গুজৰাটৰ গান্ধীনগৰত কৃষি উৎপাদিত সামগ্ৰী বজাৰ সমিতিৰ অমৃত মহোৎসৱত আজি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহ উপস্থিত থাকিব। সমবায় মন্ত্রালয়ে জনোৱা মতে এই কার্যসূচীৰ সময়ত শ্রী শ্বাহে ‘এক পেড় মা কে নাম’ অভিযানৰ অধীনত গছপুলি ৰোপণ কৰিব আৰু এপিএমচিৰ অমৃত মহোৎসৱ উপলক্ষে প্ৰস্তুত কৰা এখন স্মৃতিগ্রন্থ উন্মোচন কৰিব। এই অনুষ্ঠানতে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দহেগাম এপিএমচি ব’ৰ্ডৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব।