August 27, 2024 7:07 PM | Abhiruchi sports day

printer

অহা ৩ ছেপ্তেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি অহা ৩ ছেপ্তেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ’ব। এইবাৰৰ ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱসৰ গুৱাহাটীত হ’বলগীয়া কেন্দ্ৰীয় কার্যসূচীত অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আৰু অলিম্পিয়ান হকী খেলুৱৈ অনুৰাধা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। গুৱাহাটী অহা ৩ আৰু ৪ ছেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ’ব। ইয়াৰে ৩ ছেপ্তেম্বৰত লাভলীনা বৰগোহাঁই আৰু ৪ ছেপ্তেম্বৰত অনুৰাধা দেৱীয়ে কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে সমূহীয়া দৌৰৰ লগতে ক্রীড়া কুইজ, নৃত্য প্রতিযোগিতা অনুষ্ঠিত হ’ব।