July 26, 2026 10:41 AM

views 16

বানত সর্বাধিক ক্ষতিগ্রস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যত নতুন প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ ফলত চলিত শিক্ষাবৰ্ষৰ পৰা মৰান, মটক, টাই-আহোম, চুতীয়া আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে থকা আসনৰ সংখ্যা এখনকৈ বৃদ্ধি কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। মন্ত্রীসভাই কালি অসম চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ত প্রথমবৰ্ষৰ এম বি বি এছ আৰু বিডিএছ পাঠ্যক্রমত নামভর্তি নিয়ন্ত্রণ অধিনিয়ম ২০১৭ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনৰ ফলত মৰা...

June 24, 2026 1:11 PM

views 42

অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন

ৰাজ্যিক মন্ত্রীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয়, যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিবেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্র, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্রকল্প স্থাপনৰ বাবে স্বয়ংক্রিয়ভাৱে ভূমি ৰূপ...

October 6, 2025 7:53 PM

views 81

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱা কাল সম্পূৰ্ণ হোৱাৰ পাছত স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেন্সনৰ ধন লাভ কৰিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ১০ হাজাৰ ১৮৬ গৰাকী সামূহিক কেডাৰক অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনি অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্তিতো মন্ত...

September 10, 2025 11:33 AM

views 63

১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইন কঠোৰভাৱে বলৱতৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ ক্ষেত্ৰত ১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনখন কঠোৰভাৱে বলৱৎ কৰাৰ বাবে অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা ১০ দিনৰ ভিতৰত অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি জিলা আয়ুক্তই বহিষ্কাৰ কৰাৰ নিৰ্দেশ দিব পাৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকে এই বিষয়ত ১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনৰ অধীনত প্ৰস্তুত কৰা কাৰ্যবিধিত অনুমোদন জনাইছে। নতুন কার্যবিধি অনুসৰি যদি জিলা আয়ুক্তই আৰক্ষী ...

July 23, 2025 8:56 PM

views 75

শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকা ঋণ ল’বলৈ ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অসম আৰক্ষীৰ নতুন থানা, বেৰেক, চাইবাৰ থানা নিৰ্মাণৰ বাবে গঠন কৰা মিছন মৈত্ৰী নামৰ ছ'চাইটীক ১৫০ কোটি টকা দিবলৈ অনুমোদন জনোৱা হয়। অহা ১২ আগষ্টত ১০ খন সমজিলাৰ কাম আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অধীক্ষকৰ ১০টা পদ সৃষ্টিতো মন্ত্রীসভাই অনুমোদন জনায়। শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা দুহেজাৰ ৭৫০ কোটি টক...

February 1, 2025 1:15 PM

views 43

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ঔদ্যোগীক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতি ২০২৫, অসম মহাকাশ আৰু প্ৰতিৰক্ষামূলক সামগ্রী উৎপাদন নীতি ২০২৫ আৰু বায়' ই থ্রী নীতিৰ কাৰ্যকৰী আঁচনিত অনুমোদন জনোৱা হয়। ৰাজ্যত ষ্টাৰ্ট আপৰ বিকাশত পুঁজি আৰু পৰামৰ্শমূলক সমর্থনৰ বাবে এটা বিশেষ প্রশাসনীক বিভাগ সৃষ্টিত অনুমোদন জনোৱা হয়। মন্ত্র...

December 8, 2024 11:27 AM

views 60

ৰাজ্যিক মন্ত্রীসভাৰ বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত

ৰাজ্যিক মন্ত্রীসভাই বৰাক উপত্যকা উন্নয়ন বিভাগ নামৰ এটা সুকীয়া বিভাগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰাক উপত্যকাৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ কইনাধৰাত যোৱা নিশা অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, যে পূৰ্বতে বড়োলেণ্ড ৱেলফেয়াৰ বাবে পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগ আছিল আৰু একেদৰে এতিয়া বৰাক উপত্যকা উন্নয়ন নামৰ এটা সুকীয়া বিভাগ হ'ব। ৰাজ্য চৰকাৰে ইথানল উৎপাদনৰ সৈতে জড়িত তিনিটা উদ্যোগক ৰাজসাহায্য ...

September 5, 2024 12:26 PM

views 65

অহা ২ অক্টোবৰৰ পৰা কাম আৰম্ভ কৰিব পৰাকৈ ৰাজ্যৰ ৩৯ খন উপ-জিলা গঠনত কেবিনেটৰ অনুমোদন

ৰাজ্য চৰকাৰৰ কোনো কৰ্মচাৰীৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হ'লে নাইবা দুৰ্ঘটনাৰ ফলত সম্পূৰ্ণৰূপে শাৰীৰিক অক্ষম হৈ পৰিলে এক কোটি টকা বীমা প্রিমিয়াম হিচাপে আগবঢ়াবলৈ ভাৰতীয় ষ্টেট বেংক আৰু অন্য বেংকসমূহৰ সৈতে চৰকাৰে চুক্তি স্বাক্ষৰ কৰিব। কালি লখিমপুৰত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰাব কথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ পাছত এখন সংবাদমেলত প্ৰকাশ কৰে। আনহাতে, দুৰ্ঘটনাৰ ফলত আংশিকভাৱে শাৰীৰিক অক্ষম হৈ পৰিলে ৮০ লাখ টকাৰ বীমা প্রিমিয়াম আগবঢ়োৱা হ'ব। ৰোগাক্ৰান্ত হৈ কো...

September 3, 2024 12:26 PM

views 59

কাইলৈ উত্তৰ লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

উত্তৰ লখিমপুৰত কাইলৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলা হৈছে। নলবাৰীত অনুষ্ঠিত পূৰ্বৰ কেবিনেট বৈঠকত পৰিৱেশন কৰা আহাৰক কেন্দ্ৰ কৰি বিতৰ্ক হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ বৈঠকত চৰকাৰীভাৱে আহাৰ পৰিৱেশন কৰা নহয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। সেই অনুসৰি মন্ত্ৰীবৰ্গই বিজেপিৰ বুথৰ সভাপতিৰ ঘৰতহে আহাৰ গ্ৰহণ কৰিব। কাইলৈ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

August 10, 2024 12:58 PM

views 58

শিক্ষা খণ্ডত উন্নয়ন আৰু নিযুক্তি বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ

শিক্ষা খণ্ডত উন্নয়ন আৰু নিযুক্তি বৃদ্ধিৰ লক্ষ্যৰে কালি ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত মাতৃভাষা মাধ্যমৰ বেচৰকাৰী বিদ্যালয়সমূহৰ ২৫ শতাংশ আসন দৰিদ্র শিক্ষার্থীৰ বাবে সংৰক্ষিত কৰি ৰখাৰ প্ৰাৰম্ভিক প্ৰস্তাৱ আগবঢ়ায়। তেওঁ কয় যে, এই প্ৰস্তাৱ অনুমোদনৰ পাছত কাৰ্যকৰী হ'লে সামাজিক সংস্থাৰ দ্বাৰা পৰিচালিত অসমীয়া বা আন থলুৱা মাধ্যমৰ মান সম্পন্ন বেচৰকাৰী বিদ্যালয়ত সংৰক্ষিত ২৫ শতাংশ আসন দুখীয়া ল'ৰা-ছোৱালীৰ বাবে মুকলি কৰি দিয়া হ'...