অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ লোকে ঘৰ-বাৰী পানীত ডুব যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত থাকিবলগীয়া হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই কমেও ১০০ বন্য জন্তুক উদ্ধাৰ কৰিছে। আনহাতে দুর্ভগ্যজনকভাৱে বানত উদ্যানখনৰ প্ৰায় ৯০ টা জন্তুৰ মৃত্যু হৈছে।
Assamese | July 6, 2024 6:09 PM | Assam Flood | assam flood 2024 | CM flood
বছৰৰ দ্বিতীয়টো বানত ৰাজ্যৰ ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত