November 9, 2026 12:22 PM

views 4

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ গুজৰাট ভ্ৰমণ

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ তেওঁৰ গান্ধীনগৰ লোকসভা সমষ্টিত এহেজাৰ ২৪ কোটি টকা ব্যয় সাপেক্ষ ২৭টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আহমেদাবাদৰ মেয়ৰ হিতেশ বাৰটে কৈছে যে, মুকলি কৰিবলগীয়া প্রকল্প সমূহৰ ভিতৰত অন্যতম হৈছে চাৰখেজ গান্ধীনগৰৰ ঘাইপথৰ ওপৰত নির্মিত এখন উৰণসেতু, যোধপুৰ knowledge hub, গোটাত নিৰ্মাণ কৰা নগৰীয়া স্বাস্থ্য কেন্দ্র। একেটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে অর্থনৈতিক পিছপৰা সম্প্ৰদায়ৰ হিতাধিকাৰী সকলৰ মাজত গৃহ প্রদান আবণ্টন ব্যৱস্থাও মুকলি কৰিব। শ্ৰীবাৰটে...

July 13, 2026 12:21 PM

views 24

গুজৰাটৰ গান্ধীনগৰত কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ অমৃত মহোৎসৱ

গুজৰাটৰ গান্ধীনগৰত কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ অমৃত মহোৎসৱত আজি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহ উপস্থিত থাকিব। সমবায় মন্ত্রালয়ে জনোৱা মতে এই কার্যসূচীৰ সময়ত শ্রী শ্বাহে 'এক পেড় মা কে নাম' অভিযানৰ অধীনত গছপুলি ৰোপণ কৰিব আৰু এপিএমচিৰ অমৃত মহোৎসৱ উপলক্ষে প্ৰস্তুত কৰা এখন স্মৃতিগ্রন্থ উন্মোচন কৰিব। এই অনুষ্ঠানতে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দহেগাম এপিএমচি ব'ৰ্ডৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব।