বিশাল চাংমাই আৰু আনিশা দাসে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি থকা ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেকিং আৰ্ছাৰী প্ৰতিযোগিতাত জুনিয়ৰ ৰিকাৰ্ভ শাখাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰাৰম্ভিক ৰাউণ্ডত বিশালে মুঠ ৬৫৩ পইণ্ট অৰ্জন কৰি একাদশ স্থানত থকাৰ বিপৰীতে ৬২৬ পইণ্টেৰে সপ্তম স্থানত থাকে। উল্লেখযোগ্য যে ৮ দিনীয়া প্রতিযোগিতাখনৰ প্ৰথম দুটা দিনত ছিনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হোৱাৰ পাছত কালিৰে পৰা দুদিনীয়াকৈ জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ খেল অনুষ্ঠিত হৈছে। অহা ১৭ – ১৮ আগষ্টত ছাব জুনিয়ৰ খেল অনুষ্ঠিত হ’ব।
Assamese | August 15, 2024 12:03 PM | Archery Final
এন টি পি চি ৰাষ্ট্ৰীয় ৰেকিং আৰ্ছাৰী প্ৰতিযোগিতাৰ জুনিয়ৰ ৰিকাৰ্ভ শাখাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অসমৰ বিশাল চাংমা আৰু আনিশা দাসৰ প্ৰৱেশ