ৰাজ্যত কালিৰে পৰা অমৃত বৃক্ষ আন্দোলন ২.০ অনুষ্ঠিত হৈছে। এই অভিযানৰ অংশ হিচাপে আজি জাগীৰোডত জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই গছপুলি ৰোপণ কৰে। জাগীৰোডৰ লোক নিৰ্মাণ বিভাগৰ অতিথিশালা চৌহদত গছপুলি ৰোপণ কৰি সকলোকে নিজৰ মাতৃৰ নামত গছপুলি ৰোপণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। আনফালে কাইলৈৰ দিনটো জাগীৰোডৰ লগতে সমগ্ৰ অসমৰ বাবে ঐতিহাসিক দিন হব বুলি উল্লেখ কৰি শ্ৰীহাজৰিকাই কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ টাটাৰ প্ৰস্তাৱিত চেমি কনডাক্টৰ প্ৰকল্পৰ ভূমি পূজন কৰিব। প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া এই প্ৰকল্পত ৩০ হাজাৰতকৈ অধিক যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব বুলিও মন্ত্রী পীযুষ হাজৰিকাই প্ৰকাশ কৰে।
Assamese | August 2, 2024 6:09 PM | amrit brikshya andolan | Amrit Brikshya Andolan 2024 | Assam
কালিৰে পৰা ৰাজ্যত অমৃত বৃক্ষ আন্দোলন ২.০ অনুষ্ঠিত হৈছে