ৰাজ্য চৰকাৰৰ বিজ্ঞান প্রযুক্তি তথা জলবায়ু পৰিৱৰ্তন বিভাগে কালি ২০২৪ আৰু ২০২৫ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্রাপ্ত ব্যক্তি, প্রতিষ্ঠানসমূহৰ নাম ঘোষণা কৰে। আই আই টি গুৱাহাটীৰ প্রাক্তন সঞ্চালক প্ৰফেচাৰ এমেৰিটাছ ড০ গৌতম বৰুৱালৈ ২০২৪ চনৰ ৰাজ্যিক বিজ্ঞান বঁটা শিতানত বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত জীৱনজোৰা কৃতিত্বৰ বাবে বঁটা আগবঢ়োৱা হৈছে। আই আই টি গুৱাহাটীৰ ইলেকট্ৰনিকছ আৰু বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ড০ তন্ময় দত্তলৈ যুৱ বিজ্ঞানী বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটীৰ ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান নাইপাৰে অসমত বৈজ্ঞানিক গৱেষণাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বঁটা লাভ কৰিছে। একেদৰে ২০২৫ বৰ্ষৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ দিলীপ কুমাৰ চৌধুৰীলৈ বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত জীৱনজোৰা কৃতিত্বৰ বাবে বঁটা আগবঢ়োৱা হৈছে। জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদার্থ বিজ্ঞানৰ বাবে আন্তঃবিশ্ববিদ্যালয় কেন্দ্ৰ পুণেৰ পোষ্ট ডক্তৰেল গৱেষক ড০ অংশুমান বৰগোঁহায়ে যুৱ বিজ্ঞানী বঁটা লাভ কৰিছে। লখিমপুৰৰ অসম বিজ্ঞান লেখক সংস্থাক বৈজ্ঞানিক গৱেষণাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বঁটাৰ বাছনি কৰা হৈছে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে এই বঁটা আগবঢ়াই আহিছে।
Assamese | February 28, 2025 1:36 PM | Award
২০২৪ আৰু ২০২৫ বৰ্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ বাবে বাছনিপ্রাপ্ত ব্যক্তি, প্রতিষ্ঠানসমূহৰ নাম ঘোষণা