May 20, 2025 9:11 PM

views 42

অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক বিদেশ সচিব বিক্রম মিশ্ৰীৰ প্ৰয়োজনীয় বিভিন্ন বিষয় অৱগত

বিদেশ সচিব বিক্রম মিশ্ৰীয়ে আজি অপাৰেচন সিন্দুৰ সন্দৰ্ভত ভাৰতৰ কূটনৈতিক কাৰ্য্যসূচীৰ অংশ হিচাপে বিদেশলৈ যাবলগীয়া সর্বদলীয় প্রতিনিধি মণ্ডলৰ সদস্যসকলক প্ৰয়োজনীয় বিভিন্ন বিষয়ে অৱগত কৰে। ইয়াৰ পূৰ্বে চৰকাৰে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি সম্পৰ্কে বিশ্বৰ বিভিন্ন দেশক অৱগত কৰোৱাৰ উদ্দেশ্যে ৭টা বহুদলীয় প্রতিনিধি মণ্ডল কেবাখনো বিদেশী ৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল। ৫৯ জন সাংসদেৰে গঠিত এই প্রতিনিধি দলটোৱে কাইলৈৰে পৰা অহা ৫ জুনলৈকে ৰাষ্ট্ৰসংঘৰ সদস্য ৰ...

May 20, 2025 9:07 PM

views 51

নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ডিক স্কোভক বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি হেগত নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ডিক স্কোভক সাক্ষাৎ কৰে। এই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-নেডাৰলেণ্ডছ সম্বন্ধৰ অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে লগতে উচ্চ পৰ্য্যায়ৰ ভ্ৰমণ আৰু আলোচনাৰ মাধ্যমেৰে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰি তুলিবলৈ সন্মতি প্রকাশ কৰে।

May 20, 2025 9:04 PM

views 60

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন গৃহ মন্ত্ৰালয়ৰ আহ্বান

গৃহ মন্ত্ৰালয়ে ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই সন্মানসমূহৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে ৩১ জুলাই পৰ্য্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত উপলব্ধ আৰ্হিত ভিন ভিন ক্ষেত্ৰৰ মনোনীত ব্যক্তিৰ অভূতপূর্ব সাফল্যৰ স্পষ্ট বর্ণনাত্মক প্রশংসা সহ নির্দিষ্ট যাৱতীয় সবিশেষ বিৱৰণ সন্নিৱিষ্ট কৰা উচিত বুলি প্ৰকাশ কৰিছে। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। ১৯৫৪ চনত প্ৰৱৰ্তন কৰা এই ...

May 20, 2025 9:01 PM

views 47

ভাৰত এখন সুস্থ বিশ্বৰ ভৱিষ্যৎ-অন্তর্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীলঃ প্রধানমন্ত্ৰী

এখন সুস্থ বিশ্বৰ ভৱিষ্যৎ-অন্তর্ভুক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ ৭৮ সংখ্যক সত্ৰত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে মন্তব্য কৰে। স্বাস্থ্য প্ৰত্যাহ্বানসমূহে বিশেষকৈ গ্লোৱেল ছাউথ হিচাপে জনাজাত ঔদ্যোগিকৰণ আৰু আৰ্থিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে ভাৰতীয় দৃষ্টিভংগীয়ে এই সমস্যা সমাধান...

May 20, 2025 8:52 PM

views 47

পাকিস্তানে গণ বিতাৰণ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ সহস্ৰাধিক আফগান শৰণাৰ্থী পৰিয়াললৈ মানৱীয় সাহায্য

পাকিস্তানে গণ বিতাৰণ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতে হাজাৰ হাজাৰ আফগান শৰণাৰ্থী পৰিয়াললৈ মানৱীয় সাহায্য আগবঢ়াইছে। আফগান শৰণাৰ্থী আৰু প্ৰত্যাৱৰ্তন মন্ত্ৰ্যালয়ে সদৰি কৰা অনুসৰি অলপতে পাকিস্তানৰ পৰা বলপূর্বকভাৱে বিতাড়িত হোৱা প্ৰায় ৫ হাজাৰ আফগান পৰিয়াললৈ ভাৰতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। শৰণাৰ্থী সঞ্চালকালয়ৰ কাবুলত থকা কাৰ্যালয়ৰ জৰিয়তে ১১ বিধ খাদ্য সামগ্ৰীৰ এই সাহায্য বিতৰণ কৰা হৈছে। আফগান শৰণাৰ্থী আৰু প্ৰত্যাৱৰ্তন দপ্তৰৰ মন্ত্ৰী মৌলৱী আব্দুল কবিৰে এই অবিৰত সমৰ্থনৰ বাবে ভাৰত ...

May 20, 2025 8:44 PM

views 53

মহাৰাষ্ট্ৰৰ মহা যুটি চৰকাৰৰ মন্ত্ৰী হিচাপে জ্যেষ্ঠ এন চি পি নেতা চগন ভুজবালৰ শপত গ্ৰহণ

জ্যেষ্ঠ এন চি পি নেতা চগন ভুজবালে আজি মহাৰাষ্ট্ৰৰ মহা যুটি চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি ৰাজভৱনত মন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শপত গ্রহণ অনুষ্ঠানত মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ, উপ-মুখ্যমন্ত্রী একনাথ সিন্দে আৰু অজিত পাৱাৰ উপস্থিত থাকে।

May 20, 2025 8:40 PM

views 66

ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জনস্বাস্থ্য সমস্যা হিচাপে স্বীকৃত চকুৰ সংক্ৰামক ৰোগ ট্রাক’মা নিৰ্মূলকৰণ প্ৰমাণপত্ৰ লাভ কৰিছে

ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জনস্বাস্থ্য সমস্যা হিচাপে স্বীকৃত চকুৰ এবিধ সংক্ৰামক ৰোগ ট্রাক’মা নিৰ্মূলকৰণ প্ৰমাণপত্ৰ লাভ কৰিছে। জেনেভাত অনুষ্ঠিত ৭৮ সংখ্যক বিশ্ব স্বাস্থ্য মহাসভাত এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয় । ৰোগ নিৰ্মূলকৰণ আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহনক্ষম প্ৰচেষ্টা আৰু সকলোৰে বাবে সু-স্বাস্থ্য নিশ্চিত কৰাৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিনস্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৮ অক্টোবৰত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰে ট্ৰাক’মা ৰোগ নিৰ্মূল কৰাৰ ক...

May 20, 2025 8:37 PM

views 64

শক্তি সুৰক্ষাক অন্যতম গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে প্ৰকাশ কৰিছে

কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে শক্তি সুৰক্ষাক অন্যতম গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান বুলি প্ৰকাশ কৰিছে। ব্রাজিলত অনুষ্ঠিত ব্ৰিক্‌ছ শক্তিমন্ত্ৰীসকলৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি মন্ত্ৰীগৰাকীয়ে দেশৰ নিকা শক্তি ক্ষেত্ৰৰ সাফল্যসমূহৰ ওপৰত আলোকপাত কৰে। শক্তিৰ উপলব্ধতা ত্বৰান্বিত কৰা, সেউজ হাইড্ৰ'জেন খণ্ডৰ প্ৰগতি সাধন, নৱীকৰণযোগ্য শক্তিৰ উন্নয়ন তথা শক্তিৰ উৎপাদন, সম্প্ৰসাৰণ কৰাৰ খণ্ডত দেশে লাভ কৰা দশকজোৰা প্ৰগতিৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক সুস্থিৰতা সুনিশ্...

May 20, 2025 8:28 PM

views 32

ডিব্ৰুগড় জিলাত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত অহা জুন আৰু জুলাইৰ চাউল আগতীয়াকৈ আৱণ্টন

ডিব্ৰুগড় জিলাত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত অহা জুন আৰু জুলাইৰ চাউল আগতীয়াকৈ আৱণ্টন দিছে। এই আৱণ্টন প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ ডিব্ৰুগড় যোগান বিভাগৰ এটা দলে আজি ভাৰতীয় খাদ্য নিগমৰ চাউলখোৱাত থকা গুদাম পৰিদৰ্শন কৰে। দলটোৱে সকলো পৰিবহণকাৰীক নিৰ্ধাৰিত সময়ৰ ভিতৰত চাউল সংগ্ৰহৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় হ’বলৈ পৰ্যাপ্ত ট্ৰাকৰ যোগান ধৰাৰ বাবে এটা নিৰ্দেশ জাৰি কৰে।

May 20, 2025 8:26 PM

views 46

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’-হামৰেণ সংযোগী পথৰ সোঁমাজত গছ বাগৰি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত

যোৱা মাজনিশাৰে পৰা হোৱা প্ৰবল বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙৰ ডেৰাগাঁৱৰ সমীপৰ বৈঠালাংছ'- হামৰেণ সংযোগী পথৰ সোঁমাজত গছ বাগৰি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত হয়।