আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘জুবিন গাৰ্গৰ সাংগীতিক বৈশিষ্ট্য আৰু বিবিধতা’ বিষয়ক এটি আলোচনা প্ৰচাৰ কৰা হ’ব।
অনুষ্ঠানত ভাগ ল’ব বিশিষ্ট সুৰকাৰ, কণ্ঠশিল্পী, সংগীত পৰিচালক জে পি দাস, লেখক, কবি, সাংস্কৃতিক সমালোচক সমুদ্ৰ কাজল শইকীয়া আৰু আকাশবাণীৰ ঘোষক, গায়ক তথা ভইচ ক্রাফ্টৰ প্ৰতিষ্ঠাপক ভাস্কৰজ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিণ্টী ৰাণী ডেকাই।