■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি গোলাঘাটলৈ যাব। জিলা তথ্য আৰু জনসংযোগ বিভাগে প্রকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মহুৰামুখৰ বংকোৱাল মথাউৰি আৰু কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰিব।
ৰাজ্যৰ বান পৰিস্থিতিৰ অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজন সাপেক্ষে সেনা বাহিনীৰ সহায় লোৱা হ’ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কালি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী-বিধায়কসকলক নিজৰ নিজৰ জিলা আৰু সমষ্টিত পৰিস্থিতি তদাৰক কৰাৰ নিৰ্দেশ দিছে।
ইপিনে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ফোনযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্যৰ ব্যৱস্থা তথা উদ্ধাৰ অভিযানৰ বিষয়ে অৱগত কৰায়।
ডিব্ৰুগড়, তিনিচুকীয়া আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে ফোন যোগে আলোচনা কৰে।
Assamese | July 2, 2024 11:03 AM | assam flood 2024 | Golaghat | himanta bisha sarma
বান পৰিস্থিতিৰ বুজ ল’বলৈ গোলাঘাটলৈ মুখ্যমন্ত্ৰী