May 24, 2025 7:27 PM

views 55

দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অধীনত এই পর্যন্ত ৭৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ নলবাৰী, দক্ষিণ শালমাৰা মানকাচৰ আৰু কামৰূপ আৰক্ষীয়ে ক্ৰমে কুৰবান আলী, আমিৰুল ইছলাম আৰু ৰছিদ শিকদাৰক দেশ বিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি প'ষ্ট দিয়াৰ অভিযোগত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই বিষয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।

May 24, 2025 5:31 PM

views 54

দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অধীনত এই পর্যন্ত ৭৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ নলবাৰী, দক্ষিণ শালমাৰা মানকাচৰ আৰু কামৰূপ আৰক্ষীয়ে ক্ৰমে কুৰবান আলী, আমিৰুল ইছলাম আৰু ৰছিদ শিকদাৰক দেশ বিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি পষ্ট দিয়াৰ অভিযোগত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই বিষয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে।

May 21, 2025 9:20 PM

views 61

নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা

বিশেষ ন্যায়াধীশৰ আদালতে উৎকোচ লোৱাৰ গোচৰত নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। ২০১৬ চনৰ ২১ অক্টোবৰত এজন লোকৰ পৰা ৫ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ আজি বিশেষ ন্যায়াধীশৰ আদালতে গুপ্তাক দোষী সাব্যস্ত কৰে।

May 19, 2025 8:15 PM

views 61

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন

দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত কাইলৈ আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ বাবে প্রতিষ্ঠানটোত সকলো প্রস্তুতি সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশ লোৱাৰ কথা। উল্লেখযোগ্য যে মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ড° শৰ্মাই প্রতি ছমাহত অসম আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত আইনৰ শাসন সুনিশ্চিত কৰাৰ বাবে আৰক্ষী অধীক্ষকসকলক লক্ষ্য স্থিৰ কৰি দিছিল। কাইলৈ এই সন্মিলনত মুখ্যমন্ত্ৰী ...

May 19, 2025 8:07 PM

views 73

দেশবিৰোধী মন্তব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ ৭১ জন লোকক গ্ৰেপ্তাৰ

অসম আৰক্ষীয়ে দেশবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান চলাই এতিয়ালৈকে বিভিন্ন জিলাৰ পৰা ৭১ জন লোকক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত কোকৰাঝাৰৰ পৰা ৰূপচান্দ আলী, গোৱালপাৰাৰ পৰা ৰছিদ মণ্ডল আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৰাজু শ্বেইখ নামৰ লোককেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টি গোচৰ হ...

May 5, 2025 8:02 PM

views 58

পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্যৰ অভিযোগত অসম আৰক্ষীয়ে বৰ্তমানলৈকে ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰক্ষীয়ে কালি আজিবুৰ ৰহমান, হোজাই আৰক্ষীয়ে জয়নালউদ্দিন আৰু চিৰাং আৰক্ষীয়ে আশ্রাফুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষী এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে...

May 5, 2025 12:50 PM

views 44

দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীৰ এই পর্যন্ত ৪২ জন লোকক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে এই পর্যন্ত ৪২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰপেটা আৰক্ষীয়ে কালি আজিবুৰ ৰহমান, হোজাই আৰক্ষীয়ে জয়নালউদ্দিন আৰু চিৰাং আৰক্ষীয়ে আশ্রাফুল ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষী এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত থাকিব বুলি উল্লেখ কৰে। তেওঁ লগতে জনসাধাৰণক এনে দেশ বিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱা মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে...

April 30, 2025 12:34 PM

views 49

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ বাবে কাছাৰৰ পৰা নাচিব আহমেদ, চিৰাঙৰ পৰা চাহিন আহমেদ মজুমদাৰ, কামৰূপৰ পৰা মস্তাক ৰহিম আলী ওৰফে চনু, লখিমপুৰৰ পৰা মহম্মদ ফুলঝাৰ হুছেইন, শোণিতপুৰৰ পৰা মহম্মদ ফুৰকান আলী আৰু দক্ষিণ শালমৰাৰ পৰা চুজাবুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ভাৰত বিৰোধী মন্তব্য কৰাৰ অভিযোগত কাছাৰৰ পৰা সৰ্বাধিক ছজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।...

April 30, 2025 12:32 PM

views 48

প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰাক আক্ৰমণৰ মূল অভিযুক্ত ইমদাদুল ইছলামক চিনাক্ত

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত ইমদাদুল ইছলাম নামৰ লোকজনক আৰক্ষীয়ে চিনাক্ত কৰিছে। এই লোকজনৰ সৈতে লাহৰীঘাটৰ আন কেইবাজনো লোক জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে ২৭ এপ্ৰিলত নগাঁও জিলাৰ ধিঙৰ ওপৰ ডুমডুমীয়াত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত একাংশ দুৰ্বৃত্তই আক্রমণ সংঘটিত কৰিছিল। দুয়োগৰাকী নেতাই ডুমডুমীয়াৰ শুইছ গেটত বালিসত্ৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীৰ্গৰাকীৰ হ...

April 28, 2025 12:35 PM

views 62

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক সমৰ্থন কৰা ১৯ জন লোকক আটক অসম আৰক্ষীৰ

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই এই পর্যন্ত ১৯ জন লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে কৰা মন্তব্য আৰু অসম আৰক্ষীক দিয়া নিৰ্দেশ অনুসৰি দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে আটক কৰা হৈছে। কালি বৰপেটা আৰক্ষীয়ে জাফি আলী, কাছাৰ আৰক্ষীয়ে ইমৰান হুছেইন আৰু কমৰুদ্দিন আৰু তামুলপুৰ আৰক্ষীয়ে তাহিব আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ আগেয়ে সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত গুৱাহাটীৰ পৰা ডিম্পল বৰা ওৰফে দধীচি ডিম্পল...