ৰাজ্যত নতুন প্রাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ ফলত চলিত শিক্ষাবৰ্ষৰ পৰা মৰান, মটক, টাই-আহোম, চুতীয়া আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে থকা আসনৰ সংখ্যা এখনকৈ বৃদ্ধি কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে।
মন্ত্রীসভাই কালি অসম চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ত প্রথমবৰ্ষৰ এম বি বি এছ আৰু বিডিএছ পাঠ্যক্রমত নামভর্তি নিয়ন্ত্রণ অধিনিয়ম ২০১৭ৰ সংশোধনীত অনুমোদন জনায়।
এই সংশোধনৰ ফলত মৰান আৰু মটক সম্প্ৰদায়ৰ আসনৰ সংখ্যা ৮ৰ পৰা ৯ খনলৈ, টাই আহোমৰ ১০ৰপৰা ১১খন, চুতীয়াৰ ৯ৰ পৰা ১০খন আৰু কোচ-ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা ১৩ৰ পৰা ১৪খন হয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্রাস পোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈয়ো সাহার্য্য সামগ্রী প্ৰেৰণ কৰিব পৰা যাব। বানত সর্বাধিক ক্ষতিগ্রস্ত এই জিলা ২খনৰ প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যবস্থা গ্রহণ কৰিছে বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।