সদনত সহমত গঢ়ি উঠিলে কৃত্রিম বুদ্ধিমত্তাৰ পৰিচালনাৰ বাবে এখন আইন প্রণয়ন কৰিবলৈ চৰকাৰ সাজু বুলি কেন্দ্ৰীয় ইলেক্ট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰী বৈষ্ণৱে কয়, যে অভিব্যক্তি, স্বাধীনতা আৰু নৈতিকতা আধাৰিত কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় আইনী পৰিকাঠামোৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ আৱশ্যকতা আছে। তেওঁ কয়, যে মোদী চৰকাৰে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণত বিশ্বাস কৰে আৰু চৰকাৰে দুখীয়া জনসাধাৰণৰ হাততো প্রযুক্তি তুলি দিছে। দেশত সর্বাত্মক ভাৰত কৃত্রিম বুদ্ধিমত্তা অভিযান আৰম্ভ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযানৰ সাতটা স্তম্ভৰ ভিতৰত – কৃত্রিম বুদ্ধিমত্তা অনুকুল সুবিধা, দক্ষতা পৰিকাঠামো, ষ্টার্টআপ প্ৰতিষ্ঠানলৈ পুঁজি যোগান, উদ্ভাৱন কেন্দ্র স্থাপন, সুনির্দিষ্ট তথ্য মঞ্চ আৰু নতুন এপৰ বিকাশ আছে। শ্রী বৈষ্ণৱে কয়, যে কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় ভৱিষ্যত দক্ষতা মঞ্চত ৮ লাখ ৬০ হাজাৰ লোকে নাম পঞ্জীয়ন কৰিছে।
Assamese | December 11, 2024 2:14 PM | Ashwini Vaishnaw
সদনত সহমত গঢ়ি উঠিলে কৃত্রিম বুদ্ধিমত্তাৰ পৰিচালনাৰ বাবে এখন আইন প্রণয়ন কৰিবলৈ চৰকাৰ সাজুঃ অশ্বিনী বৈষ্ণৱ