তিনিচুকীয়া জিলাত অহা ১ আগষ্টত হ’বলগীয়া অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় সফল কৰি তুলিবলৈ জিলা প্ৰশাসন তৎপৰ হৈ উঠিছে। আজি জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী, পেঙেৰিত থকা বন বিভাগৰ নাৰ্চাৰী পৰিদৰ্শন কৰি এই কামৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে এইবাৰ জিলাখনত বৃহৎ সংখ্যক গছপুলি ৰোপণৰ বাবে জিলা প্ৰশাসন সাজু হৈছে।
Assamese | July 25, 2024 6:33 PM | Amrit Brikshya Andolan 2024
অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায় সফল কৰি তুলিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতা