উত্তৰ লখিমপুৰত কাইলৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তোলা হৈছে। নলবাৰীত অনুষ্ঠিত পূৰ্বৰ কেবিনেট বৈঠকত পৰিৱেশন কৰা আহাৰক কেন্দ্ৰ কৰি বিতৰ্ক হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ বৈঠকত চৰকাৰীভাৱে আহাৰ পৰিৱেশন কৰা নহয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। সেই অনুসৰি মন্ত্ৰীবৰ্গই বিজেপিৰ বুথৰ সভাপতিৰ ঘৰতহে আহাৰ গ্ৰহণ কৰিব। কাইলৈ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
Assamese | September 3, 2024 12:26 PM | assam cabinet meeting
কাইলৈ উত্তৰ লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক