December 5, 2025 2:35 PM

views 46

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিয়ে সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছেঃ মুখ্যমন্ত্রী

● সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠিত বিজেপিয়ে সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তামুলপুৰত কালি সাংবাদিকৰ আগত এই কথা সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তেওঁৰ অসম ভ্ৰমণৰ সময়ত ২০২৬-ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলটোৱে প্ৰস্তুত কৰা ৰূপৰেখা চূড়ান্ত কৰিব। বি টি চি অঞ্চলত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি এতিয়ালৈকে আৰম্ভ হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অৱশ্যে ৰাজ্যৰ বাকী অঞ্চলসমূহৰ বাবে...

December 5, 2025 12:25 PM

views 39

জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কোনোধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰে

ৰাজ্যৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে অহা এমাহলৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে কোনোধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ নকৰে বুলি কালি সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে জানিবলৈ দিয়ে। কালি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডাঃ ৰণোজ পেণ্ডৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত সমিতিয়ে এই কথা স্পষ্ট কৰে। আলোচনাৰ অন্তত সাংবাদিকৰ সৈতে কথোপকথনত শ্ৰী খাখলাৰীয়ে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় সংগঠনসমূহ...

December 5, 2025 12:22 PM

views 49

দুদিনীয়া ভ্রমণসূচীৰে ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২০ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে এই ভ্রমণকালত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাত অংশগ্রহণ কৰিব। শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ'বলগীয়া এম’নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নি...

December 5, 2025 12:15 PM

views 61

আজি বিয়লি ৩ বাজি ৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান

■ আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডত ৰূপায়িত চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আমগুৰি খণ্ড উন্নয়ন বিষয়া ৰাতুল গগৈৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ শিৱসাগৰ জিলাৰ সংবাদদাতা মুজাহিদ আলীয়ে। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব।

December 5, 2025 12:08 PM

views 62

গোৱালপাৰা জিলাৰ বিভিন্ন অংশত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

● গোৱালপাৰা জিলাৰ বিভিন্ন অংশত যোৱা কেইবাদিনো ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। জিলাখনৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে গৰাইমাৰী অঞ্চলত আজি পুৱা বনৰীয়া হাতীৰ আক্ৰমণত হিতেন ৰাভা নামৰ এজন লোকৰ মৃত্যু হয়। পুৱা ঘৰৰ পৰা ওলোৱাৰ সময়তে এটা বনৰীয়া হাতীয়ে তেওঁক আক্ৰমণ কৰে। পাছত বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

December 5, 2025 12:02 PM

views 105

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ

■ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত প্ৰথম পৰ্যায়ৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে। প্ৰকল্পটোৰ প্ৰথমটো ইউনিটত বিজুতি ঘটাৰ পাছত দ্বিতীয়টো ইউনিটৰ জৰিয়তে কালি সফলভালে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কার্যক আদৰণি জনাই কয়, যে এই প্রকল্পই লাখ লাখ লোকৰ বাবে বিশুদ্ধ শক্তিৰ উৎপাদনেৰে দেশৰ শক্তি নিৰাপত্তাক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰাৰ লগতে অসমৰ বিকাশৰ ধাৰাত ইন্ধন যোগাব। উল্লেখযোগ্য যে বিভিন্ন দল সংগঠনৰ বিৰোধিতাৰ মাজত ২৬ হাজাৰ ৭৫ কোটি টকা ব্যয় সাপেক্ষে এই দুহেজাৰ মে...

December 5, 2025 11:58 AM

views 55

অসম বিধানসভাৰ বিধায়ক আৰু সচিবসহ ১০জনীয়া দলৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা ভ্ৰমণ

● অসম বিধানসভাৰ ৬জন বিধায়ক আৰু ৪জন সচিবসহ ১০জনীয়া এটা দলে কালি দক্ষিণ শালমাৰা মানকাচৰ জিলা ভ্ৰমণ কৰি জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ পৰ্যালোচনা কৰে। দলটোৱে কালি বিয়লিৰ ভাগত ভাৰত-বাংলাদেশ সীমান্তত চলি থকা খহনীয়া আৰু খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে। বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত অহা দলটোৱে সন্ধিয়া হাটশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেইবাটাও বিভাগৰ সৈতে আলোচনাত মিলিত হয়। সভাত বিভিন্ন বিভাগৰ মুৰব্বী, জিলা প্ৰশাসনৰ বিষয়া আৰু মানকাচৰৰ বিধায়ক আমিনুল...

December 5, 2025 12:11 PM

views 66

যোৰহাটৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৩দিনীয়াকৈ আয়োজন

■ যোৰহাট জিলাৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰেপৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, স্মৃতিগ্ৰন্থ উন্মোচনীৰ লগতে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৪৫ চনত স্থাপিত বিদ্যালয়খনৰ ২০২০ চনত ৭৫ বছৰ সম্পূৰ্ণ হয় যদিও মহাৰৰ্জত জয়ন্তীৰ অনুষ্ঠান কোৱিডকালীন পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছিল।

December 4, 2025 9:02 PM

views 45

৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ সমন্বয়ৰক্ষী সমিতিৰ দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনা

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আজি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হয়। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা কৰা হয়। বৈঠকত ডা০ পেগুৱে মন্ত্রীগোটে জনোৱা অনুমোদনৰ উপৰি ইতিমধ্যে তালিকাভুক্ত অনুসূচীত জনজাতিৰ...

December 4, 2025 8:57 PM

views 49

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমানৰ উৰণ আৰু অৱতৰণত খেলিমেলি

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আজি বিমানৰ উৰণ আৰু অৱতৰণত খেলিমেলি হোৱা বাবে বিমান যাত্ৰীসকলৰ মাজত অসুবিধাৰ সৃষ্টি হয়। বিশেষকৈ ইণ্ডিগ বিমানৰ যাত্ৰীসকলে বহু সময় ধৰি বিমান বন্দৰত অপেক্ষা কৰিবলগীয়া হয়। ইতিমধ্যে গুৱাহাটীৰ পৰা উৰা মাৰিবলগীয়া আৰু গুৱাহাটীত অৱতৰণ কৰিবলগীয়া ইণ্ডিগ'ৰ সকলো বিমান বাতিল কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। অৱশ্যে কি কাৰণত ইণ্ডিগ' বিমানৰ উৰণ আৰু অৱতৰণ বাতিল কৰা হৈছে, সেই সন্দৰ্ভত বিমান কর্তৃপক্ষই কোনো তথ্য প্ৰকাশ কৰা নাই।