August 15, 2024 12:03 PM

views 82

এন টি পি চি ৰাষ্ট্ৰীয় ৰেকিং আৰ্ছাৰী প্ৰতিযোগিতাৰ জুনিয়ৰ ৰিকাৰ্ভ শাখাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অসমৰ বিশাল চাংমা আৰু আনিশা দাসৰ প্ৰৱেশ

 বিশাল চাংমাই আৰু আনিশা দাসে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি থকা ল'ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেকিং আৰ্ছাৰী প্ৰতিযোগিতাত জুনিয়ৰ ৰিকাৰ্ভ শাখাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰাৰম্ভিক ৰাউণ্ডত বিশালে মুঠ ৬৫৩ পইণ্ট অৰ্জন কৰি একাদশ স্থানত থকাৰ বিপৰীতে ৬২৬ পইণ্টেৰে সপ্তম স্থানত থাকে। উল্লেখযোগ্য যে ৮ দিনীয়া প্রতিযোগিতাখনৰ প্ৰথম দুটা দিনত ছিনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হোৱাৰ পাছত কালিৰে পৰা দুদিনীয়াকৈ জুনিয়ৰ ল'ৰা আৰু ছোৱালীৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ খেল অনুষ্ঠিত হৈছে। অহ...

April 29, 2024 1:08 PM

views 67

আৰ্ছাৰী বিশ্বকাপত ভাৰতীয় দলৰ মুঠ ৮ টা পদক লাভ

চাংহাইত অনুষ্ঠিত আৰ্ছাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে ৫ টা সোণ, ২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জসহ মুঠ ৮ টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্ৰমে ধিৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ এয়া হৈছে প্ৰথমটো ঐতিহাসিক জয়। এই জয়ে পেৰিছ অলিম্পিকত দলটোৰ অংশগ্ৰহণৰ সম্বাৱনা বৃদ্ধি কৰিছে। ইফালে, দিপিকা কুমাৰীয়ে মহিলা ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ ফাইনেলত আজি এছিয়ান গেমছৰ চেম্পিয়ন দক্ষিণ কোৰ...

April 25, 2024 6:56 PM

views 69

ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্য্যায়ৰ ফাইনেলত প্ৰৱেশ

ভাৰতীয় পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্য্যায়ৰ ফাইনেলত প্ৰৱেশ কৰিছে। অভিষেক বার্মা, প্রিয়াংশ আৰু প্ৰথমেশ ফুগেৰ ভাৰতীয় পুৰুষ দলটোৱে কালি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ২৩৫-২৩৩ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে জ্যোতি সুৰেখা ৱেন্নম, অদিতি গোপীচান্দ আৰু পৰ্ণীত কৌৰক লৈ গঠিত মহিলা দলটোৱে ছেমি ফাইনেলত এস্তোনিয়াক ২৩৫-২৩০ ফলাফলত পৰাভূত কৰে। পুৰুষ দলটো ফাইনেলত নেডাৰলেণ্ডছৰ আৰু মহিলা দলটো ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষ আৰু মহিলা উভয় শাখাৰ ফাইনেল খেলসমূহ পৰ...