ভাৰতীয় পুৰুষ আৰু মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চাংঘাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্য্যায়ৰ ফাইনেলত প্ৰৱেশ কৰিছে। অভিষেক বার্মা, প্রিয়াংশ আৰু প্ৰথমেশ ফুগেৰ ভাৰতীয় পুৰুষ দলটোৱে কালি ছেমি ফাইনেলত দক্ষিণ কোৰিয়াক ২৩৫-২৩৩ ফলাফলত পৰাস্ত কৰাৰ বিপৰীতে জ্যোতি সুৰেখা ৱেন্নম, অদিতি গোপীচান্দ আৰু পৰ্ণীত কৌৰক লৈ গঠিত মহিলা দলটোৱে ছেমি ফাইনেলত এস্তোনিয়াক ২৩৫-২৩০ ফলাফলত পৰাভূত কৰে। পুৰুষ দলটো ফাইনেলত নেডাৰলেণ্ডছৰ আৰু মহিলা দলটো ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। পুৰুষ আৰু মহিলা উভয় শাখাৰ ফাইনেল খেলসমূহ পৰহিলৈ অনুষ্ঠিত হ’ব।
Assamese | April 25, 2024 6:56 PM | Archery Final
ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ আৰ্চাৰী বিশ্বকাপৰ প্ৰথম পৰ্য্যায়ৰ ফাইনেলত প্ৰৱেশ