August 29, 2025 1:43 PM

views 48

গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

●● আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় ১ মিনিট নির্ধাৰণ কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্রকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি এম-পি থ্ৰী ৰূপত ৯৭১৬৬৮০৯৬৯, ৯৮৬৪৩৯৩১৫৫ ...

August 29, 2025 1:39 PM

views 43

অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ

● ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ সঞ্চালকালয়ৰ অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাক বিশেষ ন্যায়াধীশৰ আদালতে দুদিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আয়তকৈ অধিক সম্পত্তি অৰ্জনৰ গোচৰত যোৱা বুধবাৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে অতিৰিক্ত কৰ আয়ুক্তগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। তদাৰকী কোষে কালি তেওঁক বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱাই অধিক সোধাপোছাৰ বাবে জিম্মাত বিচৰাত অভিযুক্ত ছাদুল্লাক দুদিনৰ বাবে তদাৰকী কোষৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

August 29, 2025 1:36 PM

views 70

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস

● আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্রীড়া দিৱস আয়োজন কৰা হৈছে। কামৰূপ জিলাত আজিৰ পৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উদযাপন কৰা হ'ব। আজি পুৱা শুৱালকুছিত এটা সমুহীয়া খোজকঢ়া কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। এই সামুহিক খোজকঢ়া কাৰ্যসূচীৰ উদ্বোধন কৰে জিলা ক্রীড়া সংস্থাৰ কাৰ্যকৰী সভাপতি ডাঃ কার্তিক মেধিয়ে। শুৱালকুছি বস্ত্ৰ উদ্যানৰ পৰা ...

August 29, 2025 1:32 PM

views 82

আগন্তুক দুদিনলৈ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কতা বতৰ বিজ্ঞান কেন্দ্ৰৰ

■ ধাৰাসাৰ বৰষুণে একেৰাহে দুদিন ধৰি গুৱাহাটী জলমগ্ন কৰি ৰখাৰ সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনলৈ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ ১৩ খন জিলাত বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ আৰু অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনালৈ চাই য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, কামৰূপ মহানগৰ, কামৰূপ, মৰিগাঁও, নগাঁও, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাত ঘণ্টাত ২-৩ ছেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। জৰুৰীকালীন পৰিস্থ...

August 29, 2025 1:20 PM

views 54

গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰিব। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে ৪১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনগৃহত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, প্রধান ব্যক্তিগত সচিবৰ কাৰ্যালয়, সন্মিলন কক্ষকে ধৰি আন বহু সুবিধা থাকিব। এই উপলক্ষে দিনৰ চাৰে ১১ বজাত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ পৰাই ভার্চুৱেল ব...

August 28, 2025 9:28 PM

views 38

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু হয়। ছুটলেজ, ৰবি আৰু চেনাব নৈৰ বাঢ়নি পানীৰ ফলত বিভিন্ন অঞ্চলত বানৰ সৃষ্টি কৰাৰ লগতে বহুসংখ্যক আন্তঃগাঁথনি ধ্বংস হৈছে। বানৰ ফলত কৃষিভূমিৰ বিস্তৰ ক্ষতি হৈছে। পঞ্জাৱৰ জৰুৰীকালীন সেৱা বিভাগৰ তথ্য মতে বানত নিহত হোৱা ১৭ গৰাকীৰ ৭ গৰাকী শিয়ালকোটৰ, ৪ গৰাকী গুজৰাটৰ, ৪ গৰাকী নাৰোৱালৰ, দুগৰাকী হাফিজাবাদৰ আৰু এগৰাকী গুজৰানৱালাৰ বাসিন্দা আছিল।

August 28, 2025 9:15 PM

views 47

ইউ এছ অপেন টেনিছৰ পুৰুষৰ ছিংগলছত তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচৰ আধিপত্য অব্যাহত

তাৰকা খেলুৱৈ ন’ভাক জ’ক’ভিচে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাচাৰী স্বাজডাক পোনপটীয়া ছেটত পৰাস্ত কৰি ইউ এছ অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত আধিপত্য অব্যাহত ৰাখিছে। ছাৰ্বিয়াৰ খেলুৱৈগৰাকীয়ে স্বাজডাক ৬-৩, ৬-৩, ৬-১ ছেটত পৰাস্ত কৰে। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগছৰ আন এখন খেলত স্পেইনৰ কাৰ্লোৰ্ছ অস্কাৰাজে ইটালীৰ মাটিয়া বেলুচীক ৬-১, ৬-০, ৬-৩ ছেটত পৰাভূত কৰে। মহিলাৰ ছিংগলছত জাপানৰ নাওমী ওছাকাই বেলজিয়ামৰ গ্ৰীট মিনেনক ৬-৩, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। মহিলাৰ ছিংগলছৰ আন এখন...

August 28, 2025 8:02 PM

views 43

ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি পৱিত্ৰ আবিৰ্ভাৱ তিথি

ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি পৱিত্ৰ আবিৰ্ভাৱ তিথি। শ্ৰীশ্ৰী হৰিদেৱে সমাজক আধ্যাত্মিকতাৰ অমলিন বাট দেখুৱাই মানেৰি, বহৰি, কৈহাটী আদি সত্ৰসমূহ স্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁ শৰণ সংহিতা, ভক্তিৰস তৰংগিনী, হৰিনাম কীৰ্তন পদ্ধতি আদি আপুৰুগীয়া গ্ৰন্থৰ ৰচনাৰে অসমীয়া ভাষাক সমৃদ্ধ কৰি থৈ গৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আৱিৰ্ভাৱ তিথি উপলক্ষে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।

August 28, 2025 7:08 PM

views 38

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্মশতবর্ষ উপলক্ষে ১০০ টকা মূল্যৰ স্মাৰক মুদ্ৰা জাৰি কৰাত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অনুমোদন

Akashvaniকেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্মশতবর্ষ উপলক্ষে মহান শিল্পীগৰাকীৰ প্রতি সন্মান জনাই ১০০ টকা মূল্যৰ স্মাৰক মুদ্ৰা জাৰি কৰাত অনুমোদন জনাইছে। এই পদক্ষেপে বিশ্ববন্দিত শিল্পীগৰাকীৰ আদৰ্শ আৰু কৰ্মৰাজিক জনসাধাৰণৰ মাজত উজ্জীৱিত কৰি ৰাখিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পদক্ষেপৰ বাবে প্রধানমন্ত্ৰী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জনাইছে।

August 28, 2025 7:01 PM

views 51

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে গঠন কৰা মূল সমিতিৰ দ্বিতীয়খন বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে গঠন কৰা মূল সমিতিৰ দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ উপ- মুখ্যমন্ত্রী চাওনা মেইনেও অংশগ্ৰহণ কৰা এই বৈঠকত শতবৰ্ষ উদযাপনৰ পৰিকল্পিত কাৰ্যসূচী সমূহৰ বিষয়ে আলোচনা কৰা হয়। অহা ৮ ছেপ্তেম্বৰৰ পৰা হবলগীয়া শতবর্ষ উদযাপন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়েও বৈঠকত পৰ্যালোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্রী ড০ শৰ্মাই উদযাপন কাৰ্যসূচীৰ সকলো কাম নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট ব...