December 11, 2024 2:14 PM

views 94

সদনত সহমত গঢ়ি উঠিলে কৃত্রিম বুদ্ধিমত্তাৰ পৰিচালনাৰ বাবে এখন আইন প্রণয়ন কৰিবলৈ চৰকাৰ সাজুঃ অশ্বিনী বৈষ্ণৱ

সদনত সহমত গঢ়ি উঠিলে কৃত্রিম বুদ্ধিমত্তাৰ পৰিচালনাৰ বাবে এখন আইন প্রণয়ন কৰিবলৈ চৰকাৰ সাজু বুলি কেন্দ্ৰীয় ইলেক্‌ট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰী বৈষ্ণৱে কয়, যে অভিব্যক্তি, স্বাধীনতা আৰু নৈতিকতা আধাৰিত কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় আইনী পৰিকাঠামোৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ আৱশ্যকতা আছে। তেওঁ কয়, যে মোদী চৰকাৰে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণত বিশ্বাস কৰে আৰু চৰকাৰে দুখীয়া জনসাধাৰণৰ হাততো প্রযুক্তি তুলি দিছে। দেশত সর্বাত্মক ভ...

October 10, 2024 5:28 PM

views 69

ভাৰতীয় চলচ্চিত্ৰই বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ জৰিয়তে দেশৰ প্ৰতিটো কোণৰ জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় চলচ্চিত্ৰই ইয়াৰ বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ জৰিয়তে দেশৰ প্ৰতিটো কোণৰ জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি সজোৰে প্ৰকাশ কৰিছে । শ্ৰী বৈষ্ণৱে এটা লেখাৰ জৰিয়তে কৈছে যে বিচিত্ৰতা আৰু সমন্বয়ৰ কাহিনীৰে চিনেমাই এক ভাৰত শ্ৰেষ্ঠ ভাৰত দৃষ্টিকোণক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে কাম কৰি আহিছে। চিনেমাই এটা সার্বজনীন ভাষা কয় বুলি কৰা সত্যজিৎ ৰায়ৰ মন্তব্যৰ বিষয়ে উল্লেখ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্...

October 9, 2024 8:07 PM

views 75

তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ভিটামিন আদি সংযোগ কৰি পুষ্টিদায়ক কৰি তোলা পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই সিদ্ধান্তক সৰ্বাত্মক বিকাশ আৰু পুষ্টি সুৰক্ষা সুনিশ্চিতকৰণৰ এটা পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ কয় যে এই যোজনাৰ বাবদ ১৭ হাজাৰ কোটিৰো অধিক টকা ব্যয় হ'ব। বিকাশ ভি বিৰাছট ভি উদ্যম সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় য...

September 8, 2024 8:43 PM

views 63

প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক টাইমছ আলোচনীৰ নিৰ্বাচন

টাইমছ আলোচনীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে নিৰ্বাচিত কৰিছে। শ্রীবৈষ্ণৱৰ নাম তালিকাখনৰ শ্বেপাৰ শ্ৰেণীত অন্তর্ভুক্ত হৈছে। আলোচনীখনে শ্রীবৈষ্ণৱৰ নেতৃত্বত ভাৰতে অহা ৫ বছৰত অৰ্ধ পৰিবাহী নিৰ্মাণৰ ক্ষেত্ৰত শীর্ষ ৫ খন দেশৰ ভিতৰত অন্যতম দেশ হ'ব বুলি আশা প্রকাশ কৰিছে। আলোচনীখনে উল্লেখ কৰিছে যে, আধুনিক এ আই ব্যৱস্থাৰ বাবে জৰুৰী মূল উপাদানৰ নিৰ্মাণ ইতিমধ্যে কেইবাটাও কাৰখানাত আৰম্ভ হৈছে। আলোচনীখনে লগতে এই কথাতো আলোকপ...

August 4, 2024 10:59 AM

views 60

অসমত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্যৰ জৰিয়তে দৈনিক ৪ কোটি ৮৩ লাখ অর্ধপৰিবাহী চিপ উৎপাদনৰ লক্ষ্যঃ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

কেন্দ্ৰীয় ইলেকট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, অসমৰ মৰিগাঁৱত টাটাৰ অর্ধপৰিবাহী গোটৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। নতুন দিল্লীত কালি এই প্ৰকল্পৰ সৱিশেষ প্ৰকাশ কৰি শ্ৰীবৈষ্ণৱে কয় যে, ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে এই প্ৰকল্পটো স্থাপন কৰা হ'ব আৰু ইয়াৰ জৰিয়তে ১৫ হাজাৰ প্ৰত্যক্ষ তথা ১১ৰ পৰা ১৩ হাজাৰ পৰোক্ষ কৰ্ম সংস্থাপনৰ সৃষ্টি হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এই প্রকল্পটোত দৈনিক ৪ কোটি ৮৩ লাখ অর্ধপৰিবাহী চিপ উৎপাদন কৰিব পৰা যাব। তেওঁ কয় যে, এই প্রকল্পত উৎপাদন হ'বলগী...

July 20, 2024 12:57 PM

views 59

কেন্দ্ৰই চৰকাৰী কাৰিকৰী শিক্ষা খণ্ডৰ উন্নয়নৰ হকে কাম কৰি আছেঃ কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱ

কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছে যে, চৰকাৰে বিভিন্ন উদ্যমৰ জৰিয়তে চৰকাৰী কাৰিকৰী শিক্ষা খণ্ডৰ উন্নয়নৰ হকে সৰ্বতো প্ৰকাৰে চেষ্টা কৰি আছে৷ তেওঁ চৰকাৰী কাৰিকৰী অভিযন্তা প্রতিষ্ঠানসমূহক নতুন অৱধাৰণাৰ সৈতে আগবাঢ়ি আহিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰলৈ ততালিকে প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে যাতে চৰকাৰে সেই অনুসাৰে উন্নত সুবিধা প্ৰদান কৰিব পাৰে। মুম্বাইত কালি মহাৰাষ্ট্ৰৰ উচ্চ তথা কাৰিকৰী শিক্ষা মন্ত্রী চন্দ্ৰকান্ত দাদা পাৰ্টিলৰ সৈতে হোৱা এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই উপলক্ষে মহা...

April 4, 2024 9:22 PM

views 78

ৰাজ্যসভাৰ সাংসদ হিচাপে কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ শপত গ্ৰহণ

♦ জ্যেষ্ঠ কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে দুয়োকে শপত গ্ৰহণ কৰোৱায়। বিজেপিৰ নেতা আৰ পি এম সিং, জে ডি ইউৰ নেতা সঞ্জয় কুমাৰ ঝা, কংগ্ৰেছৰ নেতা অজয় মাকনসহ আন ১২ গৰাকী নৱনিৰ্বাচিত সাংসদেও আজি শপত গ্ৰহণ কৰে।