September 12, 2026 11:39 AM

views 13

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি ‘জুবিন গাৰ্গৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা’ বিষয়ক আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ‘দৃষ্টিপাত' অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘জুবিন গাৰ্গৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা' বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শ‍ইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্রাফ্‌টৰ প্ৰতিষ্ঠাপক ভাস্কৰজ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিণ্টী ৰাণী ডেকাই।

September 4, 2026 5:21 PM

views 10

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক তথা লেখক ড০ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিণ্টী ৰাণী ডেকাই।

January 9, 2026 12:45 PM

views 43

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত’ শীর্ষক বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মহিলা সৱলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত' শীর্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্র কমল কুমাৰ মেধিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিণ্টী ৰাণী ডেকাই। অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী পাৰবিন হুছেইন।

January 1, 2026 1:17 PM

views 38

আকাশবাণী গুৱাহাটীৰ শনিবাৰে নিশা ৮.০২ বজাৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত আলোচনা

আকাশবাণী গুৱাহাটীৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্রকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূর্যকান্ত হাজৰিকা আৰু লেখক, অনুবাদক মনস্বিনী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

December 19, 2025 12:27 PM

views 38

আকাশবাণী গুৱাহাটীৰ কাইলৈ ‘দৃষ্টিপাত’ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিতকৰণ আঁচনি সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিতকৰণ আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

November 21, 2025 8:34 PM

views 54

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত প্ৰতিযোগিতামূলক পৰীক্ষা সন্দৰ্ভত আলোচনা

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি? বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ কেনে? এনে কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিব এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য আনিছ-উজ জামান, অধিবক্তা তথা সমাজকর্মী কৈলাস চন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী...

November 15, 2025 12:50 PM

views 56

আকাশবাণী গুৱাহাটীৰ শনিবাৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মানসিক চাপ নিয়ন্ত্ৰণৰ নিদান দিব মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে

ৰাজ্যত বিধানসভা নির্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয়-মহাবিদ্যালয়সমূহৰো চূড়ান্ত পৰীক্ষা সমাগত। বর্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনীতিক, পৰীক্ষাৰ্থী, অভিভাৱকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি, সেই বিষয়ে আজি নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। ৰাজ্যখনৰ এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে ষ্টুডিঅ’ত থাকি বিভিন্ন প্রশ্নকর্তাই টেলিফোনযোগে উত্থাপন কৰা সমস্যাৰ নিদান দি...

November 14, 2025 9:55 PM

views 53

আকাশবাণী গুৱাহাটীৰ শনিবাৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মানসিক চাপ নিয়ন্ত্ৰণৰ নিদান দিব মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে

ৰাজ্যত বিধানসভা নির্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয়-মহাবিদ্যালয়সমূহৰো চূড়ান্ত পৰীক্ষা সমাগত। বর্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনীতিক, পৰীক্ষাৰ্থী, অভিভাৱকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পৰি, সেই বিষয়ে কাইলৈ নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ৰাজ্যখনৰ এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে ষ্টুডিঅ'ত থাকি বিভিন্ন প্রশ্নকর্তাই টেলিফোনযোগে উত্থাপন কৰা সমস্যাৰ নিদান দ...

October 23, 2025 9:04 PM

views 47

আকাশবাণী গুৱাহাটীৰ অহা ২৫ অক্টোবৰৰ দৃষ্টিপাত অনুষ্ঠানৰ বিষয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ

১৯৮৫ চনৰ ২৪ মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎ‍সালয়ৰ পুৰণি প্ৰসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅ'লৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ ৷ অহা ২৫ অক্টোবৰৰ নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানৰো বিষয় এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ইয়াত লগ পাব বাতৰি বিভাগৰ জন্ম লগ্নৰ পৰা জড়িত কেইগৰাকীমান বিষয়া-কৰ্মচাৰী আৰু পৰিৱেশ...

October 15, 2025 9:31 PM

views 43

অসমত যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অহা ১৮ অক্টোবৰত বিশেষ ‘দৃষ্টিপাত’

অসমত ৰে’ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰে'ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ১৮ অক্টোবৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্রিদীপ লহকৰ আৰু অসম ৰে’লযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'ল সেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্ব...