May 5, 2025 8:27 PM

views 60

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ কেইটামান ৱেৱছাইট পাকিস্তানী হেকাৰে হেক কৰা প্ৰয়াসৰ বিষয়ে তথ্য পোৱা গৈছে

ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ কেইটামান ৱেৱছাইট পাকিস্তানী হেকাৰে হেক কৰাৰ প্ৰয়াস চলোৱাৰ বিষয়ে তথ্য পোৱা গৈছে। প্ৰতিৰক্ষা সূত্রই নতুন দিল্লীত প্ৰকাশ কৰা অনুযায়ী পাকিস্তানী হেকাৰে ইণ্ডিয়ান মিলিটাৰী ইঞ্জিনিয়াৰিং চাৰ্ভিছ আৰু মনোহৰ পাৰিকাৰ ইন্সটিটিউট অৱ ডিফেন্স ষ্টাডিজ এণ্ড এনালাইছিছৰ ৱেৱছাইট কেইটাত প্ৰৱেশ কৰি প্ৰতিৰক্ষা বাহিনীৰ বিষয়া কৰ্মচাৰীৰ ব্যক্তিগত লগ ইন তথ্য লাভ কৰাৰ সম্ভেদ পোৱা গৈছে। ইয়াৰ উপৰি পাকিস্তানী হেকাৰে ভাৰতত আমৰদ ভেহেকল নিগম লিমিটেডৰ চৰকাৰী ৱেৱছাইটতো অনাধিকাৰ প্ৰবেশৰ চেষ্টা চ...

May 5, 2025 8:20 PM

views 50

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী পদক্ষেপ গ্ৰহণ

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতে চেনাব নদীৰ বাগলিহাৰ বান্ধৰ মাজেৰে যোৱা পানীৰ সোঁত বন্ধ কৰি দিছে। আকাশবাণী জন্মুৰ সংবাদদাতাই জনোৱা অনুসৰি ভাৰতে সিন্ধু নদীৰ পৰা পাকিস্তানলৈ এক টোপাল পানীও যাবলৈ নিদিয়া সিদ্ধান্ত গ্ৰহণ কৰি বাগলিহাৰ বান্ধৰ পৰা পানীৰ প্ৰবাহ বন্ধ কৰিছে। ভাৰতে ঝেলাম নদীৰ কিষাণ গংগা বান্ধটো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে। জম্মু সংমণ্ডলৰ ৰামবন জিলাৰ বাগলিহাৰ আৰু উত্তৰ কাশ্মীৰৰ কিষাণ গংগা জলবিদ্যুৎ বান্ধে ভাৰতক পানী এ...

May 5, 2025 8:16 PM

views 71

পবিতৰা অভয়াৰণ্যত এগৰাকী বনকৰ্মীয়ে ভাৰতীয় পিট্টা অর্থাৎ নৱৰংগ নামৰ চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে

পবিতৰা অভয়াৰণ্যত আজি এগৰাকী বনকৰ্মীয়ে ভাৰতীয় পিট্টা অর্থাৎ নৱৰংগ নামৰ চৰাইটো প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে। চৰাইটোৰ বৈজ্ঞানিক নাম- পিট্টা ব্ৰাচুৰিয়া আৰু এই চৰাইটোৰ পাখিত ৯টা ৰং আছে। পক্ষী অন্বেষণকাৰী আৰু পক্ষী সম্পৰ্কীয় আলোকচিত্ৰ গ্ৰহণকাৰী যুৱক দেৱজিৎ নাথ ধুনু, পল্লব প্ৰাঞ্জল শৰ্মা আৰু উমেশ ডেকাই অভয়াৰণ্যখনত চৰাইটোৰ প্ৰথমবাৰৰ বাবে আলোকচিত্ৰ সংগ্ৰহ কৰে। এই পৰিভ্ৰমী চৰাইটো অসমত ইয়াৰ পূৰ্বে কোকৰাঝাৰত দেখা গৈছিল বুলি তেওঁলোকে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ৰঙিন আৰু ডাঠ ঠেংযুক্ত এই চৰাইটোৰ উৰণৰ ...

May 5, 2025 8:11 PM

views 62

মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন টাকাম মিচিং পৰিন কেবাং চমুকৈ টি এম পি কে দাবী দিৱস পালন

ৰাজ্যৰ মিচিং বসতিপ্রধান অন্যান্য জিলাৰ লগতে ধেমাজি জিলাটো মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন টাকাম মিচিং পৰিন কেবাং চমুকৈ টি এম পি কে দাবী দিৱস পালন কৰে। ১৯৮৪ চনৰ পৰা প্ৰতি বছৰে আজিৰ দিনটোত জনগোষ্ঠীটোৰ দল-সংগঠনসমূহে এই দিৱস পালন কৰি আহিছে। জনগোষ্ঠীটোৰ অমীমাংসিত ১৪ দফীয়াসমূহ মীমাংসাৰ বাবে এই কাৰ্যসূচী লোৱা হয়। জিলাখনৰ জোনাই আৰু চিলাপথাৰত আজি ছাত্ৰ সংগঠনটোৰ শতাধিক কর্মীয়ে মিচিং জনগোষ্ঠীয় অন্য দল-সংগঠনৰ সহযোগত এই দাবী দিৱস পালন কৰে। তেওঁলোকে জিলা আয়ুক্ত আৰু চক্রবিষয়াৰ জৰিয়তে দাবী সম্বলিত স্মাৰকপত্...

May 5, 2025 8:08 PM

views 40

আজিৰে পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত আজিৰে পৰা দুদিনীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। আজি কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছত গ্ৰন্থমেলা মুকলি, অধ্যয়নচক্র, আলোচনা সত্ৰ, মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ গান্ধৈ উন্মোচন, মৰাণঘৰ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হয়। হেজাৰ হেজাৰ বিহুৱা-নাচনীয়ে গছ তলৰ বিহু পৰিৱেশন কৰে। দিনৰ ভাগত এহেজাৰ আ...

May 5, 2025 7:54 PM

views 56

মানস ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ চোৰাং চিকাৰৰ সৈতে জড়িত ৩ জন লোকক চিৰাং আৰক্ষীয়ে আটক কৰিছে

মানস ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ চোৰাং চিকাৰৰ সৈতে জড়িত ৩ জন লোকক চিৰাং আৰক্ষীয়ে আটক কৰিছে। যোৱা শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ চোৰাং চিকাৰৰ ঘটনাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই ৪৮ ঘণ্টাৰ ভিতৰত লোককেইজনক আটক কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে চোৰাং চিকাৰীকেইজনৰ পৰা দুটা এছ বি এম এল বন্দুক, ভালেখিনি গুলী-বাৰুন্দ আৰু ৱাকি-টকিকে ধৰি ভালেমান আপত্তিজনক সামগ্রী উদ্ধাৰ কৰে। আৰক্ষীয়ে লগতে তথ্য প্ৰমাণৰ ভিত্তিত দুটা হাতীৰ দাঁত জব্দ কৰে।

May 5, 2025 7:50 PM

views 44

প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সন্দৰ্ভত ১০ খন শিক্ষানুষ্ঠানৰ ৯ গৰাকী অধ্যক্ষ, ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষকক চাকৰিৰ পৰা নিলম্বন

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সন্দৰ্ভত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ ১০ খন শিক্ষানুষ্ঠানৰ ৯ গৰাকী অধ্যক্ষ, ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষকক চাকৰিৰ পৰা নিলম্বন কৰিছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রশ্নকাকত ফাদিলৰ ঘটনাক লৈ শিক্ষককেইগৰাকীলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছিল আৰু এই ক্ষেত্ৰত সন্তোষজনক উত্তৰ লাভ নকৰাৰ বাবে তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰা হয়। সেই অনুসৰি শোণিতপুৰৰ নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড০ ৰোহিত চন্দ্ৰ ৰাভা,...

May 5, 2025 7:44 PM

views 52

দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান বিয়লি ৪.৩০ বজাত সামৰণি

পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি পৰে। দ্বিতীয় পৰ্যায়ত পৰহিলৈ ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত নির্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত ৯১ লাখ ৩১ হাজাৰ ১২৭ গৰাকী ভোটদাতাই ২৯ হাজাৰ ৬০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। এই নিৰ্বাচনৰ বাবে মুঠ ১২ হাজাৰ ১৩০টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিকাভাৱে অনু...

May 5, 2025 6:33 PM

views 45

৩ দিনীয়া ভ্ৰমণ সামৰি জাপানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলটো অসমৰ পৰা উভতি গৈছে

জাপানৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেন্টেটিভছৰ অধ্যক্ষ নুকাগা ফুকুশ্বিৰ'ৰ নেতৃত্বত দেশখনৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলটো আজি ৩ দিনীয়া ভ্ৰমণ সামৰি অসমৰ পৰা উভতি গৈছে। ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্রী নন্দিতা গালোচাৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলে বৰঝাৰৰ লোকপ্রীয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত তেওঁলোকক আনুষ্ঠানিকভাৱে বিদায় ম্ভাষণ জনায়। দলটোৱে কালি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযূষ হাজৰিকা আৰু বিমল বৰাৰ উপস্থিতিত দলটো...

May 5, 2025 6:26 PM

views 34

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাথমিক, মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনৰ শিক্ষকসকলে একক অথবা পাৰস্পৰিক বদলিৰ বাবে WWW.HRMSASSAM.IN প'ৰ্টেলৰ জৰিয়তে ২০ মে'ৰ মাজ নিশাপর্যন্ত আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত কোনোধৰণৰ অফ ...