July 26, 2024 7:56 PM | T-20 cricket

printer

ভাৰতীয় মহিলা ক্ৰিকেট দল এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলে প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰে। খেলখনত বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ৮০ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১১ অভাৰত এটাও উইকেট নেহেৰুওৱাকৈ ৮৩ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। ছেমিফাইনেলৰ আনখন খেল ক্ষন্তেক সময়ৰ পাছতে শ্রীলংকা আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে সন্ধিয়া সাত বজাত ভাৰত আৰু আনখন ছেমিফাইনেলত বিজয়ী দল দুটাৰ মাজত অনুষ্ঠিত হ’ব।