October 4, 2024 10:51 AM

views 38

কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ’ব

■ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ'ব। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখনা, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। আনহাতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সম-জিলা হ'ব। ইফালে, শিৱসাগৰৰ নাজিৰা আৰু ডিমৌ, যোৰহাটৰ...

October 2, 2024 8:14 PM

views 33

আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন

মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন কৰা হয়। যোৰাবাটৰ আৰ্হি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাº নয়নমণি ৰাভাৰ লগতে বহুকেইজন চিকিৎসাকর্মীৰ উপস্থিতিত এই শিবিৰত বিনামূলীয়াকৈ ছাফাই কর্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্রধান আশিস ভাটনাগৰে এই স্বাস্থ্য শিবিৰ উদ্বোধন কৰে।

October 2, 2024 4:12 PM

views 63

ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ৪ আৰু ৫ অক্টোবৰত ৩৯ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ

ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ৪ আৰু ৫ অক্টোবৰত ৩৯ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰৰ সিদ্ধান্ত অনুসৰি মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ এই দুদিনত সম জিলাৰ কাৰ্যালয়সমূহ মুকলি কৰিব আৰু সেইদিনাৰ পৰাই কাৰ্যালয়সমূহৰ কাম-কাজ আৰম্ভ হ'ব। প্ৰতিখন সমজিলাত একোজন এ ডি চি পৰ্যায়ৰ বিষয়া থাকিব আৰু তেওঁ সমজিলাৰ আয়ুক্ত বুলি জনা যাব। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্...

October 2, 2024 3:57 PM

views 48

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন কৰা হয়। যোৰাবাটৰ আৰ্হি হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসক ডা০ নয়নমণি ৰাভাৰ লগতে বহুকেইজন চিকিৎসাকর্মীৰ উপস্থিতিত এই শিবিৰত বিনামূলীয়াকৈ ছাফাই কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্রধান আশিস ভাটনাগৰে এই স্বাস্থ্য শিবিৰ উদ্বোধন কৰে।

October 2, 2024 9:51 AM

views 40

গান্ধী জয়ন্তী উপলক্ষে যোৰহাট জিলাত মাংসৰ দোকান আৰু জীৱ-জন্তুৰ বধশালাসমূহ বন্ধৰ আহ্বান আয়ুক্তৰ

● গান্ধী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে মাংসৰ দোকান আৰু জীৱ-জন্তুৰ বধশালাসমূহ বন্ধ কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ অংশ হিচাপে যোৰহাট জিলা আয়ুক্তইও জিলাখনত আজি এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। আয়ুক্তগৰাকীয়ে আজিৰ দিনটোত জিলাখনৰ সকলো মাংসৰ দোকান আৰু বধশালাসমূহ বন্ধ ৰখাৰ লগতে এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনাইছে।

October 2, 2024 9:32 AM

views 40

চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ভার্চুৱেলী অংশগ্ৰহণ কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অইল ইণ্ডিয়া লিমিটেড গুৱাহাটী, তিনিচুকীয়া, যোৰহাট আৰু শিৱসাগৰত স্থাপন কৰিবলগীয়া চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰিব। শিৱসাগৰ, যোৰহাট আৰু তিনিচুকীয়াত আজি পুৱা ৯.৩০ বজাত আৰু গুৱাহাটীত পুৱা ১০ বজাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডে এখন বিবৃতিযোগে এই কথা প্রকাশ কৰিছে।

October 1, 2024 2:47 PM

views 61

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নলীন প্রভাতৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নলীন প্রভাতে কালি জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি গৃহ মন্ত্ৰ্যালয়ে চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁৰ নিযুক্তিৰ কথা ঘোষণা কৰিছিল।

October 1, 2024 12:41 PM

views 54

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ড° বাবুল চন্দ্ৰ দাসক নিৰ্বাচিত কৰা হৈছে। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল উকলি যোৱাৰ লগতে পূৰ্বৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ কুমাৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তিৰ পাছত কালি ১৫ টা সমষ্টিৰে গঠিত পৰিচালনা সমিতিৰ সদস্য আৰু বুঢ়া সত্ৰীয়া পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৩৫ চনৰ পৰা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, ডেকা সত্ৰীয়া আৰু সত্ৰ পৰিচা...

October 1, 2024 12:44 PM

views 65

ৰাষ্ট্ৰীয় ৰক্তদান দিৱসৰ সৈতে সংগতি মঙলদৈ অসামৰিক চিকিৎ‍সালয়ৰ ৰক্ত কেন্দ্ৰৰ উদ্যোগত সজাগতা শোভাযাত্ৰা

ৰাষ্ট্ৰীয় ৰক্তদান দিৱসৰ সৈতে সংগতি ৰাখি মঙলদৈ অসামৰিক চিকিৎ‍সালয়ৰ ৰক্ত কেন্দ্ৰৰ উদ্যোগত আজি নগৰখনৰ মাজেৰে এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰমেশ গোস্বামীয়ে এই শোভাযাত্ৰা মুকলি কৰে।

October 1, 2024 10:32 AM

views 53

ৰাজ্যৰ ১১৩ গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ ২০২৪ বৰ্ষৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰশংসাসূচক পদক

■ ৰাজ্যৰ ১১৩ গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ ২০২৪ বৰ্ষৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰশংসাসূচক পদক আগবঢ়োৱা হৈছে। ইয়াৰে ১১ গৰাকীক সোণৰ, ১০২ গৰাকীক ৰূপৰ পদক প্ৰদান কৰা হ'ব। অসম আৰক্ষীয়ে এটা বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে।