July 7, 2024 11:24 AM

views 45

অসমৰ বান পৰিস্থিতি শোচনীয়; অহা চাৰিটা দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ আশংকা

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈয়ে আছে। ঠায়ে ঠায়ে বানৰ প্ৰকোপ কিছু হ্রাস পালেও বানপীড়িতৰ দুৰ্দশা আঁতৰা নাই। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন স্থানত অহা চাৰিটা দিনত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্রকাশ কৰি অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রইও আজি নামনি অসমৰ বিভিন্ন স্থানত বৰষুণ আহিব বুলি আগলি বতৰা দিছে। ফলস্বৰূপে ৰাজ্যত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিব পাৰে বুলিও আশংকা কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ প্রশমন আৰু ব্যৱস্থাপনা প্ৰাধ...

July 6, 2024 6:09 PM

views 61

বছৰৰ দ্বিতীয়টো বানত ৰাজ্যৰ ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ লোকে ঘৰ-বাৰী পানীত ডুব যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত থাকিবলগী...

July 6, 2024 12:47 PM

views 68

ৰাজ্যৰ শেহতীয়া বানত ৩০খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্রস্ত

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি আজিও উন্নত হোৱা নাই। ৰাজ্যখনত বানত প্ৰভাৱিত জিলাৰ সংখ্যা ৩০ লৈ বৃদ্ধি পোৱাৰ লগতে ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। সমগ্ৰ ৰাজ্যত বানৰ ফলত ১১৩টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ হেজাৰ ৫শ খন গাঁও পানীত বুৰ গৈছে। ইপিনে, ৬৩ হাজাৰ হেক্টৰ কৃষিভূমিৰ শস্য বিনষ্ট হৈছে। বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত হোৱা ভূমিস্খলনত দুজন লোকৰ মৃত্যু হৈছে। আনহাতে, গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নমাৰী গাঁৱত কালি প্ৰলয়ংকাৰী বানৰ সোঁতত উটি যোৱা বিশ্বজিৎ ভূঞা নামৰ লোকজনৰ ম...

July 5, 2024 7:34 PM

views 72

ৰাজ্যৰ কোনো কোনো ঠাইত বান পৰিস্থিতি সামান্য উন্নত

ৰাজ্যৰ কোনো কোনো ঠাইত আজি বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও ভালেমান ঠাই বানৰ কবলত আছে। ৰাজ্যখনৰ সাম্প্ৰতিক বানত ২৯ খন জিলাৰ ২১ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ খোৱাঙত বুঢ়ী দিহিং নৈৰ মথাউৰি ভাঙি জলমগ্ন হোৱা কেইবাখনো গাঁও আজি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণে আশ্ৰয় লৈ থকা এটা শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি টেঙাখাট মহাবিদ্যালয়ত স্থাপন কৰা আশ...

July 5, 2024 12:35 PM

views 32

বানৰ জটিল ৰূপৰ সমান্তৰালকৈ ৰাজ্যত অভাৱনীয় হাৰত পাচলিৰ দাম বৃদ্ধি

ৰাজ্যত বানে জটিল ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত পাচলিৰ বজাৰত অভাৱনীয় হাৰত দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। পাইকাৰী বজাৰত মাত্ৰ এসপ্তাহৰ ভিতৰতে প্ৰতিবিধ পাচলিৰ মূল্য প্ৰতি কিলো গ্ৰামত ৪০ টকা পৰ্যন্ত বৃদ্ধি হৈছে। মৰিগাঁও জিলাত বানৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত প্ৰশাসনে মৰিগাঁও, জাগীৰোড, মৈৰাবাৰী আৰু লাহৰিঘাটত বিক্ৰী কেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্ত লয়। এই কেন্দ্ৰসমূহত প্রতিজন গ্রাহকে দুদিনৰ অন্তৰালত প্ৰতি কিলোত ৩৫ টকা দৰত এক...

July 5, 2024 12:29 PM

views 42

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ সকলো প্ৰচেষ্টা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ লগতে সাহায্য প্ৰদানৰ কাম তৎপৰতাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ পাণ্ডুত বানৰ কবলত পৰা অঞ্চলসমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে, ব্ৰহ্মপুত্ৰৰ উভতনি সোঁতে পাণ্ডুৰ বিভিন্ন অঞ্চল প্লাৱিত কৰিছে। জনসাধাৰণে এই সমস্যাৰ সমাধানৰ বাবে এখন শ্লুইচ গে’ট বিচৰা বুলি উল্লেখ কৰি এই কথা বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। ইয়াৰ পিছতে তেও...

July 4, 2024 1:09 PM

views 65

বান পৰিস্থিতি পর্যালোচনাৰ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি পর্যালোচনাৰ কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তসকলৰ সৈতে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভা কক্ষৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। এই বৈঠকত বান পীড়িতলোকৰ উদ্ধাৰ,সাহায্য অভিযান, পুনৰ সংস্থাপন, ক্ষতিগ্ৰস্ত পৰিয়াল তথা অনান্য অনুষ্ঠান-প্ৰতিষ্ঠান ইত্যাদিৰ ক্ষয় ক্ষতিৰ জৰীপ কৰি উদ্ধাৰ অভিযান ক্ষীপ্ৰগতিত অব্যাহত ৰখাৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা সম্পূৰ্ণ নোহোৱালৈকে আশ্রয় শিবিৰত থকা লোকসকলে যাতে খাদ্য,...

July 4, 2024 1:06 PM

views 51

কৰিমগঞ্জ জিলাত আজিৰে পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি

কৰিমগঞ্জ জিলাৰ নদীসমূহৰ জলস্তৰে বিপদৰ সীমা অতিক্ৰম কৰাৰ বাবে জিলাখনৰ অধিকাংশ বিদ্যালয় বানত বুৰ গৈছে। শিক্ষাৰ্থীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ আয়ুক্তই আজিৰ পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে বিদ্যালয়সমূহে পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। ইপিনে ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নী পানীৰ ফলত মাজুলী জিলাৰ ৬৬ হাজাৰতকৈও অধিক লোক বানৰ কবলত পৰিছে। জিলাখনৰ আঁহতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, বনগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্য...

July 3, 2024 7:34 PM

views 40

ৰাজ্যত এইবাৰৰ বানত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু

অসমত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুর্যোগ প্রশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ ২৮ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা তথ্য অনুসৰি এই জিলাসমূহৰ মুঠ দুহেজাৰ ২০৮ খন গাঁৱৰ ১১ লাখ ৩৪ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানৰ ফলত ৰাজ্যৰ ৪২ হাজাৰ ৪৭৬ হেক্টৰ কৃষি ভূমি পানীত বুৰ গৈছে। চৰকাৰ আৰু প্ৰশাসনে স্থাপন কৰা ১৩০টা সাহায্য শিবিৰত ১৮ হাজাৰ ৪৫৯ জন লোকে আশ্রয় গ্রহণ কৰিছে। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ বানত ৩৯ জন লোকৰ ম...

July 2, 2024 7:52 PM

views 55

কাইলৈ আৰম্ভ হ’বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত

ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কাইলৈ আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত ৰাখিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কয় যে, বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এনে পৰিস্থিতিত পৰীক্ষা কেন্দ্ৰৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক উকা উত্তৰ বহীকে ধৰি পৰীক্ষাৰ সকলো গোপনীয় সা-সামগ্ৰী থানা আৰু কোষাগাৰত সুৰক্ষিতভাৱে ৰাখিবলৈ শিক্ষা সংসদে নিৰ্দ...