July 6, 2024 6:09 PM

views 61

বছৰৰ দ্বিতীয়টো বানত ৰাজ্যৰ ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ লোকে ঘৰ-বাৰী পানীত ডুব যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত থাকিবলগী...

July 5, 2024 12:24 PM

views 64

অসমৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ বান পৰিস্থিতি বর্তমানেও শোচনীয় হৈ আছে। ৰাজ্যিক দুৰ্যোগ প্রশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানে ২৯ খন জিলাৰ ৩ হাজাৰ ২০৮ খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ ২১ লাখ ১৩ হাজাৰতকৈও অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৫৭ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে। বিগত ২৪ ঘণ্টাত ৬ গৰাকীতকৈও অধিক লোকৰ মৃত্যু হোৱাত ৰাজ্যখনৰ বানত এতিয়ালৈ মৃত্যু হোৱাৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। মুঠ ২৪৭টা বান শিবিৰত ৩৯ হাজাৰৰো অধিক বানপীড়িতই আশ্ৰয় লৈ আছে। ইপিনে বর্তমানেও ব্রহ্মপুত্ৰ আৰু ভালেকেইখন ন...

July 4, 2024 9:21 PM

views 59

সাম্প্ৰতিক বানত মৃত্যু হোৱা তিনিচুকীয়াৰ নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সাক্ষাৎ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাম্প্ৰতিক বান পৰিস্থিতিৰ ফলত অলপতে মৃত্যু হোৱা তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ হাতিঘূলিৰ ৩ নম্বৰ ন-বৰমূৰা নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক আজি সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা ৪ লাখ টকাৰ চেক পৰিয়ালবৰ্গক অৰ্পণ কৰে। মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালত স্থানীয় বিধায়ক বলিন চেতিয়াৰ লগতে অঞ্চলটোৰ প্ৰাক্তন পঞ্চায়ত সভাপতিও উপস্থিত থাকে।

July 4, 2024 6:40 PM

views 91

সাম্প্ৰতিক বানত ৰাজ্যৰ ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ সাম্প্ৰতিক বানত ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৮ জন লোকৰ বানত মৃত্যু হোৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ লৈ বৃদ্ধি হৈছে। আনহাতে, তিনিজন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি ২,৮০০ খন গাঁও বানৰ কবলত পৰাৰ লগতে প্রায় ৪০ হাজাৰ হেক্টৰ কৃষি ভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে। এই বানত নগাঁও, কৰিমগঞ্জ আৰু দৰং জিলাত সৰ্বাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জিলা আয়ুক্তসকলৰ সৈতে...

July 4, 2024 1:04 PM

views 59

ৰাজ্যত বানৰ সমান্তৰালভাৱে খহনীয়াৰ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শাম কটা নাই। কোনো কোনো জিলাৰ কেতবোৰ জলমগ্ন অঞ্চলত পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও নৈপৰীয়া অঞ্চলসমূহত বানৰ সমান্তৰালভাৱে খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। খহনীয়াই বিভিন্ন স্থানত বান্ধ আৰু মথাউৰিৰ প্ৰতিও ভাবুকি কঢ়িয়াইছে। চৰকাৰী তথ্য অনুসৰি যোৱা ২ জুলাই পর্যন্ত বানৰ ফলত নগাওঁ, কৰিমগঞ্জ আৰু দৰং জিলাত সৰ্বাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। নগাঁৱত বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৩লাখ ৮৬হাজাৰৰো অধিক হোৱাৰ বিপৰীতে কৰিমগঞ্জ আৰু দৰঙত ২লাখ ৬২হাজাৰ আৰু ১লাখ ৯১ হাজাৰৰো অধিক বান পীড়...

July 3, 2024 12:54 PM

views 52

ৰাজ্যৰ বান পৰিস্থিতিৰৰ ক্ৰমাৎ জটিল ৰূপ ধাৰণ

ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুৰ্যোগ প্রশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ ২৮ খন জিলা বৰ্তমানলৈ বানৰ কবলত পৰিছে। আনহাতে এই জিলাসমূহৰ মুঠ দুহেজাৰ ২০৮ খন গাঁৱৰ ১১ লাখ ৩৪ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানৰ ফলত ৰাজ্যৰ ৪২ হাজাৰ ৪৭৬ হেক্টৰ কৃষি ভূমি পানীত বুৰ গৈছে। বান পীড়িতসকলক আশ্ৰয় আৰু সাহায্য আগবঢ়াবলৈ চৰকাৰ আৰু প্ৰশাসনে বর্তমানে ১৩০টা সাহায্য শিৱিৰ সক্ৰিয় কৰি ৰাখিছে। এই শিৱিৰসমূহত এতিয়ালৈকে ১৮ হাজাৰ ৪৫৯ জন বানপীড়িতই আশ্রয় গ্রহণ কৰি...

July 2, 2024 7:50 PM

views 51

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ হৈছে। যোৱা নিশাৰে পৰা পথটোৰে যাতায়াত আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয়ৰ লুমছমত হোৱা ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা বোকা মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবা মিটাৰ অংশ খহাই পেলোৱাৰ ফলত পথটোৰে যাতায়াত সম্পূর্ণ বন্ধ হৈ পৰিছিল। ইয়াৰ ফলত পথৰ দুয়োকাষে ভালেসংখ্যক বাহন আবদ্ধ হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে বৰাক উপ্যতকাৰ লগতে চুবুৰীয়া মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ৰাজ্য তথা দ...

July 2, 2024 7:52 PM

views 55

কাইলৈ আৰম্ভ হ’বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত

ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কাইলৈ আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত ৰাখিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কয় যে, বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এনে পৰিস্থিতিত পৰীক্ষা কেন্দ্ৰৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক উকা উত্তৰ বহীকে ধৰি পৰীক্ষাৰ সকলো গোপনীয় সা-সামগ্ৰী থানা আৰু কোষাগাৰত সুৰক্ষিতভাৱে ৰাখিবলৈ শিক্ষা সংসদে নিৰ্দ...

July 2, 2024 6:35 PM

views 86

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয়, বোকাখাতৰ বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। প্রলয়ংকৰী বানত ৰাজ্যৰ ২০খন জিলাৰ ৬ লাখ ৪০ হাজাৰতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানত পৰি ধেমাজি আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পালে। আনহাতে, গোলাঘাট জিলাৰ এজন লোক সন্ধানহীন হৈ আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি গোলাঘাটত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাতৰ বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে স...

July 2, 2024 11:03 AM

views 78

বান পৰিস্থিতিৰ বুজ ল’বলৈ গোলাঘাটলৈ মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি গোলাঘাটলৈ যাব। জিলা তথ্য আৰু জনসংযোগ বিভাগে প্রকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহুৰামুখৰ বংকোৱাল মথাউৰি আৰু কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰিব। ৰাজ্যৰ বান পৰিস্থিতিৰ অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজন সাপেক্ষে সেনা বাহিনীৰ সহায় লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী-বিধায়কসকলক নিজৰ নিজৰ জিলা আৰু সমষ্টিত পৰিস্থিতি তদাৰক কৰাৰ নিৰ্দেশ দিছে। ইপিন...