ৰাজ্যত বিধানসভা নির্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয়-মহাবিদ্যালয়সমূহৰো চূড়ান্ত পৰীক্ষা সমাগত। বর্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনীতিক, পৰীক্ষাৰ্থী, অভিভাৱকে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি, সেই বিষয়ে আজি নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। ৰাজ্যখনৰ এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে ষ্টুডিঅ’ত থাকি বিভিন্ন প্রশ্নকর্তাই টেলিফোনযোগে উত্থাপন কৰা সমস্যাৰ নিদান দিব। এই অনুষ্ঠানটোৰ পৰিকল্পনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু উপস্থাপন অৰুণিমা গোস্বামীৰ। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হৈছে – ২৬৬১৮৭৬ আৰু ২৬৬২৩২৫।
Assamese | November 15, 2025 12:50 PM | air dristipat
আকাশবাণী গুৱাহাটীৰ শনিবাৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মানসিক চাপ নিয়ন্ত্ৰণৰ নিদান দিব মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে