানত শিশু গ্রন্থ আহ্বান জনোৱা হৈছিল। অহা ২৩ অক্টোবৰত যোৰহাটত নেচনেল বুক ট্রাষ্ট অৱ ইণ...

October 8, 2024 6:45 PM

views 49

গল্পকাৰ পাপৰি বৰ্মনলৈ ৩০ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

২০২৪ বৰ্ষৰ ৩০ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা ‘পৰুৱা পোহনীয়া’ শীৰ্ষক ছুটি গল্প সংকলনৰ বাবে তৰুণ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ পাপৰি বৰ্মনলৈ আগবঢ়োৱা হৈছে। সাহিত্যিক সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাক উদ্গানি যোগোৱাৰ বাবে ১৯৯৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে – নগদ ৫০ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তি পত্র।