December 1, 2025 10:46 AM

views 80

২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ

● নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি ২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ হ'ব। নাগালেণ্ডৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা দিৱসৰ সৈতে একেলগে আয়োজন কৰা এই ১০ দিনীয়া মহোৎসৱত নগা জনজাতিসকলক একেলগ কৰি ৰাজ্যখনৰ লোক সংগীত, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। প্রায় দুই দশক পূৰ্বে পৰ্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হর্নবিল মহোৎসৱ বৰ্তমান বিশ্বৰ অন্যতম আকর্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে। এই মহোৎসৱে এখন গোলকীয় মঞ্চ হিচাপে দেশ-বিদেশৰ পর্যটক, সহযোগী তথা শিল্পীসকলক আকৰ্ষণ ...

December 1, 2025 11:21 AM

views 53

শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ

■ শিৱসাগৰ চহৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ’ব। স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থ উৎসৱ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্রধান ড০ কুলধৰ শ‍ইকীয়াই মুকলি কৰিব। এই গ্ৰন্থ উৎসৱৰ কাৰ্যসূচীত সাহিত্য সংস্কৃতিৰ লগত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। ১১ ডিচেম্বৰলৈ হ'বলগীয়া দশম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি কুইজ, সংগীত, ৰচনা, নৃত্য, কবিতা আবৃত্তি আদিৰ লগতে বহু কাৰ্যসূচী অনুষ্...

December 1, 2025 12:01 PM

views 77

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আশিংকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৫ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

November 29, 2025 10:14 PM

views 267

ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

● পঞ্চদশ অসম বিধানসভাৰ চলিত অধিবেশনৰ আজি অন্তিম দিনা সদনত ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনক লৈ বিৰোধী পক্ষই আলোচনা হোৱাটো বিচাৰিছিল যদিও বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অনুমতি প্ৰদান নকৰে আৰু সদন অনিৰ্দিষ্ট কাললৈ স্থগিত বুলি ঘোষণা কৰে৷ প্রতিবেদন অনুসৰি অসমৰ জনজাতিসকলক ৩ টা ভাগত বিভক্ত কৰা হয়। আগৰে পৰা থকা ভৈয়াম জনজাতি আৰু পাৰ্বত্য জনজাতিৰ লগত উপত্যকা জনজাতি সংযোগ কৰা হৈছে। সেই অনুসৰ...

November 29, 2025 10:05 PM

views 63

জ্যেতি চিত্ৰবনত ২ দিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

■ গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যেতি চিত্ৰবনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। ২০১৭ চনৰ পৰা প্ৰতি বছৰে উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী চলচ্চিত্ৰমে ৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্য চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এইবাৰৰ মহোৎসৱৰ মূল বিষয় হৈছে- আমাৰ ঐতিহ্য আমাৰ গৌৰৱ। মহোৎসৱত ৩০ খন চুটি ছবি আৰু তথ্য চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শ‍...

November 27, 2025 1:14 PM

views 58

৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

● অহা ৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয়, যে এ ডি আৰ ইত উত্তীর্ণ প্রার্থীসকলো শীঘ্ৰেই নিযুক্তি পত্ৰ প্ৰদান কৰিব। মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰতিমাহে তেওঁলোকক ৩০০ টকাকৈ প্ৰদানৰ প্ৰক্ৰিয়া ২৮ নৱেম্বৰত...

November 27, 2025 1:22 PM

views 83

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি তৃতীয় দিন

● অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকা আজি পুৱা ৯.৩০ বজাত আৰম্ভ হ'ব। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰীয়ে কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি বিবেচনা আৰু গৃহীত কৰোৱাৰ ব্যৱস্থা কৰা হ'ব। আজি অধিবেশনৰ বিত্তীয় কাৰ্যসূচীৰ অধীনত বিদ্যালয় শিক্ষা বিভাগৰ সৈতে সম্পর্কিত ২০২৫-২৬ বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ'ব। ইয়াৰ লগতে ২০২৫-২৬ বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰতো ভোটদান হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি স...

November 25, 2025 12:47 PM

views 55

কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা অসম মন্ত্ৰীসভাৰ প্ৰস্তাৱক আদৰণি কাৰ্বি আংলঙৰ ৬ প্রাক্তন বিদ্রোহী সংগঠনৰ

■ অসম মন্ত্ৰীসভাই ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা প্ৰস্তাৱক কাৰ্বি আংলং জিলাৰ ছটা প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গই আদৰণি জনাইছে। কালি ডিফুত এখন সংবাদমেলত এই নেতাসকলে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে লগতে শান্তি চুক্তিৰ নিৰ্দিষ্ট দফা অনুসৰি ভৈয়ামৰ কাৰ্বিসকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবীও শীঘ্ৰে পূৰণ হ'ব বুলি আশা প্রকাশ কৰে। তেওঁলোকে কয়, যে ছটা বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ ৮০ শতাংশ ইতিমধ্যে পূৰণ হৈছে আৰু ২০ শতাংশ পৰৱৰ্তী চৰ...

November 25, 2025 1:15 PM

views 86

অসম বিধানসভাৰ শীতকালীন অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত

■ অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। আজি সদনত ১১ খন বিধেয়ক উত্থাপন হ'ব। ইয়াৰে তিনিখন নতুন আৰু ৮ খন সংশোধনী বিধেয়ক। প্রশ্নোত্তৰ শিতানেৰে সদনৰ দিনটোৰ কামকাজ আৰম্ভ হয়। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এছ আই টিৰ তদন্ত সন্দৰ্ভত সৰব হৈ পৰে। সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ উল্লেখ কৰি কয়, যে জুবিনৰ আদৰ্শৰ অপব্যাখ্যা কৰা হৈছ...

November 25, 2025 1:11 PM

views 56

প্ৰথমবাৰৰ বাবে অসমত দুখনকৈ ৰে’ল ক্ৰয় কৰি ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ কনক ডেকা নামৰ এজন যুৱকৰ

■ কামৰূপ জিলাৰ কনক ডেকা নামৰ এজন যুৱকে অসমত প্ৰথমবাৰৰ বাবে দুখনকৈ ৰে'ল ক্ৰয় কৰি ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ ঘটাইছে। ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰে'ল ক'ৰিড'ৰ নিৰ্মাণ কৰাটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এইয়াই প্রথম। ভাৰতীয় ৰে'ল মানচিত্ৰত কনক ডেকাৰ ব্যক্তিগত ৰে'ল ষ্টেচনৰ নাম সংযোজিত হৈছে। প্ৰধানমন্ত্রী গতি শক্তি আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই প্রকল্প মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। ৩০০ বিঘা ভূমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় এহেজাৰ যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব। ২৪৫ কোটি টকা ব...