August 8, 2024 12:08 PM

views 50

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি কৰি বৃক্ষ অর্থনীতি সমৃদ্ধিশালী কৰি তোলাৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী অব্যাহত

ৰাজ্য চৰকাৰৰ উদ্যোগত তথা বন বিভাগৰ সহযোগত ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি কৰি বৃক্ষ অর্থনীতি সমৃদ্ধিশালী কৰি তোলাৰ লক্ষ্যৰে এজুপি গছ মাৰ নামত শ্ল'গানেৰে অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী অব্যাহত আছে। ১ৰ পৰা ১৫ আগষ্টলৈকে চলা এই কাৰ্যসূচীৰ অংশস্বৰূপে কালি যোৰহাটত পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিত এখন গুৰুত্বপূৰ্ণ পর্যালোচনা সভা অনুষ্ঠিত হয়। যোৰহাট আৱৰ্ত ভৱনত অনুষ্ঠিত সভাখনত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ সুদূৰপ্ৰসাৰী চিন্তাৰ শলাগ লোৱাৰ লগতে সকলোকে গছপুলি ৰোপণত ভাগ লৈ অমৃত বৃক্ষ আন্দোলন ...

August 7, 2024 6:31 PM

views 59

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অংশ হিচাপে তিনিচুকীয়াত গছপুলি ৰোপণ, জিঅ’ টেগিং, আপলোড আদি অব্যাহত

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি তিনিচুকীয়া জিলাত গছপুলি ৰোপণ, জিঅ' টেগিং, আপলোড আদি অব্যাহত আছে। জিলাখনত আজি কেইবাটাও আত্ম-সহায়ক গোটৰ লগতে বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীসকলে গছপুলি ৰোপণ কৰে। যোৰহাট জিলাতো জিলা আৰক্ষী অধীক্ষকৰ উদ্যোগত আৰক্ষী ছাউনীত গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ অভিযান আৰম্ভ কৰে।

August 2, 2024 6:09 PM

views 43

কালিৰে পৰা ৰাজ্যত অমৃত বৃক্ষ আন্দোলন ২.০ অনুষ্ঠিত হৈছে

ৰাজ্যত কালিৰে পৰা অমৃত বৃক্ষ আন্দোলন ২.০ অনুষ্ঠিত হৈছে। এই অভিযানৰ অংশ হিচাপে আজি জাগীৰোডত জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই গছপুলি ৰোপণ কৰে। জাগীৰোডৰ লোক নিৰ্মাণ বিভাগৰ অতিথিশালা চৌহদত গছপুলি ৰোপণ কৰি সকলোকে নিজৰ মাতৃৰ নামত গছপুলি ৰোপণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আনফালে কাইলৈৰ দিনটো জাগীৰোডৰ লগতে সমগ্ৰ অসমৰ বাবে ঐতিহাসিক দিন হব বুলি উল্লেখ কৰি শ্ৰীহাজৰিকাই কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ টাটাৰ প্ৰস্তাৱিত চেমি কনডাক্টৰ প্ৰকল্পৰ ভূমি পূজন কৰিব। প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয় ...

August 1, 2024 7:20 PM

views 44

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পর্যায় আৰম্ভ; ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অর্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পর্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসীক চৌহদৰ উদ্যানত এটা অশোক গছৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীব আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই বছৰ এজুপি গছ মাৰ নামত শীৰ্ষক বিষয়বস্তুবে আজিৰেপৰা ১৫ আগষ্ট পর্যন্ত ৩ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি...

August 1, 2024 6:48 PM

views 128

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ মন্ত্ৰীসকলৰ আৱাসীক চৌহদৰ উদ্যানত এটা অশোক গছৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। এই বছৰ এজুপি গছ মাৰ নামত শীৰ্ষক বিষয়বস্তুৰে আজিৰেপৰা ১৫ আগষ্ট পর্যন্ত ৩ কোটি বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আজি...

August 1, 2024 2:53 PM

views 52

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি আৰু বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত অহা ২০ আগষ্ট পর্যন্ত ৰাজ্যজুৰি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গুৱাহাটীত থকা অসম লোকসেৱা ভৱনত কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰকাশ কৰে। কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকক অৱগত কৰি তেওঁ কয় যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পূৰ্বতে কিছু আসোঁৱাহ দেখিবলৈ...

July 25, 2024 6:33 PM

views 45

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় সফল কৰি তুলিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতা

তিনিচুকীয়া জিলাত অহা ১ আগষ্টত হ'বলগীয়া অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় সফল কৰি তুলিবলৈ জিলা প্ৰশাসন তৎপৰ হৈ উঠিছে। আজি জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী, পেঙেৰিত থকা বন বিভাগৰ নাৰ্চাৰী পৰিদৰ্শন কৰি এই কামৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে এইবাৰ জিলাখনত বৃহৎ সংখ্যক গছপুলি ৰোপণৰ বাবে জিলা প্ৰশাসন সাজু হৈছে।

July 23, 2024 7:44 PM

views 32

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণত ১১ লাখ ৫০ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ

অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় সংস্কৰণত তিনিচুকীয়া জিলাত অহা ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত ১১ লাখ ৫০ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জিলাখনত গছপুলি বিতৰণ প্ৰক্ৰিয়া ৫ আগষ্টৰ ভিতৰত সম্পন্ন কৰি ১০ আগষ্টৰ ভিতৰত ৰোপণ আৰু জিঅ' টেগিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলি আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। গ্রামীণ জীৱিকা অভিযানৰ এক লাখৰো অধিৰ স্বেচ্ছাসেৱীৰ উপৰি জিলাখনৰ সকলো অংগনবাড়ী কর্মী, ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী, আৰক্ষী, সামৰিক বাহিনীৰ জোৱানকো এই কাৰ্যত জড়িত কৰোৱা হ'ব। জিলাখনৰ ১২...

July 20, 2024 12:08 PM

views 53

অমৃত বৃক্ষ আন্দোলন টু পইণ্ট জিৰো এপ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি আনুষ্ঠানিকভাৱে অমৃত বৃক্ষ আন্দোলন টু পইণ্ট জিৰো এপ মুকলি কৰে। উল্লেখযোগ্য যে, অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণৰ সফলতাৰ পাছত অহা ১ আগষ্টৰ পৰা ১০ আগষ্টলৈ অমৃত বৃক্ষ টু পইণ্ট জিৰোৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে ৩ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰে নিজা নাৰ্ছাৰীৰ পৰা ৪ কোটিৰো অধিক গছপুলি ব্যৱহাৰ কৰিব। যাৰ ভিতৰত ৩ কোটি গছপুলি ৰোপণৰ বাবে আৰু ১ কোটি গছপুলি প্ৰতিষ্ঠাপনৰ বাবে সংৰক্ষণ কৰি ৰখা হ'ব। গছপুলি বিতৰণৰ সুবিধাৰ বাবে সমগ্...

July 11, 2024 12:57 PM

views 47

অমৃত বৃক্ষ আন্দোলন, ২০২৪ সন্দৰ্ভত বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধ্যক্ষতা

বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি সমাগত অমৃত বৃক্ষ আন্দোলন, ২০২৪ সন্দৰ্ভত এখন বৈঠকত অধ্যক্ষতা কৰে। জনতা ভৱনত আয়োজিত এই বৈঠকখনত সংশ্লিষ্ট সকলো বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।