December 22, 2025 8:10 PM

views 41

ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় স্বাস্থ্য যতন খণ্ডত ভাৰতীয় পৰম্পৰাগত ঔষধ চিকিৎসাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে

ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় স্বাস্থ্য যতন খণ্ডত ভাৰতীয় পৰম্পৰাগত ঔষধ চিকিৎসাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত নতুন দিল্লীত দুদিনীয়া বিশেষ বৈঠকৰ আয়োজন কৰে। বৈঠকত স্বাস্থ্য যতনৰ ক্ষেত্ৰত পৰম্পৰাগত ঔষধক আন্তৰাষ্ট্ৰীয় মানেৰে বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আয়ুৰ্বেদিক, সিদ্ধা, ইউনানি পৰম্পৰাগত চিকিৎসাৰ সন্দৰ্ভত গোলকীয় পৰ্যায়ত সজাগতাৰ সৃষ্টিৰ বাবে চলিত বৰ্ষৰ মে' মাহত আয়ুষ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য ...

December 22, 2025 8:16 PM

views 48

কম্বোদিয়া আৰু থাইলেণ্ডক তাৎক্ষণিকভাৱে সকলো ধৰণৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সমাপ্ত কৰিবলৈ আহ্বান

দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সংস্থাই কম্বোদিয়া আৰু থাইলেণ্ডক তাৎক্ষণিকভাৱে সকলো ধৰণৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সমাপ্ত কৰিবলৈ আহ্বান জনাইছে। মালয়েছিয়াৰ কোৱালালামপুৰত আজি কম্বোদিয়া আৰু থাইলেণ্ডৰ মাজৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত বৈদেশিক মন্ত্রীসকল এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত দক্ষিণ পূৱ এচিয়াৰ দেশসমূহৰ একতা আৰু আঞ্চলিক শান্তি, সুৰক্ষা, সুস্থিৰতা, সমৃদ্ধি আদিৰ ক্ষেত্ৰত দায়বদ্ধতা পুনৰ দোঁহাৰিছে। দুয়োখন দেশৰ মাজত অব্যাহত থকা অস্থিৰতা আৰু যুদ্ধসদৃশ পৰিস্থিতিৰ ফলত বহু লোকে প্ৰা...

December 22, 2025 11:52 PM

views 40

ডি আৰ ডি অ’ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ সহযোগিতাৰ বাবে চুক্তিত স্বাক্ষৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ডি আৰ ডি অ' আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত গৱেষণা শিক্ষা, প্রশিক্ষণ আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত বিশিষ্ট বিজ্ঞানী আৰু প্ৰতিৰক্ষা উৎপাদন সমন্বয় আৰু সেৱা বিনিময় বিভাগৰ সঞ্চালক প্ৰধান ড০ চন্দ্ৰিকা কৌশিক আৰু বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক ড০ বিমল এন পেটেলে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে দেশৰ অমৃতকালত আত্মনিৰ...

December 23, 2025 12:02 AM

views 21

শক্তি স্কলাৰ্ছ শীৰ্ষক জলপানি প্ৰদানৰ ব্যৱস্থা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

ৰাষ্ট্ৰীয় মহিলা আয়োগে যুৱ গৱেষকসকলক জলপানি প্রদানেৰে মহিলাৰ সমস্যা সম্পৰ্কীয় বিষয়ত গৱেষণাৰ বাবে শক্তি স্কলাৰ্ছ শীৰ্ষক জলপানি প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ অধীনত মহিলাৰ সুৰক্ষা আৰু মর্যাদা, লিংগভিত্তিক হিংসা, মহিলাৰ আইনী অধিকাৰ আৰু আইনী সুবিধাৰ লভ্যতা, চাইবাৰ সুৰক্ষা, স্বাস্থ্য আৰু পৰিপুষ্টি. অর্থনৈতিক সবলীকৰণ আৰু শ্ৰম কাৰ্যত তেওঁলোকৰ অংশগ্রহণ সন্দৰ্ভত বিভিন্ন বিষয় গৱেষণাৰ দিহা কৰা হৈছে। স্বীকৃত শিক্ষানুষ্ঠানৰ পৰা ন্যূনতম স্নাতক ডিগ্ৰীধাৰী ২১ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰৰ লোকে এই কাৰ্যসূচীৰ বাবে আ...

December 22, 2025 11:57 PM

views 50

বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে

প্ৰতিৱেশী ৰাষ্ট্র বাংলাদেশত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি অসম চৰকাৰে গভীৰ উদ্বেগেৰে লক্ষ্য কৰি আছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে বুলি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বংলাদেশত হিন্দু ধৰ্মৰ লোকসকলক নিৰ্যাতনৰ বিষয়টোও গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে। ইপিনে, প্রতিবেশী ৰাষ্ট্ৰখনত সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বাংলাদেশ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। কাছাৰ জিলাৰ কাটিগড়াৰ নাটানপুৰ অঞ্চলৰ ভাৰত-বাংলা...

December 18, 2025 4:41 PM

views 39

ভাৰত আৰু চৌদি আৰৱে ৰিয়াধত দ্বিপাক্ষিক ভিছা ৰেহাই চুক্তিত স্বাক্ষৰ

ভাৰত আৰু চৌদি আৰৱে ৰিয়াধত দ্বিপাক্ষিক ভিছা ৰেহাই চুক্তিত স্বাক্ষৰ কৰিছে। চৌদি আৰৱত থকা ভাৰতীয় ৰাষ্ট্রদূত সুহেল এজাজ খান আৰু চৌদি আৰৱৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰট’ক’ল পৰিক্ৰমা উপ-মন্ত্ৰী আব্দুলমজিদ বিন ৰাচিদ অলমৰিয়ে আজি এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ফলত আনুষ্ঠানিক যাত্রা সুচল হ'ব আৰু ভাৰত-চৌদি আৰৱ কৌশলগত সহযোগিতা পৰিষদৰ অধীনত দ্বিপাক্ষিক আদান-প্ৰদানৰ প্ৰসাৰ ঘটিব। এই চুক্তিৰ অধীনত দুয়ো দেশৰ কূটনীতিবিদ, বিশেষ আৰু আনুষ্ঠানিক পাছপ'ৰ্টধাৰকসকলে হ্রস্বকালীন ভিজা সম্পৰ্কীয় আৱশ্যকীয় নীতি-নিয়মৰ পৰা ৰে...

December 18, 2025 4:20 PM

views 42

পুনেত ৰাষ্ট্ৰীয় কলা উৎসৱৰ দলীয় লোক কলা শিতানত ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে অসমক প্রতিনিধিত্ব কৰিব

দৰং জিলাৰ ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে অহা ২০ ডিচেম্বৰৰ পৰা পুনেত হ'বলগীয়া ৰাষ্ট্ৰীয় কলা উৎসৱৰ দলীয় লোক কলা শিতানত অসমক প্রতিনিধিত্ব কৰিব। শিক্ষা মন্ত্ৰালয়ে আয়োজন কৰা এই উৎসৱত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰা শিক্ষাৰ্থী কেইগৰাকী হৈছে জ্যোতিস্মিতা শর্মা, উপাসনা শৰ্মা আৰু জীনা প্ৰিয়ম শৰ্মা। তেওঁলোকে ৰাষ্ট্ৰীয় কলা উৎসৱত ব্যাসৰ ওজাপালি সংগীত প্ৰদৰ্শন কৰিব।

December 18, 2025 4:13 PM

views 33

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসান

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্ৰতিমূৰ্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি আৰু অলপতে উন্মোচন কৰিবলগীয়া লোকপ্রীয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া...

December 18, 2025 4:51 PM

views 67

কৃত্রিম বুদ্ধিমত্তা আৰু অৰ্ধ পৰিবাহী খণ্ডৰ যোগান-শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য আমেৰিকাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰই কৃত্রিম বুদ্ধিমত্তা আৰু অৰ্ধ পৰিবাহী খণ্ডৰ যোগান-শৃংখলাৰ বাবে ভাৰতক গুৰুত্বপূৰ্ণ সহযোগী হিচাপে গণ্য কৰে বুলি দেশখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ উপ-মন্ত্রী জেকব হেলবার্গে প্রকাশ কৰিছে। ৱাশ্বিংটনত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত উপ-মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁ অহা ফেব্ৰুৱাৰীত হ'বলগীয়া ভাৰত কৃত্রিম বুদ্ধিমত্তা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ কয়, যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত চলি থকা বাণিজ্য ব্যৱস্থা সম্পৰ্কীয় আলোচনা আৰু যোগান শৃংখলাৰ সুৰক্ষা বিষয়ক আলোচনা সম্পূ...

December 18, 2025 4:49 PM

views 58

সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বালাদেশৰ সাংবাদিক অনিচ আলমগীৰক মোকলাই দিবলৈ আহ্বান

AMNESTY ইণ্টাৰনেচনেলে মুখ্য উপদেষ্টা প্ৰফেছৰ মহম্মদ য়ুনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক অভিব্যক্তিৰ স্বাধীনতা সুনিশ্চিত কৰাৰ লগতে এইমাহত সন্ত্ৰাসবাদ প্ৰতিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা সাংবাদিক অনিচ আলমগীৰক ততালিকে মোকলাই দিবলৈ আহ্বান জনাইছে। AMNESTY ইণ্টাৰনেচনেলৰ আঞ্চলিক গৱেষক ৰিহাব মহছুৰে প্ৰকাশ কৰা মতে সামাজিক মাধ্যম আৰু মূলসুঁতিৰ সংবাদ মঞ্চৰ যোগেদি আৱামী লীগক সমৰ্থন কৰাৰ অভিযোগত আলমগীৰক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাটোৱে অন্তৱৰ্তীকালীন চৰকাৰক অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় ...