April 6, 2025 9:25 PM

views 42

কাছাৰ আৰক্ষীৰ নাবালিকা বিক্ৰীৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে নাবালিকাক বিক্ৰী কৰাৰ অভিযোগত ৰূপালী দত্ত নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি কাছাৰৰ গুমৰা চাহ বাগিছা অঞ্চলৰ এগৰাকী নাবালিকাক ৰাজস্থানত বিক্ৰীৰ চক্ৰান্ত কৰা হৈছিল। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত ৰূপালী দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জানিবলৈ দিয়া অনুসৰি তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পৰা ৰূপালী দত্তক গ্ৰেপ্তাৰ কৰা হৈছে। শিলচৰৰ পৰা যোৱা আৰক্ষীৰ দলে ৰূপালীক গ্ৰেপ্তাৰ কৰে।

March 17, 2025 6:29 PM

views 34

চুৰি কাৰ্যৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা মণিপুৰৰ এটা চক্ৰ উৎখাত অসম আৰক্ষীৰ

অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা মটৰ চাইকেলকে ধৰি অন্যান্য বাহন চুৰি কাৰ্যৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা মণিপুৰৰ এটা চক্ৰ উৎখাত কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে অভিযান চলাই মেঘালয় আৰু বাংলাদেশ সীমান্তৰ পৰা ১৩ খন মটৰ চাইকেল আৰু ৩ খন চাৰিচকীয়া বাহন উদ্ধাৰ কৰে। এই চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত মণিপুৰৰ ১৩ জন লোকক আৰক্ষীয়ে আটক কৰে। তদন্তৰ সময়ছোৱাত আৰক্ষীয়ে গুৱাহাটীৰ পৰা মটৰচাইকেল চুৰি কৰি নৈশ বাছেৰে মণিপুৰলৈ লৈ যোৱাৰ বিভিন্ন তথ্যও লাভ কৰে ।  

March 17, 2025 6:12 PM

views 37

৬ এপ্ৰিলত অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা

অসম আৰক্ষীৰ কনিষ্টবল আৰু সমপৰ্যায়ৰ অন্যান্য পদসমূহৰ বাবে লিখিত পৰীক্ষা ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব। প্ৰশাসনিক কাৰণত পৰীক্ষাৰ দিন সলনি কৰা হৈছে বুলি অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে ইতিমধ্যে জাননীযোগে প্রকাশ কৰিছে। উল্লেখযোগ্য যে অসম আৰক্ষীৰ মুঠ ৫ হাজাৰ ৫৬৩টা পদৰ বাবে অনুষ্ঠিত শাৰীৰিক পৰীক্ষাৰ ফলাফলসমূহ যোৱা ১২ মাৰ্চত ঘোষণা কৰা হয়। ৬ এপ্ৰিলৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্য প্ৰাৰ্থীসকলে ১ এপ্ৰিলৰ পুৱা ১১ বজাৰ পৰা প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব ।

March 9, 2025 7:25 PM

views 49

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিচাযুক্ত দ্ৰব্যসহ কেইবাজনো সৰবৰাহকাৰীক আৰক্ষীৰ আটক

অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি নিচাযুক্ত দ্ৰব্যসহ কেইবাজনো সৰবৰাহকাৰীক আটক কৰিছে। এটা গোপন সূত্ৰৰ পম খেদি অভিযান চলাই চতিয়া আৰক্ষীয়ে মাজবাটৰ পৰা বিশ্বনাথলৈ অবৈধভাৱে সৰবৰাহ কৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। চতিয়াৰ নাগশংকৰৰ সন্মুখত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰে যাতায়াত কৰি থকা অৱস্থাত দুয়োগৰাকী সৰবৰাহকাৰীক আটক কৰা হয়। গুৱাহাটীৰ দিছপুৰ আৰক্ষীয়ে চলোৱা এটা অভিযানত নিচাযুক্ত দ্রব্যসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। গোপন তথ্যৰ ভিত্তিত খান...

March 6, 2025 10:40 AM

views 67

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদৰ ফলাফল দিনৰ ১১ বজাত ৱেৱছাইটযোগে ঘোষণা হ’ব

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্রক পদৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। www.slprbassam.in ৱেৱছাইটযোগে দিনৰ ১১ বজাত ফলাফল উপলব্ধ হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে জাৰি কৰা এখন জাননী অনুসৰি প্ৰাৰ্থীসকলে সংশ্লিষ্ট ৱেৱছাইটত আবেদনৰ নম্বৰ, নাম আৰু জন্মৰ তাৰিখ দাখিল কৰি ফলাফলসমূহ লাভ কৰিব। লগতে বিভিন্ন শাখাৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ১৭ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেট...

March 5, 2025 12:04 PM

views 40

অসম আৰক্ষীৰ ২০২টা পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্রক পদৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। www.slprbassam.in ৱেৱছাইটযোগে দিনৰ এঘাৰ বজাত ফলাফল উপলব্ধ হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে জাবি কৰা এখন জাননী অনুসৰি প্ৰাৰ্থীসকলে সংশ্লিষ্ট ৱেৱছাইটত আবেদনৰ নম্বৰ, নাম আৰু জন্মৰ তাৰিখ দাখিল কৰি ফলাফলসমূহ লাভ কৰিব। লগতে বিভিন্ন শাখাৰ উপ-পৰিদৰ্শক পদ লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ১৭ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী ...

March 4, 2025 10:28 AM

views 60

ডিগবৈত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ

■ ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ ডিব্ৰু নৈৰ সমীপত কালি সেনা বাহিনী আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰে। অভিযানকাৰী দলটোৱে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন আত্মসমৰ্পণকাৰী সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত এই সামগ্ৰীসমূহ জব্দ কৰে। উল্লেখযোগ্য যে, বিগত কেইটামান দিনত তিনিচুকীয়া জিলাৰ ৪ গৰাকী আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পণ কৰে। ইয়াৰে দুজন সদস্যক তিনিচুকীয়া আৰক্ষীয়ে জেৰা কৰাৰ পাছত এই বিস্ফোৰক লুকুৱাই থোৱাৰ কথা পোহৰলৈ আহে। আৰক্ষীয়ে অভিযানকাল...

March 4, 2025 10:10 AM

views 67

অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তিৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ’ব

■ ৰাজ্য চৰকাৰে বিভিন্ন পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজিৰ পৰা পৰ্যায়ক্রমে ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা মতে অসম আৰক্ষীৰ গাড়ী চালকৰ পদত নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। সেইদৰে অহা ৬ মাৰ্চত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ আৰু ৭ মাৰ্চত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত ১২ মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু ২৭ মাৰ্চত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়া...

February 18, 2025 1:07 PM

views 39

ভাৰত বিৰোধী কার্যকলাপত জড়িত আলী তাকিৰ শেখৰৰ গোচৰৰ বিৰুদ্ধে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট গঠন

অসম আৰক্ষীয়ে ভাৰত বিৰোধী কার্যকলাপত জড়িত থকাৰ অভিযোগত পাকিস্তানৰ আলী তাকিৰ শেখ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এই সংক্ৰান্তত তদন্তৰ বাবে অপৰাধ অনুসন্ধান শাখাৰ সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত বিশেষ তদন্তকাৰী গোট গঠন কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্রকাশ কৰে। এই তদন্তকাৰী গোটটোত আৰক্ষীৰ প্ৰশাসনীয় শাখাৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামী, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অধীক্ষক ৰ’জী কলিতা আৰু গুৱাহাটীৰ মহানগৰ পশ্চিম আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত ম...

February 11, 2025 11:07 AM

views 47

গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা

এডভান্টেজ আছাম শীর্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আইন-শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। এই সন্মিলনৰ বাবে আৰক্ষীয়ে গুৱাহাটীত শোভাযাত্রা, সমদল আদি নিষিদ্ধ ঘোষণা কৰিছে। মহানগৰ আৰক্ষীয়ে কালি এটা নির্দেশ যোগে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এনেধৰণৰ শোভাযাত্রা, সমদলকে ধৰি সমূহীয়া কাৰ্যসূচীৰ ফলত মহানগৰীত ভীষণ যান-জটৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলনৰ পূৰ্বে এনেধৰণৰ কাৰ্যসূচী নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে কালি কেইবাগৰাকীও মন্ত্ৰীয়ে পর্যালোচনা বৈঠকত অংশ লৈ ৰা...