May 11, 2024 6:24 PM

views 54

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি-লিট উপাধি প্ৰদান

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি-লিট উপাধি প্ৰদান কৰিছে। আজি সাহিত্যিক গৰাকীৰ শিৱসাগৰৰ ধাইআলিত থকা বাসগৃহত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক এই সন্মান প্ৰদান কৰা হয়। সন্মানীয় উপাধিটো গ্ৰহণ কৰি পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিকগৰাকীক বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি কয় যে, অসমীয়া সাহিত্যৰ সম্প্ৰতি ভাল দিন চলি আছে। অসমীয়া সাহিত্য বৰ্তমান বিশ্ব স্তৰতো পৰিচিত উল্লেখয...

May 11, 2024 5:48 PM

views 56

দক্ষিণ শালমাৰাৰ হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত

ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি হাটশিঙিমাৰীত লোক আদালত অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হাটশিঙিমাৰীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্রান্তীয়, পথ দুর্ঘটনা, বেংক ঋণ আদিৰ গোচৰ খৰতকীয়াকৈ নিষ্পত্তি কৰা হয়।

May 7, 2024 12:54 PM

views 64

হাইলাকান্দিত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ এই ৰোগক লৈ সতর্কতা

হাইলাকান্দি জিলাত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ অলপতে এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে এই ৰোগক লৈ সতর্কতা জাৰি কৰিছে। ইফালে কাছাৰ জিলাতো ৩ জন ব্যক্তিৰ দেহত এইচ ওৱান এন ওৱান ভাইৰাছৰ সংক্ৰমন নিশ্চিত হোৱাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। হাইলাকান্দি স্বাস্থ্য বিভাগে কালি এই ৰোগ সন্দৰ্ভত এখন জৰুৰী সংবাদমেলৰ আয়োজন কৰে। হাইলাকান্দি কাটাশালৰ ১৩ বছৰীয়া আন এটি কিশোৰ স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি হৈ আছে বুলিও স্বাস্থ্য বিভাগে সদৰি কৰে।