May 11, 2024 8:01 PM

views 42

ইণ্ডিয়ান অইল ক’ৰ্পোৰেচন লিমিটেডৰ গুৱাহাটী ইণ্ডেন মণ্ডল কাৰ্যালয়ৰ উদ্যোগত নগাঁৱত সজাগতামূলক কার্যসূচী

ভাৰত চৰকাৰৰ অন্যতম ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত ইণ্ডিয়ান অইল ক'ৰ্পোৰেচন লিমিটেডৰ গুৱাহাটী ইণ্ডেন মণ্ডল কাৰ্যালয়ৰ উদ্যোগত আজি নগাঁৱত এটা সজাগতামূলক কার্যসূচী গ্ৰহণ কৰা হয়। নগাঁও নাট্যমন্দিৰত অনুষ্ঠিত এই কাৰ্যসূচীত জিলাখনৰ ৰন্ধন গেছৰ বিভিন্ন বিতৰকৰ যোগান ধৰোতা আৰু মেকানিক সকলৰ সৈতে মত বিনিময় অনুষ্ঠান সম্পন্ন কৰা হয়। এই অনুষ্ঠানত ইণ্ডিয়ান অইলৰ ৰাজ্যিক কাৰ্যলয়ৰ মহাপ্রবন্ধক দিনেশ প্রসাদ বিদ্যার্থীকে ধৰি কেইবাজনো বিষয়াই অংশগ্রহণ কৰে। ইয়াৰ লগতে নগাঁৱৰ অগ্নি নির্বাপক বাহিনীৰ সহযোগতো অগ্নি প্ৰতিৰোধ...

May 11, 2024 7:58 PM

views 31

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰীৰ বিলাসীপাৰাৰ বৰবৰুৱাঝাৰ গাঁও আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই তিনিটা মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক আটক কৰে। উল্লেখযোগ্য যে কিছুদিন আগেয়ে অঞ্চলটোত আৰক্ষীয়ে কেইবাজনো মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। ইপিনে নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়ে চলোৱা দুটা সুকীয়া অভিযানত দুজন মাদক দ্রব্য সৰবৰাহকাৰীক আটক কৰা হৈছে। ৰূপহীহাটৰ কুচগাঁও আৰু তামুলীটুপত যোৱা নিশা চলোৱা অভিযানত আৰক্ষীয়ে লোক দুজনক আটক কৰে। ধৃত লোক দুজনৰ পৰা আৰক্ষী...

May 11, 2024 7:56 PM

views 48

আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস

আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস। পৰিভ্ৰমী পক্ষীসমূহৰ সংৰক্ষণ, সজাগতাৰ বাবে সমগ্ৰ বিশ্বতে আজিৰ দিনটো পৰিভ্ৰমী পক্ষী দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে মাজুলীত আর্যভট্ট বিজ্ঞান কেন্দ্র, উজনী মাজুলী আৰু মাজুলী বন বিভাগৰ সহযোগত ৰতনপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰাই চোং পক্ষী অধ্যয়ন আৰু গৱেশণা কেন্দ্ৰৰ উদ্যোগত আয়োজিত অনুষ্ঠানতটোত চৰাই চোং জলাহ অঞ্চলৰ ভৱিষ্যৎ আৰু মাজুলী পক্ষী পৰ্যটনৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয় । গুৱাহাটীতো ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ...

May 9, 2024 9:02 PM

views 33

আক্ৰাছুৰ উদ্যোগত অহা ১১ মে’ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ আয়োজন

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰাবাৰী হাতীবান্ধা আঞ্চলিক সমিতি আৰু টংলা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত অহা ১১ মে'ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিৰ সমাৰোহৰ আয়োজন কৰা হৈছে। সেইদিনা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পাছত স্মৃতি তৰ্পন আৰু গছপুলি ৰোপণ আৰু মুকলি সভা অনুষ্ঠিত হ'ব। সন্ধিয়া সাংস্কৃতিক সমাৰোহত বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠান পৰিবেশন কৰা হ'ব।

May 9, 2024 8:58 PM

views 43

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন

নলবাৰী জিলাৰ দক্ষিণগাঁৱত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, চিকিৎসা মহাবিদ্যালয়খনে পৰৱৰ্ত্তী সময়ত এইমছৰ সৈতে মিলিত হৈ শৈক্ষিক আৰু কাৰিকৰী দিশত সেৱা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এইমছৰ কার্যবাহী স...

May 9, 2024 8:51 PM

views 34

তামুলপুৰৰ দৰঙাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা

তামুলপুৰ জিলাৰ অন্তৰ্গত এন কে দৰঙাত আজি মাদক দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাখনৰ জৰিয়তে ভাৰত-ভূটান সীমান্তৰ এন কে দৰঙাত চলি থকা মাদক দ্ৰব্যৰ বেহাৰ লগতে তিৰ, জুৱা আদিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি সভাত অবৈধ কার্যকলাপ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও কাৰ্যপন্থা গ্ৰহণ কৰাৰ লগতে সন্দেহজনক ব্যক্তিক দেখিলে প্ৰশাসনক খবৰ দিবলৈ ৰাইজক আহ্বান জনোৱা হয়।

May 9, 2024 8:35 PM

views 29

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত অস্ত্রসহ দুজনক আটক

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত আজি চি আৰ পি এফে দুজন যুৱকক অস্ত্রসহ আটক কৰে। যুৱক দুজনৰ পৰা এটা ৯ এম এম পিষ্টল আৰু ৫ জাই গুলি জব্দ কৰা হৈছে। জানিব পৰা মতে, নাগালেণ্ডৰ যুৱকজনে পিষ্টল বিক্ৰী কৰিবলৈ চিংফাঙলৈ অহাৰ সম্ভেদ পাই চি আৰ পি এফৰ দলে অভিযান চলাই যুৱক দুজনক আটক কৰে। সম্প্ৰতি দুয়োজনকে মথুৰাপুৰ থানাত গটাই দিয়াৰ লগতে জেৰা কৰি থকা হৈছে।

May 9, 2024 8:05 PM

views 39

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা পুনৰ আৰম্ভ

♦ ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা আজি পুনৰ আৰম্ভ কৰা হৈছে। জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৱা ৬ মে'ৰ পৰা ফেৰী সেৱা বন্ধ হৈ আছিল। আজি উত্তৰ গুৱাহাটীৰ ৩ টা ঘাট, মধ্যমখণ্ড, ৰজাদুৱাৰ আৰু মাজগাও ঘাটৰ পৰা ফেৰী সেৱা আৰম্ভ হয়। উল্লেখযোগ্য অভ্যন্তৰীণ জল পৰিবহন বিভাগে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩ দিন ফেৰী সেৱা বন্ধ ৰখাৰ ফলত যাত্ৰীসকলৰ সমস্যাৰ সৃষ্টি হৈছিল।

May 9, 2024 8:54 PM

views 47

অসম চিনিয়ৰ্ছ বেডমিন্টন ক্লাবৰ উদ্যোগত ৩ দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত কাইলৈৰ পৰা তিনি-দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিত অংশ ল'ব। আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ কুমাৰে এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। আয়োজকসকলৰ মতে কাইলৈ সন্ধিয়া ৬ বজাত চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং উ...

May 9, 2024 6:55 PM

views 50

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত এটি শিশু মৃত্যুৰ পৰিপ্ৰেক্ষিতত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ স্বাস্থ্যমন্ত্ৰীৰ

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত কালি এটি শিশু মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনাইছে। লগতে তেওঁ ছোৱাইন ফ্লুৰ সংক্রমণ নিশ্চিত কৰি লইয়াৰ আনুসঙ্গিক ঠাইসমূহৰ বিভিন্ন ব্যক্তিৰ শৰীৰৰ পৰীক্ষাৰ লগতে সজাগতা সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ চিকিৎ‍সা মহাবিদ্যালয়সমূহতো প্ৰাৰম্ভিক ব্যৱস্থা গ্...