March 18, 2025 9:11 PM

views 58

২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নিয়োগ কৰা মাণ্ডলিক বিষয়া আৰু ছেক্টৰ বিষয়াসকলৰ সৈতে আজি গোৱালপাৰা জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়া খনীন্দ্ৰ চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত বিষয়াসকলৰ পৰা ভোটগ্রহণ কেন্দ্ৰসমূহৰ বিষয়ে বুজ লোৱা হয়। এই বৈঠকত নিৰ্বাচনৰ বাবে অহা পৰ্যবেক্ষক ৰঞ্জিত কুমাৰ লস্কৰ আৰু ত্ৰিপুৰেন্দ্ৰ পাৰ্টৰ উপস্থিত থাকে। উল্লেখযোগ্য যে এই নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা ...

March 18, 2025 7:49 PM

views 55

শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৩১ কোটি টকা আগবঢ়াবঃ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৩১ কোটি টকা আগবঢ়াব বুলি হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰকাশ কৰিছে। শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু শ্বিলঙৰ উত্তৰ-পূব ভাৰত সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ বস্ত্ৰ শিল্পকে ধৰি ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সমস্যা আৰু সম্ভাৱনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। আলোচনাচক্ৰত অংশগ্ৰহণকাৰী গৱেষকসকলৰ উপৰি অনলাইন মাধ...

March 13, 2025 11:06 AM

views 85

তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। অসম ভ্ৰমণকালত শ্ৰীশ্বাহে নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ বাৰ্ষিক সন্মিলনসহ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰী শ্বাহে পৰহিলৈ ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ ডেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। তাত মন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখাওছঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। যোৱা বছৰৰ ২৩ অক্টোবৰত নতুন দিল্লী...

February 24, 2025 7:07 PM

views 66

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ঊনবিংশ কিস্তিত ৰাজ্যৰ প্ৰায় ২০ লাখ ৮৭ হাজাৰ কৃষকে মুঠ ৪৭৫ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ঊনবিংশ কিস্তিত ৰাজ্যখনৰ প্ৰায় ২০ লাখ ৮৭ হাজাৰ কৃষকে মুঠ ৪৭৫ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে। এই অভিলাসী আঁচনিৰ জৰিয়তে কৃষকসকলক প্রত্যক্ষ আর্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ সমৃদ্ধিশালী জীৱন সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰত আয়োজিত কিষাণ সম্মান সমাৰোহত অংশগ্ৰহণ কৰি সমগ্ৰ দেশৰ ৯ কোটি ৮ লাখৰো অধিক কৃষকৰ বাবে প্রধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তিত ২২ হাজাৰ কোটি টকা আনুষ্ঠানিকভাৱে মুকলি কৰে। দেশৰ বিভিন্ন...

February 23, 2025 11:01 AM

views 57

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্রদেশ, বিহাৰ আৰু অসমৰ তিনি দিনীয়া ভ্রমণসূচী আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মধ্যপ্রদেশ, বিহাৰ আৰু অসমৰ তিনি দিনীয়া ভ্রমণসূচীৰে আজি ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী মোদীয়ে আজি মধ্যপ্ৰদেশৰ চত্তৰপুৰ জিলাৰ বাঘেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। এই চিকিৎসালয়খনত অত্যাধুনিক আহিলা পাতি আৰু বিশেষজ্ঞ চিকিৎসকৰ সহায়ত দুখীয়া কৰ্কট ৰোগীসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব। তেওঁ লগতে ভূপালত দুদিনীয়া গোলকীয় বিনিয়োগ সন্মিলন মুকলি কৰিব। কাইলৈ প্ৰধানমন্ত্ৰী বিহাৰৰ ভাগলপুৰলৈ যাব। সিদিনাখন তেওঁ ভাগলপুৰৰ পৰা প্ৰধা...

February 12, 2025 4:38 PM

views 73

অসমৰ নয়নমণি শ‍ইকীয়াই অনন্য অভিলেখ গঢ়ি ক্রমাগত ৫ খন ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণ পদক জয়

অসমৰ নয়নমণি শ‍ইকীয়াই অনন্য অভিলেখ গঢ়ি ক্রমাগত ৫ খন ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত স্বর্ণ পদক জয় কৰিছে। উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমোৰোহৰ মহিলাৰ ল'ন বলৰ ডাবলছত সোণৰ পদক অৰ্জন কৰি ক্রীড়াবিদগৰাকী এই কৃতিত্বৰ অধিকাৰী হয়। একেদৰে ৰাজ্যৰ আন এগৰাকী ল'নবল খেলুৱৈ বনগীতাই সৰ্বাধিক ৰাষ্ট্ৰীয় ক্রীড়াত অংশ লোৱাৰ অভিলেখ গঢ়িছে।২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমোৰোহত অংশ লৈ খেলুৱৈ জীৱনৰ পাতনি মেলা বনগীতাই ক্রমাগত ৬টা সংস্কৰণত অসমক প্ৰতিনিধিত্ব কৰিছে আৰু প...

February 12, 2025 4:31 PM

views 59

আজি মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, দৰং জিলা প্ৰশাসন, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বিজেপি ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰ পৰা ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী...

February 7, 2025 8:53 PM

views 56

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

ৰাজ্যখনক উদ্ভাৱন আৰু উদ্যোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস হিচাপে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্রস্তুতি চলাই আছে। এডভাণ্টেজ আছামৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাসমূহতো এই বিষয়ক কর্মশালা অনুষ্ঠিত কৰা হৈছে। ধুবুৰী জিলাৰ চাপৰত থকা কৃষি মহাবিদ্যালয়ত ধুবুৰী জিলা আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা ভিত্তিত আয়োজিত কর্মশালাত আজি জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই বিনিয়োগ সন্মিলনৰ বিষয়ে সকলোকে বিত...

January 31, 2025 11:18 AM

views 64

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত টাইজিকোৱন শাখাত অসম দলৰ ছানমা ব্ৰহ্মৰ ৰূপৰ পদক লাভ

উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ ফুটবল দলে জয়ৰে অভিযান আৰম্ভ কৰিছে। অসমে কালি গ্ৰুপ পৰ্যায়ৰ এখন খেলত শক্তিশালী গোৱাক ৩-২ গ'লত পৰাস্ত কৰে। অসমে কালি উশ্বৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াত প্ৰথমটো পদক অৰ্জন কৰে। ছানমা ব্ৰহ্মই উন্মুৰ পুৰুষৰ টাইজিকোৱন শাখাত অসমৰ হৈ ৰূপৰ পদক লাভ কৰে। একেদৰে মহিলাৰ ৪৫ কিলোগ্রাম শাখাত প্রীয়া বড়ো, ৭৫ কিলোগ্রাম শাখাত খুদ্ৰা পাং য়িং আৰু ৫৬ কিলোগ্ৰাম শাখাত ইলিনা ৰাভাই চেমিফাইনেলত প্ৰৱেশ কৰি তিনিটা পদক নিশ্চিত কৰিছে।অসমৰ মহিলা ব...

January 31, 2025 10:51 AM

views 56

আজি মে-ডাম-মেফি

● আজি মে-ডাম-মেফি৷ আহোম জনগোষ্ঠীয় লোকসকলে পৰম্পৰা ৰীতি-নীতিৰে উপৰি পুৰুষক স্মৰণ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান পালন কৰে।টাই-আহোমসকলৰ এই পবিত্ৰ অনুষ্ঠানটিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্রশাসন তথা বৃহত্তৰ কেন্দ্রীয় মে-ডাম-মেফি উদযাপন সমিতিৰ সহযোগত চৰাইদেউ পি এম শ্রী সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয়ভাৱে এই অনুষ্ঠান পালন কৰা হ'ব। দিনৰ ১ বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত সাংস্কৃতিক ...