August 8, 2025 12:49 PM

views 95

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ধাৰাসাৰ বৰষুণৰ আশংকা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আশংকা কৰি নগাঁও আৰু মৰিগাঁও জিলাত ORANGE ALERT জাৰি কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে মধ্য অসমৰ এই জিলা দুখনৰ ঠাই বিশেষে আজি ৭ৰ পৰা ২০ ছেণ্টিমিটাৰ পৰ্যন্ত বিজুলী-ধেৰেকনিৰে বৰষুণ হ'ব পাৰে। বৰষুণৰ আশংকা কৰি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বাবেও বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।

August 5, 2025 11:50 AM

views 65

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি...

August 3, 2025 11:28 AM

views 92

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

July 18, 2025 10:31 AM

views 66

উত্তৰ-পূৰ্বাঞ্চলৰ ২১ খন জিলা বৰষুণৰ ব্যাপক ঘাটি থকা জিলাৰূপে পৰিগণিত

● এইবাৰ বাৰিষা কালত উত্তৰ-পূৰ্বাঞ্চলৰ ২১ খন জিলা বৰষুণৰ ব্যাপক ঘাটি থকা জিলাৰূপে পৰিগণিত হৈছে। ইয়াৰে ভিতৰত অসমৰ ১৩ খন জিলা আছে। বতৰ বিজ্ঞান বিভাগে কোনো জিলাত স্বাভাৱিকতকৈ ৬০ পৰা ৯৯ শতাংশ কম বৰষুণ হ'লে ব্যাপক ঘাটি হোৱা জিলা বুলি গণ্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পহিলা জুনৰ পৰা ১৭ জুলাই সময়ছোৱাৰ বাবে জাৰি কৰা পৰিসংখ্যা অনুসৰি অসমৰ ১৩ খন জিলা বৰষুণৰ ব্যাপক ঘাটি হোৱা জিলাৰূপে পৰিগণিত হৈছে। ৰাজ্যৰ অন্য ১২ খন জিলাত স্বাভাৱিকতকৈ কম বৰষুণ হৈছে। অসমত এইবেলি বাৰিষা কালত ১৬ জুলাই পর্যন্ত স্বাভাৱিকতকৈ ...

July 14, 2025 11:48 AM

views 68

বতৰৰ বতৰা–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৬ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই প্ৰক...

July 11, 2025 10:24 AM

views 103

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই- ই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৫ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ...

June 19, 2025 12:12 PM

views 83

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্রিপুরা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দ...

June 13, 2025 8:15 PM

views 72

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত চলি থকা অতিপাত গৰম আৰু আৰ্দ্ৰ পৰিবেশৰ পৰা ৰাইজে পৰৱৰ্তী ৪৮ ঘণ্টাত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আজি নিশাৰ ভাগলৈ গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত গাজনি ধেৰেকনিৰে মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত কেইবাদিনো ধৰি বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰৰ আগলি বতৰাত কোৱা হৈছে। আজি ৰাজ্যখনৰ ভিতৰত ডিব্ৰুগড়ত সর্বোচ্চ ৩৮ দশমিক ৭ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতা ৰেকৰ্ড কৰা হয়। যোৰহাট, লখিমপুৰ আৰু মা...

June 12, 2025 10:59 AM

views 66

ৰাজ্যত গৰমৰ প্রকোপ অব্যাহত

● ৰাজ্যত একেৰাহে আজি তৃতীয় দিনাও গৰমৰ প্রকোপ অব্যাহত আছে। কালি যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, শিলচৰ, মাজবাটত পাৰাস্তম্ভই ৩৭ ডিগ্রী ছেলছিয়াছ অতিক্ৰম কৰিছিল। লখিমপুৰত কালি সর্বোচ্চ উষ্ণতা আছিল ৩৮ ডিগ্রী ছেলছিয়াছ। আর্দ্রতা বৃদ্ধিৰ বাবেই ৩৬ ডিগ্রী ছেলছিয়াছ উষ্ণতাতো ৪৩ ডিগ্রী ছেলছিয়াছ উষ্ণতাৰ দৰে অনুভৱ হৈছে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড° গায়ত্রী কলিতাই প্ৰকাশ কৰিছে। ড° কলিতাই প্রকাশ কৰা মতে আজিৰেপৰা অসম আৰু অৰুণাচলৰ দুই-এঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱন...

June 1, 2025 1:34 PM

views 124

বতৰৰ বতৰা:

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনীৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্রদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে।