কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ তেওঁৰ গান্ধীনগৰ লোকসভা সমষ্টিত এহেজাৰ ২৪ কোটি টকা ব্যয় সাপেক্ষ ২৭টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আহমেদাবাদৰ মেয়ৰ হিতেশ বাৰটে কৈছে যে, মুকলি কৰিবলগীয়া প্রকল্প সমূহৰ ভিতৰত অন্যতম হৈছে চাৰখেজ গান্ধীনগৰৰ ঘাইপথৰ ওপৰত নির্মিত এখন উৰণসেতু, যোধপুৰ knowledge hub, গোটাত নিৰ্মাণ কৰা নগৰীয়া স্বাস্থ্য কেন্দ্র। একেটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে অর্থনৈতিক পিছপৰা সম্প্ৰদায়ৰ হিতাধিকাৰী সকলৰ মাজত গৃহ প্রদান আবণ্টন ব্যৱস্থাও মুকলি কৰিব। শ্ৰীবাৰটে কয় যে আহমেদাবাদ পৌৰ নিগমে এইপর্যন্ত ১১টা স্থানত প্রায় ৭ হাজাৰ ৮০০ বাসগৃহ নিৰ্মাণ কৰিছে। দিনৰ ১২ বজাত আৰম্ভ হবলগীয়া এই অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেলও উপস্থিত থাকিব।
Assamese | November 9, 2026 12:22 PM | Amit Shah in Gujarat
কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ গুজৰাট ভ্ৰমণ