October 21, 2026 11:28 AM
20
এছিয়ান পেৰা গেমছত ৫টা সোণ লাভেৰে ভাৰতৰ পদক সংখ্যা ৩৫টালৈ বৃদ্ধি
জাপানৰ আইচি-নাগ'য়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ আজি তৃতীয় দিনা ভাৰতীয় এথলীটসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব। কালিৰ দিনটোত ভাৰতৰ ৫টা সোণ লাভেৰে পদকসংখ্যা ৩৫টালৈ বৃদ্ধি পাইছে। এইপর্যন্ত ৯টা সোণ, ১১টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদক অর্জনেৰে ভাৰত পদক তালিকাৰ ষষ্ঠ স্থানত আছে। প্রতিযোগিতাত আজি কম্পাউণ্ড মহিলাৰ ডাবলছ আৰ্চাৰীত ভাৰতৰ শীতল দেৱী আৰু পায়েল নাগ সোণৰ পদক জয়ৰ যুঁজত চীনৰ ঝাও জিং আৰু চু চিউকিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পুৰুষৰ ফাইনেলত শ্যাম সুন্দৰ স্বামী আৰু তুমন কুমাৰ চীনৰ প্ৰতিদ্বন্...