July 5, 2025 5:54 PM

views 55

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ আজি ৬১ সংখ্যক মৃত্যু বার্ষিকী পালন

বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ আজি ৬১ সংখ্যক মৃত্যু বার্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীৰ মৃত্যু বার্ষিকী পালন কৰা হৈছে। অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক দুৱৰাই পশ্চিমীয়া আৰু পাৰচ্যৰ কাব্যমনীষাৰ সৃষ্টিৰাজিৰ আলোকেৰে অসমীয়া কাব্য সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে। ৰমন্যাস যুগৰ কবি হিচাপে দুৱৰাদেৱৰ অৱদান অতুলনীয়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই মৃত্যুবার্ষিকী উপলক্ষে সাহিত্যিকগৰাকীলৈ শ্ৰদ্ধা ন...

July 5, 2025 5:24 PM

views 47

আজি দিনৰ ২.৩০ বজাৰ পৰা ৩.৩০ বজাৰ ভিতৰত শ্বেৰা পহানৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিস্কাৰ কৰিব

আজি দিনৰ ২.৩০ বজাৰ পৰা ৩.৩০ বজাৰ ভিতৰত শ্বেৰা পহানৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিস্কাৰ কৰিব। ইয়াৰ পাছত তিনিওখন ৰথত ঘোঁৰা যুটি দিয়া হ'ব। বিয়লি ৪ বজাত ৰথ টনাৰ পৰম্পৰা আৰম্ভ হ'ব। হাজাৰ হাজাৰ তীর্থযাত্রীয়ে কালি সন্ধিয়া শ্ৰীগুন্দিছা মন্দিৰত সন্ধ্যা দৰ্শন অনুষ্ঠানত দেৱতাকেইগৰাকীক দৰ্শন কৰে। যোৱা ২৯ জুনত শ্ৰীগুন্দিছা মন্দিৰৰ সমীপত হেঁচা-ঠেলা ঘটনাত পদপিষ্ট হৈ তিনিজন লোকে প্ৰাণ হেৰুওৱা আৰু কেইবাজনো আহত হোৱালৈ চাই বহুড়া যাত্ৰাৰ বাবে ব্যাপক সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।

July 5, 2025 5:13 PM

views 59

আমেৰিকা আৰু অন্য ৰাষ্ট্ৰলৈ অবৈধ মানৱ সৰবৰাহত জড়িতৰ অভিযোগত দিল্লী আৰু হিমাচল প্ৰদেশৰ পৰা ২জন লোকক গ্ৰেপ্তাৰ এন আই এৰ

ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্য ৰাষ্ট্ৰলৈ অবৈধ মানৱ সৰবৰাহৰ ঘটনাত জড়িত থকাৰ অভিযোগত দিল্লী আৰু হিমাচল প্ৰদেশৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্ত সংস্থাটোৱে এটা বিবৃতিযোগে ধৃত ব্যক্তি দুজনৰ এজনে অবৈধ আৰু বিপদসংকুল পথেৰে ভুক্তভোগীসকলৰ যাত্ৰাৰ সুবিধা কৰি দিয়াত মূল ভূমিকা পালন কৰিছিল আৰু আনজনে এই যাত্ৰাত সহায় আগবঢ়োৱা লেটিন আমেৰিকাৰ লোকসকললৈ পুঁজি হস্তান্তৰৰ সৈতে জড়িত আছিল।

July 5, 2025 5:08 PM

views 64

প্রযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছ’ফটে ২৫ বছৰৰ পাছত পাকিস্তানত কাম-কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে

প্রযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছ'ফটে বিশ্বজনীন পুনগঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে ২৫ বছৰৰ পাছত পাকিস্তানত কাম-কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে। ক্লাউড বেড্ পাটনাৰ লেড আৰ্হিৰ দোহাই দি কোম্পানীয়ে এই কথা ঘোষণা কৰিছে। এই আৰ্হিৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত কোম্পানীটোত কৰ্মৰত প্ৰায় ৯,১০০গৰাকী কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়া হৈছে। মাইক্ৰ'ছফ্‌টৰ পাকিস্তানৰ মুৰব্বী জাৱেদ ৰহমানে কোম্পানীটোৰ কাম-কাজ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আৰু দেশখনৰ প্ৰত্যাহ্বানজনক অর্থনৈতিক পৰস্থিতি, ৰাজনৈতিক অস্থিৰতা, কৰৰ উচ্চ হা...

July 5, 2025 4:34 PM

views 36

আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন’ছ আয়াৰ্ছত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ট্রেনিদাদ আৰু টবেগ'ৰ সফল ভ্ৰমণ সামৰি পাঁচ দেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন' ছ আয়াৰ্ছত উপস্থিত হৈছে। প্রধানমন্ত্রী মোদীক প্রবাসী ভাৰতীয়সকলে বিশেষ শাস্ত্রীয় নৃত্যৰে আদৰণি জনায়। শ্ৰীমোদীয়ে আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্রামী তথা জাতীয় নায়ক জেনেৰেল জোছ ডে ছেন মার্টিনৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ ভ্ৰমণ আৰম্ভ কৰিব। আনুষ্ঠানিক অভ্যর্থনাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উভয় দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ...

July 2, 2025 5:17 PM

views 78

কংগ্ৰেছে জামাত এ ইছলামীৰ সমৰ্থনত কেৰালাৰ নিলাম্বুৰ বিধানসভা সমষ্টিৰ উপ নির্বাচনত জয়ী হোৱা বুলি বিজেপিৰ অভিযোগ

● কংগ্ৰেছে জামাত এ ইছলামীৰ সমৰ্থনত কেৰালাৰ নিলাম্বুৰ বিধানসভা সমষ্টিৰ উপ নির্বাচনত জয়ী হোৱা বুলি বিজেপিয়ে অভিযোগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰ চেখৰে কংগ্ৰেছে তোষামোদৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে। তেওঁ কয় যে ২০১৮ চনত প্ৰাক্তন মুখ্যমন্ত্রী কংগ্ৰেছৰ অ'মেন চান্দীয়ে জামাত এ ইছলামী বিপদজনক ৰাষ্ট্ৰবিৰোধী সংস্থা বুলি প্ৰকাশ কৰিছে।

July 2, 2025 4:58 PM

views 47

কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক কঠোৰভাৱে গৰিহণা

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ দোষী, সংগঠক আৰু বিত্তীয় সাহায্য দিয়া লোকসকলক অনতিপলমে ন্যায় ব্যৱস্থাৰ অধীনলৈ আনিবলৈ কোৱাড গোষ্ঠীৰ সদস্যসকলে আহ্বান জনাইছে আৰু ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক ইয়াৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ৱাশ্বিংটন ডিচিত অনুষ্ঠিত কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত জম্মু কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্রমণক কঠোৰভাৱে গৰিহণা দিয়া হৈছে। তেওঁলোকে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলোধৰণৰ আৰু ৰূপৰ সন্ত্রাসবাদক সৰ্বসন্মতভাৱে গৰিহণা দিয়ে। ই...

July 2, 2025 4:43 PM

views 44

দেশৰ আগশাৰীৰ চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ অধ্যয়নত কোভিড-১৯ প্ৰতিষেধক সুৰক্ষিত আৰু ফলপ্ৰসু বুলি প্ৰমাণিত

● ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু অখিল ভাৰতীয় আয়ুৰবিজ্ঞান প্ৰতিষ্ঠানৰ বিশদ অধ্যয়ণত কোভিড-১৯ প্ৰতিষেধক আৰু কোভিডত্তোৰ কালত প্ৰাপ্ত বয়স্ত লোকৰ আকস্মিক মৃত্যুৰ কোনো সম্পৰ্ক নাই বুলি নির্ণায়কভাবে প্রমাণিত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে দেশৰ আগশাৰীৰ চিকিৎসা গৱেষণা প্ৰতিষ্ঠান দুটাৰ অধ্যয়নত ভাৰতত ব্যৱহাৰ হোৱা কোভিড-১৯ প্ৰতিষেধক সুৰক্ষিত আৰু ফলপ্ৰসু বুলি প্ৰমাণিত হৈছে আৰু এনে প্ৰতিষেধকৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়া তেনেই দুর্লভ। দেশত আ...

June 30, 2025 8:44 PM

views 49

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ ৭৮ বছৰত ভৰি দিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ ৭৮ বছৰত ভৰি দিব। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা ৯.৩০ বজাত বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্র স্থাপন কৰিব। প্রয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন কাইলৈ আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হ'ব। অষ্ট সপ্ততিতম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ দিনৰ ১০ বজাত গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্র বিষয়ক কু...

June 30, 2025 8:36 PM

views 39

আকাশবাণী তেজপুৰ কেন্দ্ৰৰ কাইলৈ গৌৰৱোজ্জ্বল ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ

আকাশবাণী তেজপুৰ কেন্দ্ৰই কাইলৈ গৌৰৱোজ্জ্বল ২৫ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ উপলক্ষে তেজপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি সন্ধিয়া ৰূপালী জয়ন্তী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ উত্তৰ-পূব ক্ষেত্ৰৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশীষ ভাটনাগৰ বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ লগতে তেজপুৰৰ সাহিত্য সংস্কৃতি জগতৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে।