September 17, 2025 6:54 PM

views 49

প্রধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ গুৱাহাটী বশিষ্ঠ মন্দিৰ প্ৰাংগণত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰে। স্বচ্ছ ভাৰত অভিযান, গ্রামীণ আৰু স্বচ্ছ ভাৰত অভিযান নগৰৰ সহযোগত গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি মন্ত্ৰী শ্ৰীমল্লবৰুৱাই কয়, যে প্রধানমন্ত্রী মোদীয়ে কার্যভাৰ গ্ৰহণ কৰাৰ পৰাই স্বচ্ছতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়েহে প্রধানমন্ত্...

September 16, 2025 7:14 PM

views 74

ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত

দৰং জিলাৰ দিপিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আজিৰে পৰা ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি উৎসৱ অনুষ্ঠিত হৈছে। ১৫৬৮ চনত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পৰম শিষ্য লেচাকণীয়া গোবিন্দ আতাই প্ৰতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। আজি পুৱা ৫ বজাত প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অঞ্চলটোৰ ৰাইজে ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিত পালন কৰা এই উৎসৱ পূৰ্বে সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল যদিও পাছলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেতি...

September 13, 2025 12:03 PM

views 81

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে গাজনি-ঢেৰেকনীৰে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

September 13, 2025 11:54 AM

views 61

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

■ প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰ আৰু পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্রিদীপ চাংমাইয়ে অংশগ্রহণ কৰিবলগীয়া অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ। এই অনুষ্ঠান ৰাজ্যখনৰ...

September 13, 2025 11:49 AM

views 50

১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলোধৰণৰ গধূৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মঙলদৈৰ পুনিয়াত হ'বলগীয়া জনসভাৰ পৰিপ্ৰেক্ষিতত আজি মাজনিশাৰ পৰা কাইলৈ মাজনিশা পৰ্যন্ত কাৰ্যকৰী হোৱাকৈ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলোধৰণৰ গধূৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। তদুপৰি দৰং জিলা প্ৰশাসনে এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ আউলাচৌকাৰ পৰা বেজপাৰা-ইছলামপুৰ চাৰিআলি হৈ কেৰিমেৰি পথেৰে মঙলদৈ নগৰৰ বাহিৰেৰে চাৰিচকীয়া লঘু যান-বাহনৰ চলাচল কৰোৱাৰ নিৰ্দেশ দিছে।

September 13, 2025 11:57 AM

views 127

বিটিচি নিৰ্বাচনঃ শাসক-বিৰোধী উভয় পক্ষৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ

● বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত বিজেপি প্ৰাৰ্থীৰ হৈ বহুকেইখন সভাত অংশগ্রহণ কৰাৰ লগতে ইউ পি পি এলৰ প্ৰাৰ্থীৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ প্ৰাৰ্থীৰ হৈ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত সভাত অংশ লৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি চিৰাং জিলাৰ বিজনী মহকুমাৰ মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ...

September 13, 2025 11:45 AM

views 55

আকাশবাণী গুৱাহাটী কেন্দ্ৰই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ভাগ ল'বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। বিয়লি ৫ বাজি ১০ মিনিটৰ পৰা আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এই অনুষ্ঠান প্ৰচাৰিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া ৫ বাজি ১৫ মিনিটৰ বিয়লিৰ আঞ্চলিক বাতৰি আৰু সন্ধিয়া ৬ বজাৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰি প্ৰচাৰিত নহয়।

September 11, 2025 3:30 PM

views 64

FAST TRACK IMMIGRATION – বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

■ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লক্ষ্ণৌ, তিৰুৱনন্তপুৰম, ত্ৰীচি, কালিকট আৰু অমৃতসৰ বিমান বন্দৰত ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে FAST TRACK IMMIGRATION - বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন কৰে। ইয়াৰ জৰিয়তে ভিন ভিন কামত বিদেশলৈ যাত্ৰা কৰা লোকসকলৰ পাছপ'ৰ্টকে ধৰি যাৱতীয় নথি-পত্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়া দ্রুত, সৰল আৰু সুৰক্ষিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ব্যৱস্থাই ভাৰতীয় নাগৰিক আৰু প্ৰবাসী লোকসকলক অধিক সুবিধা প্ৰদান কৰিব। বিমান বন্দৰৰ ই-প্ৰৱেশদ্বাৰ অথবা স্বয়ংচালিত প্ৰৱেশদ্বাৰসমূহৰ এই ব্যৱস্থা ...

September 11, 2025 1:01 PM

views 58

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক প্রতিবেদন দাখিল

● সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক সমস্ত বিষয়সমূহ পৰীক্ষা কৰাৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট চমুকৈ এছ আই টিয়ে কালি সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্রতিবেদন দাখিল কৰে। তাৰ পাছতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে এজন পাকিস্তানী নাগৰিক আলী টৌকিৰ শ্বেখ আৰু তেওঁৰ সহযোগীসকলৰ ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে বিশেষ তদন্ত গোট গঠন কৰিছিল বুলি প্ৰকাশ কৰে। তদন্তত উন্মোচন হোৱা তথ্য অনুসৰি আমাৰ জাতিৰ সাৰ্বভৌমত্বক ক্ষতিগ্রস্ত কৰাৰ বাবে এক ব...

September 11, 2025 12:58 PM

views 42

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

● প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ১৩ ছেপ্তেম্বৰৰ শনিবাৰৰ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে অংশগ্রহণ কৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।