অর্জুন বঁটাৰে সন্মানিত প্ৰথম অসমীয়া ক্রীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্রীড়া দিৱস পালন কৰা হয়। ১৯৬৬ চনৰ এছিয়ান গেম্ছত স্বর্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্রীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।
এই উপলক্ষে গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ৪৩ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পুৱা সামুহিক দৌৰ অনুষ্ঠিত হয়। ক্রীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেছা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সামুহিক দৌৰত অংশগ্ৰহণ কৰে।
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে আজি শিৱসাগৰৰ জয়সাগৰস্থিত বাসগৃহত উপস্থিত হৈ খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায়। শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে খেলুৱৈগৰাকীৰ পদচিহ্ন সংগ্ৰহ কৰে। ৰাজ্য চৰকাৰে জন্মদিন উপলক্ষে ভোগেশ্বৰ বৰুৱালৈ ১ লাখ টকাৰ চেক আগবঢ়ায়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী বৰুৱাই কয়, যে আমি সকলোৱে মিলি নতুন প্ৰজন্মক আগুৱাই নিব লাগিব ।
অভিৰুচি ক্রীড়া দিৱসৰ দ্বিতীয় দিনা, নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত কাইলৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে বিয়লি চাৰে ৫ বজাত খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক সম্বৰ্ধনা জনোৱা হ’ব।