December 29, 2025 4:25 PM

views 49

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। এখুদ ককাইদেউ হিচাপে পৰিচিত বিশিষ্ট কবি, সাহিত্যিক, শিক্ষাবিদ নৱকান্ত বৰুৱাৰ ৯৯ সংখ্যক জন্মবার্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্রতিক সময়তো জনমানসক আলোড়িত কৰে। আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দৰ্য, মৃত্যু ৰহস্য আৰু প্ৰেমৰ অনন্য ৰূপ প্ৰত...

December 29, 2025 12:00 PM

views 60

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ সামান্য ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৪ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থকাৰ আৰু অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া ক...

December 29, 2025 11:54 AM

views 52

বিশ্বনাথৰ বাঘমাৰীত জিলা প্রশাসনৰ দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ

বিশ্বনাথ জিলাৰ বাঘমাৰীত কালি জিলা প্রশাসনে দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা ৭৩২ টা পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে ৬৮ টা পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্রশাসনে কালি ন্যায়ালয়ৰ বিবেচনাধীন ৬৮ টা পৰিয়ালৰ বাসগৃহৰ বাহিৰে বাকী ৬৬৪ টা পৰিয়ালৰ বাসগৃহত শান্তিপূর্ণভাৱে উচ্ছেদ চলায়।

December 29, 2025 11:49 AM

views 51

ড০ নগেন শ‍ইকীয়ালৈ প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতৰ বৰেণ্য অসমীয়া বঁটা

■ বিশিষ্ট সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াক অসমৰ সংবাদ গোষ্ঠী প্ৰাগ নিউজ আৰু দৈনিক জনমভূমি কাকতে বৰেণ্য অসমীয়া বঁটা প্ৰদান কৰিব। সাহিত্যিকগৰাকীৰ ডিব্ৰুগড় জিলাৰ ফুকন নগৰত অৱস্থিত বাসগৃহ আশ্ৰয়ত কাইলৈ এই বঁটা প্ৰদান কৰা হ'ব। বঁটা প্ৰদান অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ জিতেন হাজৰিকা, প্ৰাক্তন উপাচাৰ্য্য ড০ কন্দৰ্প কুমাৰ ডেকা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ আৰু দৈনিক...

December 29, 2025 11:37 AM

views 70

অসম গ্রন্থ মেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক আলোচনা অনুষ্ঠিত হ’ব

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি ষষ্ঠদিন। গ্রন্থমেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক এখন আলোচনা সত্র অনুষ্ঠিত হ'ব। আলোচনা সত্ৰখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু সঞ্চালনা কৰিব অনুৰাধা শৰ্মা পূজাৰীয়ে। আলোচনা সত্ৰখনত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ বিমল মজুমদাৰ আ...

December 29, 2025 11:32 AM

views 48

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত আইন-শৃংখলা পৰিস্থিতি কিছু উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুখনত কালিৰেপৰা ম'বাইল ইণ্টাৰনেট সেৱা পুনৰ বাহাল কৰা হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাৰ্বত্য জিলা দুখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে ক্ষতিগ্রস্ত অঞ্চলসমূহত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে বিগত সপ্তাহত পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অংশত হোৱা হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হয়। আহতসকলৰ অধিকাংশই সুৰক্ষা বাহিনীৰ লোক ...

December 29, 2025 12:03 PM

views 46

ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভা

● ৱান নেশ্যন, ৱান পে'ৰ লিখিত আবেদনৰ ভিত্তিত বেতন প্রদান কৰিলে ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমৰো সকলো ন্যায়িক কৰ্মচাৰীয়ে একেটা নিৰিখতে বেতন লাভ কৰিব আৰু অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। ডিব্ৰুগড় জিলাৰ ন্যায়িক কৰ্মচাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ ৩২সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অখিল ভাৰত ন্যায়িক কৰ্মচাৰী সংঘৰ সম্পাদক আৰু উত্তৰ পূব ন্যায়িক কৰ্মচাৰী মহাসংঘৰ সভাপতি তথা সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনন্ত প্রসাদে এইদৰে উল্লেখ কৰে। ডিব্ৰুগড়ৰ ইণ্ডিয়া ...

December 29, 2025 11:27 AM

views 63

গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কার্যসূচীত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি গুৱাহাটীলৈ অহাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে তেওঁৰ বিমান যাত্রা বাতিল হোৱাত অসম ভ্রমণ এদিন পিছুৱাই দিবলগীয়া হয়। আজি পুৱা গুৱাহাটীত উপস্থিত হৈ শ্ৰীশ্বাহে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্রদ্ধা জনাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত নগাঁও জিলাৰ বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতি...

December 27, 2025 8:56 PM

views 110

অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী লোৱা হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলাতো আজি অসম সাহিত্য সভাৰ উদ্যোগত সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত নিজ নিজ কর্মক্ষেত্ৰত সাফল্য অৰ্জন কৰা ডিব্ৰুগড় সাহিত্য সভাৰ ৪ গৰাকী কাৰ্যনিৰ্বাহক বিষয়ববীয়াক সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানতে...

December 27, 2025 8:50 PM

views 53

শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি সামৰণি পৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি দলীয় কর্মীসকলক উদ্দেশ্যি দিয়া ভাষণত কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তোষামোদৰ ৰাজনীতিক তীব্র সমালোচনা কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰে এতিয়ালৈকে ৰাজ্যত এক লাখ ৪৫ হাজাৰতকৈও অধিক বিঘা ভূমি দখলমুক্ত কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ উন্নয়নৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কাজিৰঙাৰ ওপৰেৰে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নি...