September 4, 2025 11:15 AM

views 35

ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অসম অলিম্পিক সন্থাৰ ৰাজ্যিক ক্রীড়া দিৱস উদযাপন

■ অসম অলিম্পিক সন্থাই কালি এছিয়ান গেমছত ৰাজ্যৰ প্ৰথম স্বর্ণ পদক বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যিক ক্রীড়া দিৱস উদযাপন কৰে। ১৯৬৬ চনৰ এছিয়ান গেম্‌ছত স্বর্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্রীড়াবিদগৰাকীৰ উত্তৰাধিকাৰক সন্মান জনাই কালি গুৱাহাটীৰ সৰুসজাইত আয়োজন কৰা এটা অনুষ্ঠানত সৰুসজাই ক্রীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হয়৷ অসমৰ ক্ৰীড়াজগতৰ জীৱন্ত কিংবদন্তিস্বৰূপ ক্রীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই অলিম্পিক সন্থাই প্ৰৱৰ্তন কৰা ভোগেশ্বৰ বৰুৱা ক্...

September 3, 2025 7:04 PM

views 37

ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যিক ক্রীড়া দিৱস উদযাপন

অর্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্রীড়া দিৱস উদযাপন কৰা হৈছে। ১৯৬৬ চনৰ এছিয়ান গেমছত স্বর্ণ পদক অর্জনেৰে ইতিহাস ৰচা প্রসিদ্ধ ক্রীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সৰুসজাই ক্রীড়া প্রকল্পক অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প হিচাপে নামকৰণ কৰা হৈছে। এই অনুষ্ঠানতে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ পদক বিজয়ী অসমৰ খেলুৱৈসকলক নিযুক্তি পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়। তদুপৰি ২০২৪-২৫ বৰ্ষৰ ৰা...

September 3, 2024 12:24 PM

views 31

ৰাজ্যজুৰি আজি ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস উদযাপন

ৰাজ্যজুৰি আজি ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰা হৈছে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্রতি বছৰে ৩ ছেপ্তেম্বৰ দিনটোত অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ জজ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হয়। জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা সমূহীয়া দৌৰৰ নেতৃত্ব দিয়ে অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু প্ৰৱীণ খেলুৱৈ তৈয়বুন্নেছাই। খেলুৱৈ দুগৰাকীৰ লগতে ক্রীড়া মন্ত্রী নন্দিতা গার্লোছাই সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে। সমূহীয়া দৌৰত স্কুলীয়া ছাত্ৰ-ছা...

September 1, 2024 7:25 PM

views 34

অভিৰুচী ক্রীড়া দিৱস উপলক্ষে শিৱসাগৰত উজনি অসম-ভিত্তিক সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন

ৰাজ্যত অহা ৩ ছেপ্তেম্বৰত হ'বলগীয়া অভিৰুচী ক্রীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰত ৰংপুৰ জল ক্রীড়া সন্থাই উজনি অসম-ভিত্তিক এখন সাঁতোৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। প্ৰতিযোগিতাত নামৰূপ, তিনিচুকীয়া, দুলীয়াজান, মৰাণ, সাপেখাটী, সোণাৰি, শিৱসাগৰকে ধৰি উজনি অসমৰ ১০টা সাঁতোৰ সন্থাৰ সৰ্বমুঠ ১৯২গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দুগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আৰু কেইবাগৰাকীও প্রাক্তন খেলুৱৈ তথা ক্রীড়া সংগঠকক সম্বৰ্দ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে অর্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰাৰ জন্মদ...

August 27, 2024 7:07 PM

views 56

অহা ৩ ছেপ্তেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি অহা ৩ ছেপ্তেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। এইবাৰৰ ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱসৰ গুৱাহাটীত হ'বলগীয়া কেন্দ্ৰীয় কার্যসূচীত অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আৰু অলিম্পিয়ান হকী খেলুৱৈ অনুৰাধা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। গুৱাহাটী অহা ৩ আৰু ৪ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। ইয়াৰে ৩ ছেপ্তেম্বৰত লাভলীনা বৰগোহাঁই আৰু ৪ ছেপ্তেম্বৰত অনুৰাধা দেৱীয়ে কেন্দ্ৰীয় কাৰ্যসূচী...