November 25, 2025 12:36 PM

views 45

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বলিউডৰ যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰয়ানত শ্রদ্ধা নিবেদন

■ গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত কালি বলিউডৰ যশস্বী অভিনেতা ধর্মেন্দ্ৰৰ প্ৰয়ানত শ্রদ্ধা নিবেদন কৰা হয়। এই মহোৎসৱত অভিনেতাগৰাকীক স্মৰণৰ বাবে বহুলভাৱে জনপ্রিয় শ্বোলে চলচ্চিত্ৰত অভিনেতা গৰাকীয়ে অমিতাভ বচ্চনৰ সৈতে ব্যৱহাৰ কৰা জয়-বিৰু শীৰ্ষক মটৰ চাইকেলখন প্ৰদৰ্শন কৰা হয়। মহোৎসৱৰ পঞ্চম দিনা আজি দুখন অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। কাহিনী চিত্রশাখাত নির্বাচিত শংশাক সমীৰ পৰিচালিত ভাইমনদা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালি...

November 25, 2025 1:15 PM

views 87

অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত

■ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। আজি সদনত ১১ খন বিধেয়ক উত্থাপন হ'ব। ইয়াৰে তিনিখন নতুন আৰু ৮ খন সংশোধনী বিধেয়ক। প্রশ্নোত্তৰ শিতানেৰে সদনৰ দিনটোৰ কামকাজ আৰম্ভ হয়। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এছ আই টিৰ তদন্ত সন্দৰ্ভত সৰব হৈ পৰে। সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰি কয়, যে জুবিনৰ আদৰ্শৰ অপব্যাখ্যা কৰা হৈছ...

November 25, 2025 1:11 PM

views 57

প্ৰথমবাৰৰ বাবে অসমত দুখনকৈ ৰে’ল ক্ৰয় কৰি ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ কনক ডেকা নামৰ এজন যুৱকৰ

■ কামৰূপ জিলাৰ কনক ডেকা নামৰ এজন যুৱকে অসমত প্ৰথমবাৰৰ বাবে দুখনকৈ ৰে'ল ক্ৰয় কৰি ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ ঘটাইছে। ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰে'ল ক'ৰিড'ৰ নিৰ্মাণ কৰাটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এইয়াই প্রথম। ভাৰতীয় ৰে'ল মানচিত্ৰত কনক ডেকাৰ ব্যক্তিগত ৰে'ল ষ্টেচনৰ নাম সংযোজিত হৈছে। প্ৰধানমন্ত্রী গতি শক্তি আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই প্রকল্প মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। ৩০০ বিঘা ভূমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় এহেজাৰ যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব। ২৪৫ কোটি টকা ব...

November 25, 2025 12:51 PM

views 40

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

■ সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে অহা পহিলা ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি এক ডিচেম্বৰৰ পৰা পাঁচ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ ১২ বাজি ৫ মিনিটত প্ৰচাৰ কৰা বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে তিনি বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে ৫ মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। সন্ধিয়া ৬ বজাৰ বাতৰি এতিয়া ...

November 25, 2025 12:58 PM

views 56

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে শিৱসাগৰত জোঁৰ সমদল

■ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি প্ৰকৃত জনজাতিসকলৰ সাংবিধানিক সুৰক্ষাৰ দাবীত কালি শিৱসাগৰ জিলাৰ দিচাংমুখত টি এম পি কে, এম এম কে আৰু টি এম এম কে-ৰ দিচাংমুখ, শিৱসাগৰ নগৰ, দিখৌমুখ আৰু কৈৱৰ্ত দলনী আঞ্চলিক সমিতিৰ উদ্যোগত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে কালি সন্ধিয়া দিচাংমুখৰ প্ৰয়াত ছাত্রনেতা অনিল পাংগিং সোঁৱৰণী ভৱনৰ পৰা জোঁৰ সমদল কৰি দিচাংমুখ খেলপথাৰত সমবেত হৈ জনজাতি সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত বিভিন্ন শ্ল'গানেৰে চৰকাৰৰ প্ৰতি আহ্বান জনায়। ৫ শতাধিক লোকে অংশগ্ৰহণ কৰা...

November 25, 2025 12:54 PM

views 54

ৰাজ্যত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধৰ লগতে সজাগতামূলক ব্যৱস্থা

■ ৰাজ্যৰ কমেও ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলা কেইখনত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্রশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰল গাওঁ এই ৰোগৰ সংক্ৰমনৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱাৰ পাছতে সকলো গাহৰী পালকক সতৰ্ক কৰি দিয়া হৈছে। উত্তৰ মৰল গাওঁৰ নিৰ্দিষ্ট গাহৰী পামখনক কেন্দ্ৰ হিচা...

November 25, 2025 12:26 PM

views 83

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা ১২ ডিচেম্বৰলৈ বৃদ্ধি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগৰ সন্মুখত সাক্ষ্য প্ৰদানৰ সময়সীমা ১২ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিল্পীগৰাকীৰ সৈতে জড়িত ব্যক্তি, প্ৰতিষ্ঠানৰ সদস্য আদিয়ে ১২ ডিচেম্বৰলৈকে তথ্য বা শপতনামা প্ৰদান কৰিব পাৰিব। ইয়াৰ পূৰ্বে এই আয়োগত তথ্য দাখিলৰ সময়সীমা ২১ নৱেম্বৰলৈকে নিৰ্ধাৰণ কৰা হৈছিল। ২১ নৱেম্বৰ পৰ্যন্ত আয়োগৰ সন্মুখত ৩৯ খন শপতনামা দাখিল কৰা হৈছে। উল্লেখযোগ্য যে ন্যায়াধীশ শ‍ইকীয়াই তিনি নৱেম্বৰত আনুষ্ঠানিকভাৱে আয়োগৰ কাম আৰম্ভ ...

November 25, 2025 12:19 PM

views 77

অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ

● অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কৰ্মদিন থাকিব। কিছু সময়ৰ পাছতে আজি বিগত অধিৱেশনৰ পাছত দেহাৱসান ঘটা প্ৰাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তৰ্পণ কৰা হ'ব। লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। ২৮ নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বা...

November 24, 2025 9:00 PM

views 50

সংবিধান দিৱস উপলক্ষে পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্রামীণ পৰিচালনা সমিতিসমূহৰ মাজত বিশেষ নিৰীক্ষণৰ ব্যৱস্থা

পঞ্চায়তীৰাজ মন্ত্ৰালয়ে পৰহিলৈ সংবিধান দিৱস উপলক্ষে সমগ্ৰ দেশতে তিনি তৰপীয়া পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু স্থানীয় গ্রামীণ পৰিচালনা সমিতিসমূহৰ মাজত এক বিশেষ নিৰীক্ষণ চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে এই বছৰৰ সংবিধান দিৱস উপলক্ষে সম্পাদক বিবেক ভৰদ্বাজ আৰু জ্যেষ্ঠ বিষয়া তথা কৰ্মচাৰীসকলৰ উপস্থিতিত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হ'ব। ইয়াৰ লগতে সকলো কৰ্মচাৰীৰ বাবে ন' ইওৰ কনষ্টিটিউচন বিষয়ত কুইজ আৰু ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব। দেশৰ সকলোবোৰ গাঁও পঞ্চায়তৰ সদস্যসকলে স্থানী...

November 24, 2025 8:57 PM

views 55

২১ লাখ বিসঙ্গতিপূর্ণ ফোন নম্বৰ আৰু বিসঙ্গতিপূৰ্ণ মেছেজ পঠিওৱা ১ লাখ উৎসৰ বিৰুদ্ধে গোচৰ ৰুজু ভাৰতীয় দূৰসংযোগ নিয়ামক প্ৰাধিকৰণৰ

ভাৰতীয় দূৰসংযোগ নিয়ামক প্ৰাধিকৰণে এই বছৰটোত ২১ লাখ বিসঙ্গতিপূর্ণ ফোন নম্বৰ আৰু বিসঙ্গতিপূৰ্ণ মেছেজ পঠিওৱা ১ লাখ উৎসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ভাৰতীয় নাগৰিকসকলে ৰুজু কৰা গোচৰৰ ভিত্তিত প্ৰাধিকৰণে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে সমগ্ৰ দেশতে দূৰসংযোগ ব্যৱস্থাৰ ক্ষেত্ৰখনত হোৱা অপপ্ৰয়োগৰ বাবে গ্ৰাহকসকলে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তৎকালীনভাৱে ল'ব পৰা উপায় হিচাপে গ্রাহকসকলক ডি এন ডি ব্যৱস্থাৰ সহায় ল'ব পাৰে। ইয়াৰ জৰিয়তে প্ৰাধ...