এছিয়ান পেৰা গেমছত ৫টা সোণ লাভেৰে ভাৰতৰ পদক সংখ্যা ৩৫টালৈ বৃদ্ধি

জাপানৰ আইচি-নাগ’য়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ আজি তৃতীয় দিনা ভাৰতীয় এথলীটসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে চেষ্টা চলাব। কালিৰ দিনটোত ভাৰতৰ ৫টা সোণ লাভেৰে পদকসংখ্যা ৩৫টালৈ বৃদ্ধি পাইছে। এইপর্যন্ত ৯টা সোণ, ১১টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদক অর্জনেৰে ভাৰত পদক তালিকাৰ ষষ্ঠ স্থানত আছে।

প্রতিযোগিতাত আজি কম্পাউণ্ড মহিলাৰ ডাবলছ আৰ্চাৰীত ভাৰতৰ শীতল দেৱী আৰু পায়েল নাগ সোণৰ পদক জয়ৰ যুঁজত চীনৰ ঝাও জিং আৰু চু চিউকিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। একেদৰে পুৰুষৰ ফাইনেলত শ্যাম সুন্দৰ স্বামী আৰু তুমন কুমাৰ চীনৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ’ব।

ভাৰতীয় এথলীটসকলে আজি পেৰা এথলেটিকছ, পেৰা সাঁতোৰ, পেৰা পাৱাৰ লিফটিং, পেৰা চাইক্লিডকে ধৰি বিভিন্ন শিতানত প্রতিযোগিতাত অবতীর্ণ হ’ব।

উল্লেখযোগ্য যে পুৰুষৰ ডিচকাচ থ্ৰ’ত ভাৰতৰ দেৱেন্দৰ কুমাৰ, প্ৰণৱ দুৰ্মাই সোণৰ পদক তথা ৰাম ৰতন সিং আৰু ৰাকেশে ৰূপৰ পদক লাভ কৰাৰ লগতে প্ৰদীপ কুমাৰে ব্ৰঞ্জৰ পদক অর্জন কৰিছে।

পুৰুষৰ হাই জাম্পৰ T-47 শিতানত নিশাদ কুমাৰে সোণৰ পদক লাভ কৰে। এথলীট দীপ্তি জীবনজীয়ে ৪০০ মিটাৰ T-20 শিতানত সোণৰ পদক অর্জন কৰে। পাৱাৰ লিফটিঙত পুৰুষৰ ৬৫ কিলোগ্রাম শিতানত অশোকে ৰূপৰ পদক অর্জন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।