March 11, 2025 8:31 PM

views 60

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছেঃ ৰণজিৎ কুমাৰ দাস

ৰাজ্যত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত জিলা পৰিষদ পৰ্যায়ত ৫৯৪টা আৰু উন্নয়ন খণ্ড পৰ্যায়ত ২,৭১০টা পদ খালী হৈ আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি বিধানসভাত বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খালী হৈ থকা পদসমূহ প্ৰয়োজন সাপেক্ষে পূৰণ কৰাৰ লগতে পর্যায়ক্রমে পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব। বিভাগটোৰ অধীনত বৰ্তমান ৭,৫৮৭ জন ঠিকাভিত্তিক কৰ্মচাৰী বিভিন্ন পৰ্যায়ত কৰ্মৰত হৈ আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

March 8, 2025 1:37 PM

views 62

খিলঞ্জীয়া-জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ খিলঞ্জীয়া-জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ তথা প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে ছটা খিলঞ্জীয়া-জনজাতীয় বিশ্বাস আৰু সংস্কৃতিৰ অনুষ্ঠানৰ বাবে কাইলৈ ১০ লাখ টকাকৈ দ্বিতীয় কিস্তিৰ ধন আদায় দিয়া হ'ব। ইয়াৰ বাবে কাইলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেটা অনুষ্ঠানতেই গুৱাহাটীৰ গড়চুকত থকা সদৌ বাথৌ মহাসভালৈ ৫ কোটি ৫০ লাখ টকা, ১৯৮ খন খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাসৰ উপাসনাস্থলীৰ বাব...

March 7, 2025 9:11 PM

views 57

মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কালাপাহাৰৰ ৰাধা গোবিন্দ বৰুৱা পথ, ড° ভূপেন হাজৰিকা পথ আৰু মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলং উদ্বোধন কৰে। ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত ১৫ কোটি টকা ব্যয়সাপেক্ষ এই প্রকল্পকেইটা নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়াম, কালাপাহাৰ, ফটাশিল, কলনী বজাৰৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বিকল্প পথেৰে যাতায়াত কৰা যানবাহন আৰু যাত্ৰীৰ সুবিধা হ'ব। তদুপৰি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত ক্রিকেট খেলৰ ...

March 7, 2025 8:59 PM

views 71

হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অধীনত ৰাজ্যত বৰ্তমান ৩৩৯ খন চৰকাৰী ৰেচম পাম আছেঃ উৰ্খাও গৌড়া ব্ৰহ্ম

হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অধীনত ৰাজ্যত বৰ্তমান ৩৩৯ খন চৰকাৰী ৰেচম পাম আছে। বিধানসভাত আজি হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে, বর্তমান চৰকাৰী খণ্ডৰ সাধাৰণ এলেকাৰ ভিতৰত ২০৩ খন আৰু বিটিচি, কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত ১৩৬ খন ৰেচম পাম৷ ইয়াৰে ১২১ খন হৈছে এড়ি পাম, ৮৬ খন মুগা পাম, ১২৭ খন পাৰ্ট-পলু পাম আৰু ৫ খন টছৰ পাম আছে। ৰাজ্যৰ ৫৩৬.১৫ হেক্টৰ অব্যৱহৃত ম...

March 7, 2025 8:40 PM

views 69

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদত নাৰী দিৱসৰ বিশেষ অনুষ্ঠান

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ কুমাৰ ভাটনাগৰৰ উদ্যোগত আজি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদত নাৰী দিৱসৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ গুৱাহাটীত অৱস্থিত কাৰ্যালয়সমূহৰ সমূহ মহিলা কৰ্মচাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মহিলা কৰ্মচাৰীসকলে তেওঁলোকৰ পৰম্পৰাগত পোচাক পৰিধান কৰি অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি অতিৰিক্ত সঞ্চালক প্রধান শ্ৰীভাটনাগৰে নাৰীশক্তিক দেশৰ প্ৰগতিৰ অন্যতম চালিকা শক...

March 7, 2025 8:30 PM

views 53

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈ সন্মানীয় গোপাল আতা বঁটা বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰৰ

বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈ সন্মানীয় গোপাল আতা বঁটা আগবঢ়াইছে। আজি এখন সংবাদমেলযোগে এই কথা সদৰি কৰি সত্ৰ পৰিচালনা সমিতিয়ে কয়, যে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা গুৰুত্বৰ বাবেই তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও সমিতিয়ে প্ৰকাশ কৰে। সমাগত দৌল উৎসৱৰ সময়ছোৱাত অহা ১৪ বা ১৫ মাৰ্চত মুখ্যমন্ত্ৰী ড° শৰ্মাই সত্ৰলৈ আহি নিজ হাতে এই বঁটা গ্ৰহণ কৰিব বুলি সত্ৰ পৰিচালনা সমিতিয়ে জানিবলৈ ...

March 7, 2025 8:28 PM

views 30

ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ত সপ্তাহজোৰা ছাত্ৰীসকলৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ মহিলা অধ্যয়ন কোষৰ উদ্যোগত আয়োজিত সপ্তাহজোৰা ছাত্ৰীসকলৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে। মহাবিদ্যালয়খনৰ ৮০ গৰাকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত ছাত্ৰীসকলক আত্মৰক্ষাৰ বিভিন্ন কৌশল শিকোৱা হয় । আজি মহাবিদ্যালয়খনৰ মুকলি মঞ্চত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

March 7, 2025 8:26 PM

views 48

এছ অ পি ডি আঁচনিৰ অধীনত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়গৃহৰ উদ্বোধন

  চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি এছ অ পি ডি আঁচনিৰ অধীনত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱ নিৰ্মিত কাৰ্যালয়গৃহৰ উদ্বোধন কৰা হয়। কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে এই কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত চিৰাং জিলাৰ আয়ুক্ত যতীন বৰা, বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক ফণিধৰ ব্ৰহ্মসহ অন্যান্য বিষয়াসকল উপস্থিত থাকে। ইপিনে, জিলা কৃষি বিভাগৰ কাৰ্যালয় চৌহদত কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)ৰ অধীনত জিলা কৃষি বিভাগৰ উদ্যো...

March 7, 2025 5:48 PM

views 40

‘অনাৰেৰী অৰ্ডাৰ অব্ ফ্ৰীদম অব্ বার্বাডোছ পুৰস্কাৰ’- বার্বাডোছৰ জনসাধাৰণলৈ প্রধানমন্ত্ৰী মোদীৰ কৃতজ্ঞতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰদান কৰা অনাৰেৰী অৰ্ডাৰ অব্ ফ্ৰীদম অব্ বার্বাডোছ পুৰস্কাৰৰ বাবে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে তেওঁ লাভ কৰা এই পুৰস্কাৰটো ১৪০ কোটি ভাৰতীয় নাগৰিকৰ প্ৰতি আৰু ভাৰত আৰু বাৰ্বাদোছৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ নামত উৎসৰ্গা কৰে। উল্লেখযোগ্য যে কোভিড-১৯ মহামাৰীৰ সময়ত দিয়া সুদক্ষ নেতৃত্ব আৰু গোলকীয় সহযোগিতাৰ বাবে শ্ৰী মোদীক এই সন্মানীয় পুৰস্কাৰ প্ৰদান কৰা হৈছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৰি...

March 6, 2025 11:55 AM

views 121

কালিৰে পৰা মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰা-ছিগা বিহু উদযাপন

● ৰাজ্যৰ মিচিং জনগোষ্ঠী বসতিপ্রধান বিভিন্ন অঞ্চলত কালিৰে পৰা জনগোষ্ঠীটোৰ অন্যতম কৃষিভিত্তিক উৎসৱ পঃৰাগ বা নৰা-ছিগা বিহু উদযাপন কৰা হৈছে। ধেমাজি জিলাৰ জোনাইৰ অৰুণাচল সীমান্তৰ পুৰণা জেলমগাঁৱত কালিৰেপৰা তিনিদিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত কৰা হৈছে। উল্লেখযোগ্য যে জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুসৰি সৃষ্টিকর্তা, মাতৃ, পৃথিৱী তথা পূৰ্বপুৰুষক তুষ্ট কৰাৰ বাবে এই উৎসৱ পালন কৰি আহিছে। ডেকা-গাভৰুসকলৰ নেতৃত্বত আয়োজন কৰা এই উৎসৱলৈ দূৰণিলৈ বিয়া হৈ যোৱা জীয়ৰীসকলৰ লগতে জোঁৱাইসকলকো নিমন্ত্ৰণ কৰি আদৰণি জনোৱা হয়। স...