জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে এছিয়ান পেৰা গেমছ ২০২৬ আৰম্ভ হ’ব। পূৰ্বৰ সংস্কৰণৰ অভিলেখসংখ্যক পদক লাভৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে ভাৰত প্রতিযোগিতাত অৱতীৰ্ণ হ’ব।
মহাদেশীয় ক্রীড়া প্রতিযোগিতাখনৰ এই পঞ্চম সংস্কৰণত ৪৫ খন ৰাষ্ট্ৰীয় পেৰালিম্পিক সমিতিৰ প্রায় তিনি হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। অহা ২৪ অক্টোবৰলৈকে চলিবলগীয়া এই প্রতিযোগিতাত ১৮ টা শিতানত খেল অনুষ্ঠিত হ’ব।
আজি নাগোয়াৰ পালোমা মিজুহো ষ্টেডিয়ামত “WABI: We Are Beautiful Individuals” বিষয়বস্তুৰ আধাৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। এই অনুষ্ঠান ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হোৱাৰ কথা। উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই ব্লাইন্ড ফুটবল, পেৰা বেডমিন্টন, পেৰা টেবুল টেনিছ আৰু বচ্চিয়াসহ কেইবাটাও প্রতিযোগিতা অনুষ্ঠিত হ’ব।
পেৰা-বেডমিণ্টন খেলুৱৈ প্রমোদ ভগত আৰু দৌৰবিদ চিমৰন শর্মাই উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলটোক নেতৃত্ব দিব।
ভাৰতে এইবাৰ ১৬৮ গৰাকী খেলুৱৈ আৰু ১১৩ গৰাকী বিষয়া তথা সহায়ক কর্মীকে ধৰি মুঠ ২৮১ জনীয়া দল প্ৰেৰণ কৰিছে। খেলুৱৈসকলৰ ভিতৰত ১১২ গৰাকী পুৰুষ আৰু ৫৬ গৰাকী মহিলা আছে। এই খেলুৱৈসকলে ১১টা শিতানত প্রতিযোগিতাত অৱতীৰ্ণ হ’ব।
ভাৰতীয় দলটোত জেভলিন খেলুৱৈ সুমিত এন্টিল, পেৰা-বেডমিন্টন খেলুৱৈ প্রমোদ ভগত, পেৰা-শুটাৰ অৱনী লেখাৰা, পেৰা-ধনুর্বিদ চীতল দেৱী, দৌৰবিদ চিমৰন শৰ্মা আৰু পেৰা-টেবুল টেনিছ খেলুৱৈ ভৱিনা পেটেলকে ধৰি কেইবাগৰাকীও প্রখ্যাত পেৰা-এথলীটক অন্তর্ভুক্ত কৰা হৈছে।
চীনৰ হাংঝৌত ২০২৩ চনত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে ২৯ টা সোণ, ৩১টা ৰূপ আৰু ৫১ টা ব্ৰঞ্জকে ধৰি সৰ্বমুঠ অভিলেখসংখ্যক ১১১টা পদক দখল কৰি সামগ্রিকভাৱে পঞ্চম স্থান লাভকৰিছিল। এই ফলাফলে ২০১৮ চনৰ জাকার্টা সংস্কৰণত ভাৰতে অৰ্জন কৰা ৭২টা পদকৰ অভিলেখ ভংগ কৰিছিল।