November 27, 2025 1:14 PM

views 58

৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

● অহা ৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয়, যে এ ডি আৰ ইত উত্তীর্ণ প্রার্থীসকলো শীঘ্ৰেই নিযুক্তি পত্ৰ প্ৰদান কৰিব। মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰতিমাহে তেওঁলোকক ৩০০ টকাকৈ প্ৰদানৰ প্ৰক্ৰিয়া ২৮ নৱেম্বৰত...

November 27, 2025 1:11 PM

views 59

ৰাজ্যত ২০২১ চনৰ পৰা বৰ্তমানলৈ ২,৮৮২ কোটি টকা মূল্যৰো অধিক মাদক দ্রব্য জব্দ

● ৰাজ্য চৰকাৰে মাদক দ্ৰব্যৰ সৰবৰাহৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অব্যাহত ৰাখি ২০২১ চনৰ পৰা বৰ্তমানলৈ ২,৮৮২ কোটি টকা মূল্যৰো অধিক মাদক দ্রব্য জব্দ কৰিছে। বিধানসভাত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা সদৰী কৰে। তেওঁ কয়, যে ২০২১চনৰ অক্টোবৰৰ পৰা এতিয়ালৈ মাদক দ্রব্য সৰবৰাহত সন্দৰ্ভত ১৪হাজাৰ ২৩৯টা গোচৰ ৰুজু কৰা হৈছে। এনে সৰবৰাহ কাৰ্যত জড়িত থকাৰ অভিযোগত ২৩ হাজাৰ ২৭৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। জব্দ কৰা মাদক দ্ৰব্যৰ ভিতৰত ৪৩৪ কোটি ৫৬ ...

November 27, 2025 1:08 PM

views 68

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি

● উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা হোৱাৰ পাছতে পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় পৰিষদে কালিৰে পৰা ৪ ডিচেম্বৰলৈ অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়াৰ পুনৰ মুকলি ৰখাৰ কথা ঘোষণা কৰিছে। একাংশ শিক্ষানুষ্ঠানৰ অনুৰোধমৰ্মে অসম ৰাজ্যিক বিদ্যালয় পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত পৰিষদে ঘোষণা কৰা অনুসৰি বৰ্ধিত সময়ছোৱাত প্ৰ-পত্ৰ পূৰণ কৰা ছাত্ৰ-ছাত্ৰীসকল দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ হিচাপে গণ্য কৰা হ'ব। ৪ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যক সকল...

November 27, 2025 12:57 PM

views 78

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পৰৱৰ্তী সময়ত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত মণিপুৰ, মিজোৰাম, অৰুণাচল, ত্ৰিপুৰা, অসম, মেঘালয় আৰু নাগালেণ্ডৰ ঠাই বিশেষে বতৰ শুকান হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

November 27, 2025 1:22 PM

views 86

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি তৃতীয় দিন

● অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকা আজি পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰীয়ে কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি বিবেচনা আৰু গৃহীত কৰোৱাৰ ব্যৱস্থা কৰা হ'ব। আজি অধিবেশনৰ বিত্তীয় কাৰ্যসূচীৰ অধীনত বিদ্যালয় শিক্ষা বিভাগৰ সৈতে সম্পর্কিত ২০২৫-২৬ বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ'ব। ইয়াৰ লগতে ২০২৫-২৬ বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰতো ভোটদান হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি স...

November 27, 2025 1:05 PM

views 55

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰে এখনত সৰ্বকালৰ জনপ্ৰিয় চলচ্চিত্র শ্বোলেৰ নিৰ্মাণৰ ৫০বছৰ সম্পূৰ্ণ আৰু আনখনত উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্ৰ নির্মাতাই অংশ ল'ব। কালি এই মহোৎসৱত দুখন অসমীয়া চলচ্চিত্র ভাইমন দা আৰু পত্ৰলেখাৰ পুনৰ প্ৰদৰ্শন কৰা হয়। লগতে কাঁন চলচ্চিত্ৰ মহোৎসৱত পামদিঅ'ৰ বঁটা লাভ কৰা জাফৰ পানাহী পৰিচালিত ইৰানৰ ছবি ইট ৱাজ জাষ্ট এন এ...

November 27, 2025 1:57 PM

views 53

চাইপ্ৰাছৰ সংসদৰ অধ্যক্ষ আন্বিতা ডিমেট্রিউৰ নেতৃত্বত অহা সংসদীয় প্রতিনিধি দলৰ ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ

চাইপ্ৰাছৰ সংসদৰ অধ্যক্ষ আন্বিতা ডিমেট্রিউৰ নেতৃত্বত অহা এটা সংসদীয় প্রতিনিধি দলে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে চাইপ্ৰাছৰ সৈতে কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক সন্মান আধাৰিত ভাৰতৰ সহযোগিতাৰ বিষয়ে উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে বিগত বছৰসমূহত ভাৰত আৰু চাইপ্ৰাছৰ মাজত থকা ৰাজনৈতিক সম্পর্ক, অর্থনৈতিক সহযোগিতা, প্ৰতিৰক্ষা সহযোগিতা আৰু সাংস্কৃতিক সম্পর্ক গভীৰ হৈছে। উভয় দেশৰ মাজত থকা অর্থনৈতিক সম্পর্ক সম...

November 27, 2025 1:52 PM

views 55

ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত ড০ বাবাছাহেব আম্বেদকাৰৰ আবক্ষ মূর্তি উন্মোচন

■ সংবিধান দিৱসৰ দিনা কালি পেৰিছত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত ড০ বাবাছাহেব আম্বেদকাৰৰ এটা আবক্ষ মূর্তি উন্মোচনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে। ড০ আম্বেদকাৰ আৰু সংবিধান প্রণয়নৰ ক্ষেত্ৰত তেখেতৰ ভূমিকাৰ প্ৰতি এয়া উপযুক্ত সন্মান বুলি সামাজিক মাধ্যমৰ এটা প'ষ্টত শ্রীমোদীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ড০ আম্বেদকাৰৰ চিন্তা আৰু আদৰ্শই অগণন লোকক শক্তি আৰু আশা প্ৰদান কৰি আহিছে।

November 25, 2025 1:07 PM

views 55

অহা দেওবাৰে আকাশবাণীৰ ১২৮ সংখ্যক খণ্ডৰ মন কী বাত অনুষ্ঠান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ মুকলি মঞ্চ অথবা ১৯২২ নম্বৰত মিছডকল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে ২৮ নৱেম্বৰ পৰ্যন্ত দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব।

November 25, 2025 12:47 PM

views 55

কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা অসম মন্ত্ৰীসভাৰ প্ৰস্তাৱক আদৰণি কাৰ্বি আংলঙৰ ৬ প্রাক্তন বিদ্রোহী সংগঠনৰ

■ অসম মন্ত্ৰীসভাই ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা প্ৰস্তাৱক কাৰ্বি আংলং জিলাৰ ছটা প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গই আদৰণি জনাইছে। কালি ডিফুত এখন সংবাদমেলত এই নেতাসকলে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে লগতে শান্তি চুক্তিৰ নিৰ্দিষ্ট দফা অনুসৰি ভৈয়ামৰ কাৰ্বিসকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবীও শীঘ্ৰে পূৰণ হ'ব বুলি আশা প্রকাশ কৰে। তেওঁলোকে কয়, যে ছটা বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ ৮০ শতাংশ ইতিমধ্যে পূৰণ হৈছে আৰু ২০ শতাংশ পৰৱৰ্তী চৰ...